অহা বছৰ ভাৰতত অনুষ্ঠিত হ’ব এছিয়া কাপ। ইয়াৰ দুবছৰৰ পিছত অৰ্থাৎ ২০২৭ চনত বাংলাদেশে এই প্ৰতিযোগিতা আয়োজন কৰিব। আনহাতে ভাৰতৰ প্ৰতিযোগিতা টি-২০ ফৰ্মেটত হ’ব, বাংলাদেশৰ প্ৰতিযোগিতা ৫০ অভাৰ ফৰ্মেটত অনুষ্ঠিত হ’ব। শেহতীয়াকৈ এই কথা ঘোষণা কৰে এছিয়ান ক্ৰিকেট সন্থা বা এচিচিয়ে।
২০২৬ চনত পুনৰ অনুষ্ঠিত হ’ব টি-২০ বিশ্বকাপ। সেই কথা মনত ৰাখি অহা বছৰ টি-২০ ফৰ্মেটত এছিয়া কাপৰ আয়োজন কৰা হ’ব। আকৌ ২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ কথা মনত ৰাখি এছিয়া কাপ ৫০ অভাৰৰ হ’ব। ভাৰত, বাংলাদেশ, শ্ৰীলংকা, পাকিস্তান, আফগানিস্তান আৰু আন এখন যোগ্যতা অৰ্জন কৰা দেশে দুয়োখন প্ৰতিযোগিতাতে খেলিব। মুঠ ১৩খন খেল অনুষ্ঠিত হ’ব।
মন কৰিবলগীয়া যে ৩৪ বছৰৰ পাছত ভাৰতলৈ ঘূৰি আহিছে এছিয়া কাপ। ভাৰতে এতিয়ালৈকে মাত্ৰ এবাৰহে এছিয়া কাপ আয়োজন কৰিছে। ১৯৯০-৯১ চনত ভাৰতত এছিয়া কাপ অনুষ্ঠিত হৈছিল। যোৱা এছিয়া কাপ হাইব্ৰিড মডেলত অনুষ্ঠিত হৈছিল। ভাৰতে শ্ৰীলংকাত মেচ খেলিছিল। যদিও পাকিস্তান আয়োজক আছিল, ভাৰতে সেই দেশলৈ যাবলৈ অস্বীকাৰ কৰিছিল। ফলত এতিয়া প্ৰশ্ন হয় পাকিস্তানে অহা বছৰ এছিয়া কাপ খেলিবলৈ ভাৰতলৈ আহিব নে নাহে ?
দেওবাৰে শ্ৰীলংকাত মহিলা এছিয়া কাপৰ সামৰণি পৰে। ২০২৬ চনত পুনৰ অনুষ্ঠিত হ’ব মহিলা এছিয়া কাপ। সেয়াও টি২০ ফৰ্মেটত। অৱশ্যে আয়োজক দেশৰ নাম ঘোষণা কৰা হোৱা নাই। ২০২৪-২০২৭ বৰ্ষৰ পৰা প্ৰতি বছৰে অনুষ্ঠিত হ’ব পুৰুষৰ ১৯ বছৰ অনুৰ্ধ এছিয়া কাপ।