কোপা আমেৰিকাৰ ফাইনেলত আঘাতপ্ৰাপ্ত হৈছিল মেছি । আঘাতৰ পাছতে তেওঁ কান্দি থকা দৃশ্য ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। লিয়নেল মেছিয়ে আৰু কেইদিনমানৰ বাবে সেই আঘাতৰ পৰা সুস্থ হ’বলৈ অপেক্ষা কৰিব লাগিব ৷ প্ৰাপ্ত তথ্য অনুসৰি মেছিয়ে ক্লাব ইণ্টাৰ মিয়ামিৰ হৈ দুখন মেচ খেলিব নোৱাৰিব। অৱশ্যে মিয়ামীয়ে তেওঁ কেইখন মেচ খেলিব নোৱাৰিব সেই কথা স্পষ্ট কৰা নাই।
কোপাত কলম্বিয়াৰ ফুটবলাৰসকলে মেছিৰ ওপৰত একাধিক ফাউল কৰিছিল। কোপাৰ লগতে চলি আছে আমেৰিকান ক্লাব ফুটবল । মিয়ামীয়েও মেছিৰ অবিহনে কেইবাখনো মেচ খেলিছিল। অৱশ্যে বুধবাৰে টৰন্টো এফ চি আৰু শনিবাৰে চিকাগো ফায়াৰৰ বিৰুদ্ধে খেলিব নোৱাৰিব মেছিয়ে।
প্ৰশিক্ষক জেৰাৰ্ডো মাৰ্টিনোৱে কয় যে মেছিৰ ভৰিৰ গোৰোহাত আৰু কিছু পৰীক্ষা হ’ব। ইয়াৰ পিছত বুজা যাব তেওঁৰ আঘাত কিমান গুৰুতৰ। মিয়ামীয়ে কয় যে মেছিয়ে সোঁ ভৰিৰ গোৰোহাৰ লিগামেণ্টত আঘাত পাইছিল।
কোপা জয় কৰাৰ পিছত ইনষ্টাগ্ৰামত এটা দীঘলীয়া বাৰ্তা দিছিল মেছিয়ে। তেওঁ লিখিছে, “সকলো বাৰ্তা আৰু শুভেচ্ছাৰ বাবে ধন্যবাদ। ভগৱানৰ আশীৰ্বাদত মই ভালেই আছো। আশা কৰিছো সোনকালে খেলপথাৰলৈ উভতি আহিব পাৰিম।” মিয়ামীয়ে ২৩খন খেলৰ ১৪খনত জয় আৰু ৫খন ড্ৰ’ কৰিছে। ইষ্টাৰ্ণ কনফাৰেন্সৰ পইণ্ট ৰেংকিঙত দ্বিতীয় স্থানত আছে মিয়ামী।