টকিঅ’ অলিম্পিক গেমছত জিমনাষ্টিকছৰ প্ৰতিযোগিতা পৰিচালনাৰ বাবে প্ৰথম গৰাকী ভাৰতীয় হিচাপে নিৰ্বাচিত হৈছে দীপক কাবৰা । আগন্তুক টকিঅ’ অলিম্পিক গেমছত পুৰুষৰ আৰ্টিষ্টিক জিমনাষ্টিকছৰ খেল পৰিচালনা কৰা দেখিবলৈ পোৱা যাব ভাৰতীয় মূলৰ দীপক কাবৰাক ।
দীপকৰ নিজা ভাষ্য অনুসৰি যোৱা বছৰ মাৰ্চত তেঁও প্ৰতিযোগিতা পৰিচালনাৰ বাবে আমন্ত্ৰণ লাভ কৰিছিল । কিন্তু কৰ’না মহামাৰীৰ বাবে সেইবাৰ অলিম্পিক পিছুৱাই দিয়া হয় । এবছৰৰ পাচত পুনৰ এপ্ৰিলত আমন্ত্ৰণ পত্ৰ লাভ কৰে এথলীটগৰাকীয়ে । অৱশেষত অলিম্পিকৰ সপোন পূৰ হয় দীপক কাবৰাৰ ।
জিমনাষ্টিক ক্ষেত্ৰখনলৈ পলমকৈ অহা কাবৰাই উপলব্ধি কৰে যে এথলীট হিচাপে তেঁও অধিক আগুৱাই যাব নোৱাৰে । সেই বাবে তেঁও ভূমুকি মাৰে বিচাৰক হিচাপে । উল্লেখযোগ্য যে ২০০৯ চনত বিচাৰকৰ পাঠ্যক্ৰমত সুখ্যাতীৰে উত্তীৰ্ণ হোৱাৰ পাচত ২০১০ চনত ভাৰতত হোৱা কমনৱেলথ গেমছত প্ৰথম বাৰৰ বাবে বিচাৰকৰ আসন শুৱনি কৰে দীপক কাবৰাই ।
আনহাতে প্ৰথমগৰাকী ভাৰতীয় বিচাৰক হিচাপে কাবৰাই ২০১৪ ৰ এচিয়ান গেমছ আৰু য়ুথ অলিম্পিক খেল পৰিচালনা কৰিছিল ।