অলিম্পিক আৰম্ভ হোৱাৰ আগতে পেৰিছৰ মেয়ৰ হিডালগোৱে চেইন নদীত সাঁতুৰি পানী কিমান নিৰাপদ সেই কথা দেখুৱাইছিল। কিন্তু অলিম্পিক আৰম্ভ হোৱাৰ তিনিদিনৰ ভিতৰতে পৰিস্থিতি সলনি হৈ পৰিল ৷ চেইন নদী এতিয়া ইমানেই প্ৰদূষিত যে পুৰুষৰ ট্ৰাইথলন প্ৰতিযোগিতা পিছুৱাই দিবলৈ বাধ্য হৈছে আয়োজকে ৷
মঙলবাৰে পেৰিছ অলিম্পিকত অনুষ্ঠিত হ’বলগীয়া আছিল পুৰুষৰ ট্ৰাইথলন। কিন্তু বুধবাৰলৈ পিছুৱাই দিয়া হৈছে। একেদিনাই মহিলাৰ প্ৰতিযোগিতাও অনুষ্ঠিত হ’ব। প্ৰতিযোগীসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে। আয়োজকসকলে আশা কৰিছে যে এদিনৰ ভিতৰত জল প্ৰদূষণ কমি যাব। শুকুৰবাৰ আৰু শনিবাৰে হোৱা বৰষুণৰ ফলত চেইন নদীৰ প্ৰদূষণ বৃদ্ধি পায়।
যদিও আয়োজকসকলে প্ৰদূষণ হ্ৰাস কৰাৰ আশা কৰিছে, তথাপিও পানীৰ গুণাগুণক লৈ বিশ্ব ট্ৰাইথলন সংস্থা সুখী নহয়। ৰয়টাৰ্ছ সংবাদ সংস্থাৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এজন বিষয়াই কয়, ‘কিছুমান ঠাইত পানী পৰিষ্কাৰ হ’লেও প্ৰতিযোগীসকলে সাঁতুৰিব পৰা ঠাইখনৰ মান ভাল নহয়। এতিয়াও প্ৰদূষণ আছে।” বুধবাৰৰ ভিতৰত যদি পৰিস্থিতি সলনি নহয় তেন্তে শুকুৰবাৰে এই অনুষ্ঠান অনুষ্ঠিত হ’ব পাৰে বুলি খবৰ ওলাইছে। যদি এতিয়াও প্ৰদূষণ কমি নাযায় তেন্তে সাঁতোৰ নিষিদ্ধ কৰা হ’ব। ট্ৰাইথলন হৈছে তিনিটা খেলৰ সংমিশ্ৰণ। সাঁতোৰ বাদ দি ডুৱেথলন কৰা হ’ব এই প্ৰতিযোগিতা।
উল্লেখ্য যে জুন মাহৰ আৰম্ভণিৰ পৰা প্ৰতিদিনে নদীখনৰ পানীৰ গুণাগুণ পৰীক্ষা কৰি আহিছে। জল প্ৰদূষণৰ মাত্ৰা জোখা হৈছে । ২০১৫ চনৰ পৰা ফ্ৰান্স চৰকাৰে চেইন নদীৰ বিশুদ্ধিকৰণৰ কাম আৰম্ভ কৰিছে। নদীভিত্তিক কেইবাটাও প্ৰকল্পও আৰম্ভ কৰা হৈছিল। মুঠ ১.৫ বিলিয়ন ডলাৰ (প্ৰায় ১১,২৫০ কোটি টকা) ব্যয় কৰা হৈছিল। পেৰিছ চহৰৰ মাজভাগত এটা বিশাল ভূগৰ্ভস্থ জলাশয় নিৰ্মাণ কৰা হৈছে। মহানগৰীৰ নলা-নৰ্দমা ব্যৱস্থাৰ পৰিৱৰ্তন আৰু বিভিন্ন কামত ব্যৱহাৰ কৰা পানীৰ বিশুদ্ধকৰণৰ ক্ষেত্ৰত উন্নতি সাধন কৰা হৈছে। কিন্তু বৰষুণে সকলো কষ্টৰ ওপৰত পানী ঢালি দিলে।