যোৱা কেইবছৰমানৰ পৰা জটিল স্নায়ুৰোগ ৰোগত আক্ৰান্ত হৈ আছে জনপ্ৰিয় পপ তাৰকা চেলিন ডিয়ন । তেওঁৰ চিকিৎসা চলি আছে । সূত্ৰ অনুসৰি ‘টাইটানিক’ৰ ‘মাই হাৰ্ট উইল গ’ অন’ৰ বিখ্যাত গায়িকা চেলিন ডিয়নে দীৰ্ঘদিনীয়া বিৰতিৰ অন্তত মঞ্চলৈ ঘূৰি আহিবলৈ ওলাইছে।
প্ৰাপ্ত তথ্য অনুসৰি আগন্তুক পেৰিছ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানত চেলিনে অনুষ্ঠান পৰিৱেশন কৰিব। বৰ্তমান অলিম্পিকৰ বাবে পেৰিছত বাহৰ পাতিছে শিল্পী গৰাকীয়ে । পেৰিছৰ ৰয়েল মনাকো হোটেলৰ সন্মুখত চেলিনক দেখা গৈছে ৷ সেই হোটেলখনত আছে আমেৰিকাৰ পপ তাৰকা লেডী গাগা। উদ্বোধনী অনুষ্ঠানত তেওঁ অনুষ্ঠান পৰিৱেশন কৰিব ৷
এবছৰৰ আগতে জনা গৈছিল যে চেলিন ‘ষ্টিফ পাৰ্চন চিণ্ড্ৰম’ নামৰ এক বিৰল স্নায়ুজনিত ৰোগত আক্ৰান্ত। তেওঁ নিজেই এই কথা প্ৰকাশ কৰিছিল । ফলত তেওঁৰ কেইবাটাও লাইভ কনচাৰ্ট বাতিল কৰিবলগীয়া হয়। হলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে এই ৰোগ ধৰা পৰাৰ পিছৰে পৰা চিকিৎসাধীন হৈ আছিল। ৫৬ বছৰীয়া গায়িকাগৰাকীৰ বিৰল ৰোগৰ প্ৰেক্ষাপটত পৰিচালক এৰিন টেইলৰে নিৰ্মাণ কৰিছিল তথ্যচিত্ৰ আই এম: চেলিন ডিয়ন।
যোৱা এপ্ৰিল মাহত আন্তঃৰাষ্ট্ৰীয় প্ৰেছ সাক্ষাৎকাৰত চেলিনে প্ৰথমে কৈছিল যে তেওঁ পুনৰ উভতি অহাৰ বাবে সাজু হৈছে। আইফেল টাৱাৰ আৰু এবাৰ চাব বিচাৰো বুলিও তেওঁ কয়। ট্ৰ’কাডেৰো পেলেচৰ সন্মুখত অনুষ্ঠিত হ’ব মুকলি অনুষ্ঠান। সেই ঠাইখন আইফেল টাৱাৰৰ ঠিক বিপৰীতে। এতিয়া শিল্পীগৰাকীৰ অগণন অনুৰাগীয়ে জানিবলৈ আগ্ৰহী যে ২৬ জুলাইত অনুষ্ঠিত হ’বলগীয়া অলিম্পিকৰ মুকলি অনুষ্ঠানত চেলিনে গান গাব নেকি?