জাৰ্মানীৰ বাৰ্লিনত ইংলেণ্ডক পৰাস্ত কৰি ইউৰো চেম্পিয়ন হ’ল স্পেইন। ১২ বছৰৰ পাছত তেওঁলোক পুনৰ ইউৰোপৰ শ্ৰেষ্ঠ দেশ হিচাপে পৰিগণিত হ’ল । স্পেইনে চাৰিবাৰকৈ ইউৰোত জয়লাভ কৰে। আকৌ এবাৰ ফাইনেলত পৰাস্ত হ’ল ইংলেণ্ড। যোৱাবাৰ ঘৰুৱা ক্ষেত্ৰত ইটালীৰ হাতত পৰাস্ত হৈছিল ইংলেণ্ড । এইবাৰ স্পেইনে হেৰী কেনৰ সপোন ভংগ কৰিলে। এতিয়াও তেওঁলোকে ইউৰোৰ প্ৰথম খিতাপৰ বাবে অপেক্ষা কৰিব লাগিব। ইংলেণ্ডে তিনিজন কেন্দ্ৰীয় ডিফেণ্ডাৰৰ সৈতে আৰম্ভণি কৰিছিল যদিও কিছু মিনিটৰ ভিতৰতে ফৰ্মেচন সলনি হৈছিল। স্পেইনৰ অবিৰত আক্ৰমণৰ হেঁচাত ইংলেণ্ডে ডিফেণ্ডাৰৰ সংখ্যা চাৰিজনলৈ বৃদ্ধি কৰে ।
আৰম্ভণিৰে পৰাই স্পেইনে খেলখন নিজৰ নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয় ৷ দুয়ো মূৰৰ পৰাই নিজৰ মাজত সৰু সৰু পাছ খেলি আক্রমণ কৰি আছিল৷ বাওঁফালে উইলিয়ামছ আৰু কুকেৰায়া আৰু সোঁফালে ডানি কাৰ্ভাজাল আৰু ইয়ামালে আক্ৰমণ কঢ়িয়াই নিয়াৰ দায়িত্ব লয়। প্ৰথম ১৫ মিনিটত উইলিয়ামছে দুবাৰকৈ ইংলেণ্ডৰ বক্সত প্ৰৱেশ কৰে। কিন্তু গ’ল দিব নোৱাৰিলে৷ সেই সময়ত ইংলেণ্ড সম্পূৰ্ণৰূপে ডিফেন্সিভত আছিল। বেছিভাগ সময় ইংলেণ্ডৰ হাফত খেলা হৈছিল। স্পেইনৰ সকলো আক্ৰমণ আৰম্ভ হৈছিল ৰড্ৰি আৰু ফেবিয়ান ৰুইজৰ ভৰিৰ পৰা।
দুয়োটা দলে কোনো গ’ল নোহোৱাকৈয়ে বিৰতিলৈ গৈছিল।দ্বিতীয়াৰ্ধৰ ১ মিনিট ১১ ছেকেণ্ড বাকী থকা অৱস্থাত উইলিয়ামছে গ’ল দি স্পেইনক আগুৱাই লৈ যায়। ৭৩ মিনিটৰ পাছত ইংলেণ্ডে সমতা স্থাপন কৰে। ৮৬ মিনিটৰ শেষত স্পেইনে আন এটা গ’লেৰে বিজয় নিশ্চিত কৰে ৷ ইংলেণ্ডে সমতা স্থাপন কৰিবলৈ শেষ সময়ছোৱাত বহু যত্ন কৰে যদিও সেয়া সম্ভৱপৰ হৈ নুঠিল ৷