কোপাৰ ছেমিত অঘটন ৷ কলম্বিয়াই ১৫ বাৰৰ চেম্পিয়ন উৰুগুৱেক পৰাস্ত কৰে। আৰ্জেণ্টিনাৰ বিৰুদ্ধে ফাইনেল খেলিব কলম্বিয়াই ৷ ছেমি ফাইনেলত উৰুগুৱেক ১-০ গ’লত পৰাস্ত কৰে কলম্বিয়াই।
প্ৰথমাৰ্ধত কলম্বিয়াই ১-০ গ’লত অগ্ৰগতি লয় ৷ জেফাৰচন লেৰ্মাই গ’ল দিয়ে। তেওঁক সহায় কৰিছিল জেমছ ৰড্ৰিগেজে। এই প্ৰতিযোগিতাত তেওঁ ষষ্ঠবাৰৰ বাবে গ’ল দিয়াত সহায় কৰিছিল।
উৰুগুৱেই শেষবাৰৰ বাবে ২০১১ চনত কোপা জয় কৰিছিল। সেই বছৰ ফাইনেলত লুইছ ছুৱেৰেজে গ’ল দিছিল। কলম্বিয়াই সমগ্ৰ দ্বিতীয়াৰ্ধ ১০ জনীয়া সৈতে খেলিবলগীয়া হৈছিল। প্ৰথমাৰ্ধৰ একেবাৰে শেষত কলম্বিয়াৰ ডেনিয়েল মুনোজক ৰেড কার্ড দিয়ে ১০ জন সদস্যৰে কলম্বিয়া খেলাৰ পিছতো উৰুগুৱেই গ’লটো ঘূৰাই দিব নোৱাৰিলে।
ব্ৰাজিলক পৰাস্ত কৰি উৰুগুৱে ছেমি ফাইনেলত প্ৰৱেশ কৰে। কোপা ফাইনেলত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছিল দলটোৰ । কিন্তু কলম্বিয়াৰ বিৰুদ্ধে পৰাস্ত হয়। ফলত কলম্বিয়াই আৰ্জেণ্টিনাৰ বিৰুদ্ধে খেলিব লাগিব। ইতিমধ্যে লিয়নেল মেছিৰ দলটোৱে ফাইনেলত প্ৰৱেশ কৰিছে। সেই মেচখন অনুষ্ঠিত হ’ব অহা সোমবাৰে পুৱা।