অলিম্পিকৰ এথলেটিকছত ভাৰতৰ সফলতা অতি কম। তাৰ মাজতে অবিনাশ ছাবলে ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছে । তেওঁ ৩০০০ মিটাৰ ষ্টীপলচেছৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হয়।
সোমবাৰে অবিনাশে ফাইনেলৰ কোৱালিফাইং ৰাউণ্ডত দৌৰিছিল। তাত প্ৰতিখন হিটৰ পৰা প্ৰথম পাঁচজনে পোনপটীয়াকৈ ফাইনেললৈ যোগ্যতা অৰ্জন কৰে। অবিনাশে পাঁচ নম্বৰ স্থানত অন্ত পেলায়। ৩০০০ মিটাৰ ষ্টীপলচেজৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ ৮ মিনিট ১৫.৪৩ ছেকেণ্ড সময় লাগিছিল।
দৌৰৰ আৰম্ভণিতে সকলোতকৈ আগত আছিল অবিনাশ। বাকীবোৰতকৈ তেওঁ প্ৰায় ৪০০ মিটাৰ আগবাঢ়ি আছিল। কিন্তু শেষত চাৰিজন খেলুৱৈয়ে তেওঁক অতিক্ৰম কৰিলে। দৌৰৰ অন্তত অবিনাশে কয়, “শেষৰ ফালে মই উশাহ ল’বলৈ হাঁহাকাৰ কৰি আছিলো। মই জানো, প্ৰথম পাঁচটাত থাকিলেহে প্ৰত্যক্ষ অৰ্হতা লাভ কৰিব পাৰিম। ফাইনেলত মই মোৰ সকলোখিনি দিম।”
টকিঅ’ অলিম্পিকত অবিনাশে ফাইনেলত প্ৰৱেশ কৰিব পৰা নাছিল ৷ কোৱালিফাইং ৰাউণ্ডত তেওঁ সপ্তম স্থান দখল কৰে। এই অলিম্পিকত অবিনাশে বহু উন্নতি কৰিছে। ভাৰতীয় খেলুৱৈগৰাকীৰ লক্ষ্য হৈছে ফাইনেলতো ভাল প্ৰদৰ্শন কৰা।