ইউ এছ অ’পেনত সংঘটিত হৈছে এটাৰ পাছত আন এটা অঘটন । একেৰাহে পৰাজয়ৰ মুখ দেখিলে দুই খ্যাতনামা তাৰকাই ।ইউ এছ অ’পেনৰ দ্বিতীয় ৰাউণ্ডত পৰাস্ত হয় কাৰ্লোছ আলকাৰাজ। শনিবাৰে তৃতীয় ৰাউণ্ডত সমাপ্ত হয় ন’ভাক জ’কভিচৰ যাত্ৰা। ২৪টা গ্ৰেণ্ড শ্লেমৰ অধিকাৰী আলকাৰাজক পপিৰিনে পৰাস্ত কৰে। ৬-৪, ৬-৪, ২-৬, ৬-৪ ছেটত জয়ী হয় পপিৰিন।
শনিবাৰে জ’কভিচক পৰাস্ত কৰে পপিৰিনে ৷ ইউ এছ অ’পেনত জ’কভিচক পৰাস্ত কৰা প’পেৰিনে কয় – “অষ্ট্ৰেলিয়ান অ’পেন আৰু উইম্বলডনত যুঁজ হৈছিল। সেই মেচবোৰতো মই সুযোগ পাইছিলোঁ। কিন্তু ব্যৱহাৰ কৰিব নোৱাৰিলে। এই মেচখন আছিল বেলেগ। এই মেচখনত মই সুযোগ ব্যৱহাৰ কৰিবলৈ সক্ষম হৈছিলো।”
শনিবাৰে পপিৰিনে নিজৰ কেৰিয়াৰৰ অন্যতম শ্ৰেষ্ঠ জয় লাভ কৰে। তেওঁ কয়, ‘মই কমেও ১৫ বাৰ গ্ৰেণ্ড শ্লেমৰ তৃতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছো। কিন্তু কেতিয়াও জয়ী হোৱা নাছিল। প্ৰথমবাৰৰ বাবে জয়ী হ’লো। সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ টেনিছ খেলুৱৈকো পৰাস্ত কৰিলো। এয়া অবিশ্বাস্য । কঠোৰ পৰিশ্ৰমৰ ফল লাভ কৰলো।” জ’কভিচৰ বিৰুদ্ধে চাৰিবাৰৰ বাবে পপিৰিনৰ এইটোৱেই আছিল প্ৰথম জয়।
২৫ সংখ্যক গ্ৰেণ্ড শ্লেমৰ লক্ষ্যৰে ইউ এছ অ’পেনত প্ৰৱেশ কৰিছিল জ’কভিচে। কিন্তু ইয়াৰ বাবে ছাৰ্বিয়াৰ টেনিছ তাৰকাগৰাকীৰ বাবে অপেক্ষা কৰিব লাগিব। চলিত বৰ্ষত অলিম্পিকত সোণৰ পদক লাভ কৰাৰ পিছতো জ’কভিচে এতিয়াও গ্ৰেণ্ড শ্লেম লাভ কৰিব পৰা নাই।