মঙলবাৰে মিউনিখত খোদিত হ’ল আন এক ইতিহাস ৷ ফ্ৰান্সক ২-১ গ’লত পৰাস্ত কৰি স্পেইনে পুনৰ ইউৰো ২০২৪ৰ ফাইনেলত প্ৰৱেশ কৰিছে ৷ ১৬ বছৰীয়া লেমিন ইয়ামালৰ গ’লেৰে ফাইনেলত স্থান নিশ্চিত কৰিলে স্পেইনে ৷ লেমিন প্ৰতিযোগিতাখনৰ এতিয়ালৈকে আটাইটকৈ কণিষ্ঠ গ’লদাতা হিচাপে পৰিগণিত হয়।
তিনিবাৰৰ চেম্পিয়ন স্পেইনে ইউৰোত ছয়খন খেলত জয়লাভ কৰা প্ৰথমটো দল হিচাপে পৰিগণিত হৈছে ৷ইপিনে কাইলিয়ান এমবাপেৰ দৰে ফুটবলাৰ থকাৰ পাছতো ফ্ৰান্সে ফাইনেলত প্ৰৱেশ কৰিব নোৱৱাৰিলে ৷
আজি অনুষ্ঠিত হ’ব ইউৰোৰ দ্বিতীয়খন ছেমি ৷ য’ত মুখামুখি হ’ব নেদাৰলেণ্ডছ আৰু ইংলেণ্ড ৷ এই খেলখনত যিটো দলে জয়লাভ কৰিব তাৰ বিৰুদ্ধে ফাইনেল খেলিব স্পেইনে ৷
উল্লেখ্য যে কালি অনুষ্ঠিত খেলখনত দৃষ্টি কাঢ়িলে লেমিনে য়ামালে। ইমান দিনে সকলোৱে তেওঁক দুর্দ্দান্ত প্ৰতিভা বুলি অভিহিত কৰিছিল। স্পেইনৰ বিস্ময় বালকে দেখুৱাই দিলে যে তেওঁ কেৱল প্ৰতিভা হৈ থাকিবলৈ অহা নাই ৷ আহিছে ফুটবলৰ বিশ্বত নিজৰ আন এক যুগৰ সৃষ্টি কৰিবলৈ ৷ কাইলিয়ান এমবাপেৰ ফ্ৰান্সে ছেমি ফাইনেল এৰিবলগীয়া হৈছিল। অৱশ্যে ইউৰোত প্ৰথমবাৰৰ বাবে ফৰ্মত দেখা গ’ল এমবাপেক। স্পেইনৰ বিৰুদ্ধে যি খেল খেলিছিল তাৰ বাবেই তেওঁ শিৰ ওপৰলৈ কৰি খেলপথাৰ এৰিলে এমবাপেই ৷