আজিৰ পৰা আৰম্ভ হ’ব মহিলা এছিয়া কাপ। যোৱাবাৰৰ চেম্পিয়ন ভাৰতে প্ৰথমখন খেলত পাকিস্তানৰ বিৰুদ্ধে খেলিব। মহিলা এছিয়া কাপ এতিয়ালৈকে ৮ বাৰ অনুষ্ঠিত হৈছে। ভাৰতে প্ৰতিবাৰেই ফাইনেল খেলিছে। ২০১৮ চনৰ বাহিৰে প্ৰতিবাৰেই জয়লাভ কৰিছে ভাৰতে। ৭ বাৰৰ চেম্পিয়ন ভাৰতে পাকিস্তানৰ বিৰুদ্ধে দুখন ফাইনেল খেলিছে । আজি সন্ধিয়া ৭ বজাৰ পৰা আজিৰ মেচখন আৰম্ভ হ’ব ৷
এইবাৰ শ্ৰীলংকাত অনুষ্ঠিত হ’ব এছিয়া কাপ। ভাৰত-পাকিস্তানৰ উপৰিও গ্ৰুপ এত নেপাল আৰু সংযুক্ত আৰব আমিৰশ্বাহী অন্তৰ্ভুক্ত হৈছে । আনটো গোটত আছে বাংলাদেশ, মালয়েছিয়া, শ্ৰীলংকা আৰু থাইলেণ্ড। ভাৰতৰ বাহিৰে এছিয়া কাপত জয়ী হৈছে কেৱল বাংলাদেশে। ২০১৮ চনত ভাৰতক পৰাস্ত কৰি এই ট্ৰফী লাভ কৰিছিল বাংলাদেশে। এছিয়া কাপত বছৰ বছৰ ধৰি আধিপত্য বিস্তাৰ কৰাৰ পিছত ভাৰতে টি-২০ বিশ্বকাপৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰিছে। হৰমনপ্ৰীত কৌৰে এছিয়া কাপক ইয়াৰ বাবে প্ৰস্তুতিৰ স্থান হিচাপে বাচি লৈছে ৷
শুকুৰবাৰে ভাৰত-পাকিস্তানৰ খেলখনৰ পূৰ্বে হৰমনপ্ৰীতে কয়, ‘আমাৰ মূল লক্ষ্য হৈছে টি-২০ বিশ্বকাপৰ বাবে প্ৰস্তুতি চলোৱা। এছিয়া কাপ আমাৰ বাবে গুৰুত্বপূৰ্ণ। এছিয়ান পৰ্যায়ত আমি উন্নতি কৰিব বিচাৰো। গতিকে প্ৰতিখন মেচ আমাৰ বাবে গুৰুত্বপূৰ্ণ। আগতে এছিয়া কাপত আমি যিদৰে খেলিছো, এইবাৰো আমি একেদৰেই খেলিব বিচাৰো। আমি ক্ৰিকেট উপভোগ কৰিব বিচাৰো।”
এছিয়া কাপৰ আৰম্ভণি মেচ হ’ব নেপাল বনাম ইউ এ ইৰ খেলৰ জৰিয়তে। দুপৰীয়া ২ বজাৰ পৰা আৰম্ভ হ’ব খেলখন। শুকুৰবাৰে সন্ধিয়া ৭ বজাৰ পৰা ডাম্বুল্লাত আৰম্ভ হ’ব ভাৰত-পাকিস্তানৰ খেলখন। এই খেলখন ষ্টাৰ স্প’ৰ্টছত সম্প্ৰচাৰ হ’ব। যোৱা এবছৰত ভাৰতীয় মহিলা দলে ১৭খন টি-২০ মেচ খেলিছে। ইয়াৰে ১০খনত জয়লাভ কৰে। বিগত এবছৰত পাকিস্তানে ১৯খন খেল খেলিছে। ইয়াৰে ১২ খন মেচত পৰাস্ত হৈছে। শুকুৰবাৰে পাকিস্তানক পৰাস্ত কৰি এছিয়া কাপৰ আৰম্ভণি কৰিব বিচাৰিব হৰমনপ্ৰীতে। স্মৃতি মান্ধনা, শ্বেফালী বাৰ্মাই এই মেচত জয়ী হ’ব বিচাৰিব।