নতুন দিল্লী,1 অক্টোবৰ: ৰাজনৈতিক কাৰ্যালয়ত বিশ্বৰ ভিতৰতে ভাৰতত সৰ্বাধিক মহিলা কৰ্মৰত হৈ আছে। এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ। পি এইচ ডি চেম্বাৰ অফ কমাৰ্চ এণ্ড ইণ্ডোস্ত্ৰীযে আয়োজন কৰা ” সুস্থিৰ ভাৰত নিৰ্মাণত নাৰী সৱলীকৰণ” শীৰ্ষক আলোচনাচক্ৰত ভাষণ প্ৰদান কৰি স্মৃতি ইৰাণীয়ে কয় যে মহিলা গাওঁবুঢ়াকে ধৰি দেশৰ তিনি তৰপীয়া চৰকাৰ ব্যৱস্থা লৈ চালে দেখা যায় যে বিশ্বৰ ভিতৰতে ৰাজনৈতিক কাৰ্যালয়ত মহিলাৰ সংখ্যা ভাৰতত সৰ্বাধিক।
ৰাষ্ট্ৰীয় সংসদলৈ নিৰ্বাচিত মহিলাৰ ক্ষেত্ৰত গোলকীয় সুচাংক অনুসৰি 193 খন দেশৰ ভিতৰত ভাৰতৰ স্থান 148 হোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মহিলা আৰু শিশু বিকাশ মন্ত্ৰীগৰাকীয়ে কয় ” বৰ্তমান কিমান গৰাকী মহিলাই সংসদত কাৰ্যনিৰ্বাহ কৰি আছে তাৰ ভিত্তিত আমি মহিলাৰ ৰাজনৈতিক
সবলীকৰণ বিচাৰ কৰিম নেকি? আমি জিলা পৰিষদ অথবা পঞ্চায়তত কাম কৰি থকা মহিলাসকলৰ অবদানক স্বীকৃতি নিদিম নেকি? তেঁওলাকৰ নাম গোলকীয় সুচাংকত নহা বাবে তেঁওলাকৰ অৱদানক আমি অনুপ্ৰাণিত নকৰিম নেকি?”
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে পঞ্চায়ত প্ৰতিদ্বন্দিতা কৰি সেৱা আগবঢ়াই অহা গাঁওৰ মহিলাসকলক স্বীকৃতি নিদিয়া এনে সুচাংকই ভাৰতীয় মহিলাসকলৰ সম্ভাৱনীয়তাৰ প্ৰতি অন্যায় কৰিছে। ইপিনে কন্যা শিশুৰ ভ্ৰূণ হত্যা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেঁও কয় ” গ্ৰাম্য অঞ্চল অথবা চহৰৰ বস্তি অঞ্চল সমূহত কন্যা শিশুৰ ভ্ৰুণ হত্যা কৰা হয় বুলি আমাৰ এটা ধাৰণা আছে। কিন্তু আপুনি জানি আচৰিত হব যে আজিৰ পৰা দুই তিনিবছৰ আগলৈ তথাকথিত চহকী লোকে বাস কৰা দক্ষিন মুম্বাইত সৰ্বাধিক কন্যা শিশুৰ ভ্ৰূণ হত্যাৰ ঘটনা সংঘটিত হৈছিল ।” চৰকাৰৰ বেটি বচাও বেটি পঢ়ৱাও আঁচনিয়ে এনে সমস্যা লাঘৱ কৰিব বুলি মন্তব্য কৰি ইৰাণীয়ে কয় যে বহুতৰ বাবে এয়া কেৱল এক শ্লোগান কিন্তু এয়া এতিয়া সমাজৰ মাজলৈ বিয়পি পৰিছে।