:ছাৰ ?
:হম!
এসোপা ফাইলৰ মাজৰ পৰা মূৰ তুলি চালে সৌৰভে । সৌৰভ বেজবৰুৱা বয়স বত্ৰিশৰ দেওনা পাৰ হওঁ হওঁ , এতিয়াও অবিবাহিত, এইখন থানাত পোষ্টিং হোৱা বেছি দিন হোৱা নাই যদিও কম দিনতে যথেষ্ট সুনাম অর্জন কৰিবলৈ সক্ষম হৈছে সৌৰভে ।
:ছাৰ কেব ড্ৰাইভাৰটো ধৰা পৰিল । আপুনি এবাৰ আহি চাই গ’লে ভাল আছিল ।
খৰখেদাকৈ কথা কেইটা শেষ কৰিলে এছ আই বিকাশে । বিকাশৰ এয়াই স্বভাৱ, সৌৰভৰ আগত সদায় নাৰ্ভাচ কৰে সি, প্ৰথমে সৌৰভে ভাবিছিল হয়তো নতুনকৈ জইন কৰা ডেকা ল’ৰা, দুদিনমান লগত কাম কৰিলে ঠিক হৈ যাব, কিন্তু এবছৰৰ পাছতো বিকাশৰ অকণো উন্নতি নহ’ল ।
বিকাশৰ সতে সময় ব্যয় নকৰি সৌৰভে নিজেই ছাছপেক্টজনক এবাৰ সুধ-পুছ কৰাটোৱেই সমীচীন বুলি ভাবি আনটো কোঠাৰ ফালে আগবাঢ়ি গ’ল । মুখৰ কোমল ভাবৰ সলনি আৰক্ষীসুলভ কঠোৰ তাৰ দুচকুত জিলিকি উঠিল ।
কনিষ্টবল লহকৰক চকুৰে ইঙ্গিত দিলে সি ।
লহকৰে লক আপৰ দুৱাৰখন খুলি দিলে ।
:ঐ ল’ৰা কি নাম তোৰ ?
:ছাৰ, হি,,,হিতেশ্ ।
ড্ৰাইভাৰজন কঁপি উঠিল তাৰ মাতত ।
ড্ৰাইজাৰজন নে ড্ৰাইভাৰটো ?এতিয়াহে সি ভালকৈ ল’ৰাজনৰ মুখলৈ চালে, তেনেই সৰু ল’ৰা । কিন্তু চাকৰিৰ অভিজ্ঞতাই শিকাইছে তাক অপৰাধীৰ সৰু বৰ নাই ।
:চা ভালে ভালে কৈ দে কথাবোৰ, নহ’লে বিপদ তোৰে হ’ব ।
কথাষাৰত আদেশ আছিল নে আশ্বাস সি নিজেও ধৰিব নোৱাৰিলে ।
:ছাৰ মই একো নাজানো, সেই গৰাকী বাইদেউক মই পিক আপ কৰাই নাছিলোঁ ছাৰ, মই আগতেও কৈছোঁ ছাৰ, আপোনালোকে মোৰ মোবাইল চাই লওক ছাৰ,,,মোৰ ঘৰত মা অকলে থাকে ছাৰ মোক পুলিচে ধৰিলে বুলি শুনিলে মা মৰি যাব ছাৰ,,
সৌৰভৰ হাজাৰ প্ৰশ্নৰ উত্তৰত তাৰ সেই এটাই উত্তৰ ফটোত দেখা ছোৱালীজনী সি গাড়ীত উঠোৱাই নাছিল, অপৰাধীৰ ধৰণ চিনি পায় সি, এই বিশ, একৈশ বছৰীয়া ল’ৰাটো অপৰাধী নহয় বুলি ডাঠি ক’ব পাৰে কিন্তু নাম্বাৰ ? তাৰ গাড়ীৰ নাম্বাৰ কেনেকৈ একে হ’ব পাৰে ? হাজাৰ হাজাৰ প্ৰশ্নৰ জোৱাৰ উঠিল তাৰ মনত ।
:লহকৰ!
:হয় ছাৰ
লহকৰ উধাতু খাই অহাদি আহিল ।
:স্মিতা ৰাউণ্ড আপৰ পৰা ঘূৰি আহিলে মই মাতিছোঁ বুলি ক’ব, আৰু এটা কাম কৰক, ৱাৰ্ণিং এটা দি ল’ৰাজনক যাবলৈ দিয়ক ।
:কিন্তু ছাৰ,,এনেকৈ যাবলৈ দিয়াটো ভাল হ’ব নে ?
