ভাৰতবৰ্ষ এনে এখন দেশ য’ত মানুহে বিবাহ অনুষ্ঠানক এক পৰম্পৰাই নহয় জীৱনৰ এক অবিচ্ছেদ্য অংগ ৰূপে পৰিগণিত কৰে আৰু এই বিবাহ অনুষ্ঠান বা নিমন্ত্ৰণী পত্ৰৰ নামত বৃহৎ অংকৰ মূলধন ব্যয় কৰে। বিশেষকৈ ভাৰতবৰ্ষৰ উদ্যোগপতি, চিত্ৰতাৰকা আৰু খেলুৱৈ সকলে বিয়াৰ ক্ষেত্ৰত কোটি কোটি টকা ব্যয় কৰা দেখা যায়। আজিৰ লিখনিটোৰ জৰিয়তে আমি দেখুৱাব বিচাৰিছো ভাৰতবৰ্ষৰ সকলোতকৈ ব্যয়বহুল কেইখনমান বিয়া আৰু বিয়াৰ নিমন্ত্ৰণী পত্রৰ বাবদ ব্যয় কৰা খৰচৰ বিষয়ে।
১। ইশা আম্বানিৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰ
ভাৰতৰ বিখ্যাত উদ্যোগ পতি মুকেশ আম্বানিৰ কণ্যা ইশা আম্বানি আৰু জোৱাই আনন্দ পিৰামলে বিবাহৰ ক্ষেত্ৰত কেইবাটাও পুৰণি অভিলেখ ভংগ কৰে। জানিবলৈ পোৱা মতে তেওঁলোকৰ বিয়াৰ প্ৰতিখন নিমন্ত্ৰণী পত্ৰৰ বিপৰীতে ব্যয় কৰিছিল ৩লাখকৈ টকা।
২। প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাচৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰ
জনপ্রিয় অভিনেত্রী প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাচৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰৰ বাবেও খৰচ কৰিছিল শকত অংকৰ ধন আৰু নিমন্ত্ৰণী পত্ৰৰ লগত গাঁঠি দিছিল মূল্যবান বস্তুৰে পূৰ্ণ একোটাকৈ টোপোলা।
৩। দিপীকা পাডুকণ আৰু ৰনবীৰ সিঙৰ বিয়া
ভাৰতৰ আন এগৰাকী জনপ্রিয় অভিনেত্রী দিপীকা পাডুকণ আৰু ৰনবীৰ সিঙৰ বিয়া আছিল পৰীৰ দেশৰ সাধুকথাৰ দৰে। তেওঁলোকৰ বিবাহ অনুষ্ঠান সম্পন্ন হৈছিল ইটালীত সেয়ে পৰৱৰ্ত্তী সময়ত তেওঁলোকে তিনিটাকৈ অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰিছিল আৰু উল্লেখযোগ্য কথা যে একালৰ জনপ্রিয় অভিনেত্রী মনিষা কৈৰালাই সামাজিক মাধ্যম ফেইচবুকত তেওঁলোকৰ নিমন্ত্ৰণী পত্ৰ আপলোড কৰিছিল।
৪। শিল্পা চেত্ৰী আৰু ৰাজকূন্দ্ৰাৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰ
জনপ্রিয় অভিনেত্রী শিল্পা চেত্ৰী আৰু ৰাজকূন্দ্ৰাই নিজৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰৰ বাবে খৰচ কৰিছিল ৬নিযুত ডলাৰ আৰু তেওঁলোকৰ নিমন্ত্ৰণী পত্ৰখন সম্পূর্ণ ৰাজকীয় ধৰণে সজাই তোলা হৈছিল ।
৫। চাহিদ কাপুৰ আৰু মীৰা ৰাজপুতৰ নিমন্ত্ৰণী পত্ৰ
কাপুৰ পৰিয়ালৰ জনপ্রিয় অভিনেতা চাহিদ কাপুৰ আৰু মীৰা ৰাজপুতৰ নিমন্ত্ৰণী পত্ৰৰ ব্যয় আছিল ৪.৫নিযুত ডলাৰ। দিল্লীৰ এজন সুদক্ষ ডিজাইনাৰ ৰবিশ কাপুৰৰ দ্বাৰা পত্ৰ খনৰ ডিজাইন কৰোৱা হৈছিল। সকলো নিমন্ত্ৰিতই নিমন্ত্ৰণী পত্ৰৰ বাকচৰ ভিতৰত পাইছিল চাহ আৰু মৌ।
৬। সোহা আলি খান আৰু কূনাল খেমুৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰ
আন এক জনপ্রিয় দম্পত্তি সোহা আলি খান আৰু কূনাল খেমুৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰ খন সাধাৰণ ভাবে সজোৱা হৈছিল যদিও ইও বৰ আকৰ্ষণীয় আছিল। নিমন্ত্ৰণী পত্ৰৰ নামত তেওঁলোকৰ ব্যয় হৈছিল ৩.৩নিযুত ডলাৰ।
৭। কৰিণা আৰু শ্বেইফ আলি খানৰ নিমন্ত্ৰণী পত্ৰ
অৱশ্যে বলিউডৰ বিখ্যাত যুতি কৰিণা আৰু শ্বেইফ আলি খানৰ নিমন্ত্ৰণী পত্ৰৰ খৰচো কম নাছিল । পত্ৰখন আকৰ্ষণীয় হোৱাৰ লগতে নিমন্ত্ৰিত সকলৰ সুবিধাৰ্থে সবিশেষ তাত অন্তৰ্ভুক্ত কৰা হৈছিল।
৮। বিৰাট কোহলী আৰু অনুষ্কা শৰ্মা
বিশ্ববিখ্যাত ক্ৰিকেট খেলুৱৈ বিৰাট কোহলী আৰু অভিনেত্রী অনুষ্কা শৰ্মাৰ বিবাহ সম্পন্ন হৈছিল ইটালীত। পৰৱৰ্তী সময়ত তেওঁলোকে দিল্লী আৰু মুম্বাইত অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰিছিল। পেষ্টেল ৰঙৰ দৰে ৰঙীন নিমন্ত্ৰণী পত্ৰৰ বাকচটো আছিল সকলোতকৈ পৃথক আৰু আকৰ্ষণীয়।
৯। আহুজা আৰু চোনম কাপুৰ
২০১৮চনৰ বহুল প্ৰচাৰিত বিয়াখন আছিল আনন্দ আহুজা আৰু চোনম কাপুৰৰ। নিমন্ত্ৰণী পত্ৰত থকা সেউজীয়া ৰঙৰ গছ আৰু ফুলবোৰে যেন প্ৰতিকী ৰূপত এক নতুন জীৱনৰ সূচনা কৰিছিল।
১০। ঐশ্বৰ্য্য ৰায় বচ্চন আৰু অভিনেতা অভিষেক বচ্চনৰ বিবাহ অনুষ্ঠানৰ নিমন্ত্ৰণী পত্ৰ
বিশ্বসুন্দৰী ঐশ্বৰ্য্য ৰায় বচ্চন আৰু অভিনেতা অভিষেক বচ্চনৰ বিবাহ অনুষ্ঠানৰ নিমন্ত্ৰণী পত্ৰৰ নামত ব্যয় হৈছিল ৫নিযুত ডলাৰ। নিমন্ত্ৰণী পত্ৰৰ বাকচৰ ভিতৰত দিয়া হৈছিল বহুমূলীয়া চকলেট বাৰ।