ইউৰো কাপৰ ফাইনেল স্পেইনৰ বিৰুদ্ধে খেলিব ইংলেণ্ড। ইংলেণ্ড দলৰ যুৱ ফুটবলাৰজন হৈছে ফিল ফডেন। ভাৰতত অনুষ্ঠিত ১৭ বছৰ অনুৰ্ধ বিশ্বকাপত খেলা ইংৰাজ ফুটবলাৰগৰাকীয়ে দেশৰ হৈ ১১ নম্বৰৰ জাৰ্চি পিন্ধিছিল। কিন্তু তেওঁ নিজৰ ক্লাব মানচেষ্টাৰ চিটিৰ হৈ খেলি থকাৰ সময়ত ৪৭ নম্বৰৰ জাৰ্চি পিন্ধে। ফডেনৰ এই বিশেষ সংখ্যক জাৰ্চি পছন্দ কিয়?
ইউৰো কাপৰ ছেমি ফাইনেলত নেদাৰলেণ্ডক ২-১ গ’লত পৰাস্ত কৰি ইংলেণ্ডে ফাইনেলত প্ৰৱেশ কৰে। ফডেনে প্ৰিমিয়াৰ লীগৰ বছৰৰ শ্ৰেষ্ঠ ফুটবলাৰ বঁটা লাভ কৰে। ২৪ বছৰীয়া ফুটবলাৰগৰাকীয়ে ৪৭ নম্বৰৰ জাৰ্চি পিন্ধি মানচেষ্টাৰ চিটিৰ হৈ খেলে। চেম্পিয়নছ লীগ বিজয়ী মিডফিল্ডাৰগৰাকীয়ে তেওঁ কিয় এই বিশেষ নম্বৰৰ জাৰ্চি পিন্ধে সেয়া প্ৰকাশ কৰিছে ।
২০১৭ চনত মানচেষ্টাৰ চিটিত যোগদান কৰিছিল ফ’ডেনে। তেতিয়া তেওঁৰ বয়স আছিল ১৭ বছৰ। ফডেনে কয় “ প্ৰথমতে নিজাববীয়াকৈ নম্বৰ বাছি লোৱাৰ বিশেষ সুযোগ নাছিল। প্ৰথম সুযোগ পোৱাৰ সময়ত মোলৈ মাত্ৰ কেইটামান নম্বৰহে পঠিওৱা হৈছিল। তাৰ পৰাই বাছি ল’বলগীয়া হৈছিল ৷ ৪৭ৰ বাহিৰে কোনো নম্বৰৰ লগত মোৰ কোনো সম্পৰ্ক নাছিল।”
৪৭ নম্বৰটো ফডেনৰ বাবে বিশেষ। এই নম্বৰৰ সৈতে ককাৰ স্মৃতি জড়িত হৈ হৈছে। ফডেনে কয় -মোৰ ককাৰ মৃত্যু হৈছিল মাত্ৰ ৪৭ বছৰ বয়সতে। আমি তেওঁক খুব কম বয়সতে হেৰুৱালোঁ। মোক ৱেলছলৈ লৈ যোৱাৰ কথা এতিয়াও মনত আছে। দেউতাৰ পৰা শুনিছিলো ককাই মোৰ লগত ফুটবল খেলি ভাল পাইছিল। সেইবাবেই মই ৪৭ নম্বৰৰ জাৰ্চি পিন্ধো। এই সিদ্ধান্তত মোৰ দেউতাও বৰ সুখী।”
ফডেনৰ ৪৭ নম্বৰটোও টেটু কৰা হৈছে। তেওঁ ক’লে, “মইও সেই নম্বৰটো টেটু কৰিলোঁ। আৰু মই এই নম্বৰটো সলনি নকৰো। এই নম্বৰটো কোনেও পিন্ধিব নিবিচাৰে। মই বিচাৰো যে খেল এৰিলেও এই ৪৭ নম্বৰৰ জাৰ্চিটোৰ সৈতে মানচেষ্টাৰ চিটিয়ে যাতে ফিল ফডেনক মনত ৰাখে ।’
২০২১ চনত ফ’ডেনে নিজৰ জাৰ্চি নম্বৰ সলনি কৰাৰ সুযোগ পাইছিল। ছাৰ্জিঅ’ আগুৱেৰ’ই ক্লাব এৰি যোৱাৰ পিছত ফ’ডেনে ১০ নম্বৰৰ জাৰ্চি লাভ কৰাৰ সুযোগ পাইছিল। কিন্তু ফ’ডেনে ৪৭ নম্বৰৰ জাৰ্চি এৰি নিদিলে।