আই আই টি দিল্লীৰ গৱেষকৰ এটা দলে উদ্ভাৱন কৰি উলিয়াইছে এক নতুন যন্ত্ৰ যাৰ নাম হৈছে “Liquid-solid Interface Triboelectric Nanogenerator” । এই যন্ত্ৰই “Triboelectric Effect” আৰু “Electrostatic Induction” নামৰ দুবিধ প্ৰভাৱৰ সহায়ত পানীৰ টোপাল, পানীৰ সোঁত , বৰষুণৰ টোপালৰ আৰু সাগৰৰ পৰা বিদ্যুৎ শক্তি উৎপাদন কৰিব পাৰে।
দিল্লীৰ আই আই টিৰ মতে যন্ত্ৰটোৰ গঠন তেনেই সাধাৰণ , য’ত “nanocomposite polymers” আৰু “contact electrodes” আছে। উল্লেখ্য যে যন্ত্ৰটোৰ দ্বাৰা উৎপন্ন হোৱা বিদ্যুতৰ দ্বাৰা সৰু সৰু বৈদ্যুতিক সামগ্ৰী যেনে ঘড়ী , থাৰ্ম’মিটাৰ , ৰেডিঅ’ ট্ৰানছমিটাৰ , হেল্থকেয়াৰ ছেনছ‘ৰ , পেড’মিটাৰ আদিবোৰ চাৰ্জ কৰিব পৰা যায়।
প্ৰাপ্ত তথ্য অনুসৰি দিল্লী আই আই টিৰ গৱেষক সকলে ব্যৰ্থ যান্ত্ৰিক কম্পনৰ ক্ষেত্ৰত “triboelectric effect” নামৰ প্ৰভাৱৰ সহায়ত বিদ্যুৎ উৎপাদন কৰিবৰ বাবে প্ৰচেষ্টা চলাইছে। জানিবলৈ পোৱা মতে আই আই টি ৰ প্ৰফেচাৰ খাৰে আৰু ড. হুইড্ৰম হেমজিত সিং য়ে “Advanced Material’s Interfaces” নামৰ এক কাৰ্যৰ সহায়ত পানীৰ পৰা কিদৰে বিজুলী উৎপাদন কৰিব পাৰি সেই বিষয়ে পৰীক্ষা কৰি দেখুৱাইছিল।
উল্লেখ্য যে “Ministry of Science and Technology” আৰু “Ministry of Electronics and Information Technology” য়ে এই গৱেষণাক যথেষ্ট সহাৰি জনাইছে।