চেম্পিয়নছ ট্ৰফী খেলিবলৈ পাকিস্তানলৈ নাযাবও পাৰে ভাৰত ৷ সেই ক্ষেত্ৰত প্ৰতিযোগিতাখন পাকিস্তানৰ পৰা স্থানান্তৰ হ’ব পাৰে। সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি এই কথা জানিব পৰা গৈছে।
ভাৰতে কিছুদিন পূর্বে টি-২০ বিশ্বকাপ জয় কৰিছে। অহা বছৰ অনুষ্ঠিত হ’ব চেম্পিয়নছ ট্ৰফী। পাকিস্তানত অনুষ্ঠিত হ’ব আই চি চিৰ এই টুৰ্ণামেণ্ট। কিন্তু পাকিস্তানত খেলিবলৈ ইচ্ছুক নহয় ভাৰত । যোৱা বছৰ এছিয়া কাপ খেলিবলৈ পাকিস্তানলৈ যোৱা নাছিল ভাৰতীয় দলটো । অহা বছৰ চেম্পিয়নছ ট্ৰফী খেলিবলৈ ভাৰতীয় দলটোক সন্মতি দিব বুলি আশা কৰিব নোৱাৰিব ৷ যদি ভাৰত নাযায় তেন্তে পাকিস্তানৰ পৰা প্ৰতিযোগিতাখন স্থানান্তৰ হ’ব পাৰে।
পাকিস্তানৰ পৰিৱৰ্তে শ্ৰীলংকা বা ডুবাইয়ে চেম্পিয়নছ ট্ৰফীৰ আয়োজন কৰিব পাৰে। ইয়াৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে কৈছিল যে কেন্দ্ৰীয় চৰকাৰে অনুমতি দিলেহে ভাৰতীয় দলক পাকিস্তানলৈ প্ৰেৰণ কৰা হ’ব। সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি যদি ভাৰত নাযায় তেন্তে ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াও পাকিস্তানলৈ নাহে ৷
ইতিমধ্যে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে চেম্পিয়নছ ট্ৰফীৰ প্ৰস্তাৱিত সূচী আইচিচিত দাখিল কৰিছে। সেই সূচী অনুসৰি অহা বছৰৰ ১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব চেম্পিয়নছ ট্ৰফী। ফাইনেল মেচ অনুষ্ঠিত হ’ব ৫ মাৰ্চ। ভাৰতৰ সকলো মেচ লাহোৰত অনুষ্ঠিত হ’ব । ১ মাৰ্চত ভাৰত-পাকিস্তানৰ খেল অনুষ্ঠিত হোৱাৰ কথা।