গৌতম গম্ভীৰ প্ৰশিক্ষক হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে নিৰ্বাচকক সাক্ষাৎ কৰে। প্ৰথমখন বৈঠকতে তেওঁ অনাগত দিনত ভাৰতীয় দলত হ’বলগীয়া আমূল পৰিৱৰ্তনৰ আভাস দিয়ে। মঙলবাৰে বিয়লি অনুষ্ঠিত হোৱা বৈঠকত ব’ৰ্ডৰ সম্পাদক জয় শ্বাহো উপস্থিত থাকে। দিল্লীৰ বাসগৃহৰ পৰাই এই ভিডিঅ’ কলত যোগদান কৰে গম্ভীৰ। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি অজিত আগৰকাৰে জয় শ্বাহৰ সৈতে দলটোক লৈ কৰা নতুন চিন্তা-চর্চা সম্পর্কে আলোচনা কৰে ৷
মূলতঃ শ্ৰীলংকা ভ্ৰমণৰ কথাই চৰ্চা লাভ কৰে এই বৈঠকত। দলৰ সকলোৱে দায়বদ্ধতাৰে কাম কৰাটো বিচাৰিছে গম্ভীৰে। হাৰ্দিকৰ ঠাইত টি-২০ত সূৰ্য্যকুমাৰ যাদৱে অধিনায়কত্ব লাভ কৰাটো নিশ্চিত। হার্দিকে টি-২০ ছিৰিজত খেলিব। কিন্তু গম্ভীৰৰ ব্যক্তিগত পছন্দ সূৰ্য্য। সেই কথাও তেওঁ জয় শ্বাহ আৰু আগৰকাৰক অৱগত কৰে ৷
জানিব পৰা মতে, গম্ভীৰ আৰু আগৰকাৰে হাৰ্দিকৰ সৈতে এই দায়িত্ব পৰিৱৰ্তন সন্দৰ্ভত কথা পাতিছে। দীৰ্ঘম্যাদী পৰিকল্পনাৰ বিষয়ে আলোচনা কৰা হয়। ভৱিষ্যতে হাৰ্দিকক অধিনায়ক হিচাপে নিযুক্তি দিয়া নহ’ব বুলি কোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। হার্দকে টি-২০ শৃংখলাত খেলিব যদিও এদিনীয়া শৃংখলাৰ পৰা জিৰণি লৈছে। সেই ছিৰিজত ৰোহিত শর্মা ঘূৰি অহাৰ সম্ভাৱনা আছে । পুনৰ ওভতি আহিলে তেওঁ দলটোৰ অধিনায়ক হ’ব।
দলত কেনেধৰণৰ ক্ৰিকেটাৰ বিচাৰে সেই সন্দৰ্ভত গম্ভীৰে কয় , “প্ৰথমে সেইসকল ক্ৰিকেটাৰক নিৰ্বাচন কৰক যিসকলৰ নিৰ্ভীক মনোভাৱ আছে ৷ ৫০ অভাৰৰ ক্ৰিকেটত আমাক সকলো ধৰণৰ ক্ৰিকেটাৰ লাগে। ইনিংছ গঢ়িব পৰা বেটছমেনো লাগে।“ গম্ভীৰে অনুভৱ কৰে যে এদিনীয়া ক্ৰিকেটত নিয়মৰ পৰিৱৰ্তনে ব্যাপক প্ৰভাৱ পেলাইছে।