আমিৰ খানে অৱসৰ ল’ব নেকি ? ইতিমধ্যে অভিনয়ৰ পৰা নিজকে আঁতৰাই ৰাখিছে অভিনেতা গৰাকীয়ে । এইবাৰ পুত্ৰ জুনাইদ খানক সকলো দায়িত্ব দি প্ৰডাকচন কোম্পানীৰ পৰা অৱসৰ ল’ব বিচাৰিছে নেকি আমিৰে ? কিছুদিন পূৰ্বে মুক্তি লাভ কৰিছিল জুনাইদৰ ছবি ‘মহাৰাজ’। সেই ছবিখনত তেওঁৰ অভিনয়ৰ শলাগ লোৱা হৈছিল। ইয়াৰ পিছত বলীউডৰ তাৰকাগৰাকীয়ে পুত্ৰৰ হাতত প্ৰডাকচন কোম্পানীটোৰ দায়িত্ব অর্পন কৰে ৷
জুনাইদে কেৰিয়াৰৰ আৰম্ভণিৰে পৰা প্ৰডাকচন কোম্পানীত কাম কৰিছিল। শেহতীয়াকৈ সংবাদ মাধ্যমৰ এক সাক্ষাৎকাৰত জুনাইদক এই বিষয়ে সোধা হৈছিল। তেওঁ কয়, ‘মই কেমেৰাৰ আঁৰত কাম কৰিছিলো। মই সদায় ‘পি কে’ৰ শ্বুটিং চেটত আছিলো। সকলো বাণিজ্যিক ছবিতে সহযোগী পৰিচালক হিচাপেও কাম কৰিছিলোঁ। ‘মহাৰাজ’ৰ শ্বুটিং সম্পূৰ্ণ হোৱাৰ পিছত আমিৰ খানৰ প্ৰডাকচন কোম্পানীয়ে এখন ছবিৰ কাম কৰি আছিল।”
সেই সময়ত প্ৰডাকচন কোম্পানীটো পৰিচালনা কৰিবলৈ কোনো নাছিল, কাৰণ কিৰণ ৰাও তেওঁৰ ছবি ‘লাপাটা লেডিজ’ৰ শ্বুটিঙত ব্যস্ত আছিল। আনহাতে আমিৰেও অৱসৰৰ কথা ভাবি আছিল বুলি জুনাইদে প্ৰকাশ কৰে । তেওঁ কয় -, “সেই সময়ত কিৰণ তেওঁৰ ছবি ‘লাপাটা লেডী’ত ব্যস্ত আছিল। আৰু দেউতাই আকৌ অৱসৰ লোৱাৰ কথা ভাবি আছিল।”
জুনাইদে অভিনয় যাত্ৰা আৰম্ভ কৰিছিল ‘মহাৰাজ’ চিনেমাৰ পৰা। অৱশ্যে অভিনেতাগৰাকীয়ে কয় যে আমিৰ বা ৰীনা দত্তৰ কোনো ভয় বা উত্তেজনা নাছিল প্ৰথমখন ছবিক লৈ।