লহকৰ আচৰিত হ’ল, ড্ৰাইভাৰজন প্ৰাইম ছাচপেক্ট বুলি তাক বিচাৰি আনিবলৈ সৌৰভেই অৰ্ডাৰ দিছিল, এতিয়া হঠাৎ তাক যাবলৈ দিছে, আচৰিত হোৱাৰ কথাই ।
: তাক কাষ্টডিত লোৱা হোৱা নাই লহকৰ, সুধ-পুছৰ বাবেহে মতা হৈছিল, যাবলৈ দিয়ক, মই বেলেগ কথা এটাহে ভাবিছোঁ ।
সৌৰভ কেবিনলৈ সোমাই গ’ল । তাৰ এইটোৱে স্বভাৱ, কিবা এটা চিন্তা কৰাৰ সময়ত কাকো লগত নিবিচাৰে । চকীখনত অলসভাৱে পৰি দিলে সি, কেছটো দেখোন য’ত আৰম্ভ হৈছিল ঘূৰি ঘূৰি আকৌ তাতে উপনীত হ’ল ।
পোষ্ট মৰ্টেমৰ ৰিপৰ্টটো আকৌ মেলি চালে এবাৰ, শৰীৰত বহুজনৰ ধৰ্ষণ সুস্পষ্ট, শৰীৰৰ বহু ঠাইতে আঘাতৰ চিন, ইণ্টাৰনেল ব্লিডিং হৈছিল বহু ঠাইত, শেষত হেম’ৰেজ হৈ তাইৰ মৃত্যু হৈছে । নিৰ্জন জন-বসতি শূণ্য ঠাই এখনত পোৱা গৈছিল তাইৰ মৃতদেহ, মাক-দেউতাক বাউলি হৈছিল একমাত্ৰ কন্যাৰ এই দুদৰ্শা দেখি, সি আছিল তাত, ৰিভলভাৰটো খামুচি ধৰিছিল সি জোৰকৈ, যেন হত্যাকাৰীৰ শৰীৰত গোটেইকেইটা গুজি দিব ।
:ছাৰ মোক মাতিছিল ? লহকৰ দাই কৈছিল আপুনি বিচাৰিছিল বুলি ।
দুৱাৰখন সামান্য ঠেলি স্মিতাই সুধিলে ।
:অঃ, স্মিতা আহা আহা, জৰুৰী কথা এটা আছিল এইখন চোৱাচোন ।
সি ফটোগ্ৰাফ এখন তাইৰ ফালে আগবঢ়াই দিলে । তাই ঘূৰাই পকাই চালে, এখন মাত্ৰ এলট’ গাড়ী বিশেষ একো নাই, তাই বুজি নোপোৱাৰ দৰে তাৰ মুখৰ ফালে চালে ।
:বুজিছোঁ তুমি বুজিব পৰা নাই কেছটো কি, এতিয়া এইটো চোৱা ।
তাইৰ মনৰ উত্কন্ঠাখিনি পঢ়ি পেলালে সি, এইবাৰ তাৰ ডেস্কট থকা লেপটপটোত ভিডিঅ’ এটা প্লে কৰি তাইৰ ফালে ঘূৰাই দিলে সি । সৰু ফুটেজ এটা, তাত মাত্ৰ যুৱতীগৰাকী গাড়ীত উঠা সময়কণৰ ৰেকৰ্ড আছে ।
:কিবা বুজিলা ?
লেপটপটো জপাই থলে সি ।
:ছাৰ, একেখনেই গাড়ী দেখোন, একেই নম্বৰ, একে কালাৰ তেন্তে ?
তাই বেছিহে দোমোজাত পৰিল ।
:এৰা, এইখিনিতে আমি মাৰ খাই গ’লো, আমি ইয়াৰ আগলৈকে ড্ৰাইভাৰজনক সন্দেহৰ চকুৰে চাইছিলো কিন্তু কেছটো বেলেগ, দুয়োখন গাড়ী মন কৰিলে বুজিবা দুয়োখন বেলেগ মডেলৰ গাড়ী এখন এল এক্স আই, এখন ভি এক্স আই, বুজিলা ।
:মানে ছাৰ, মেইন কালপ্ৰীত বেলেগ, এইটো কথা মোৰ চকুতে পৰা নাছিল ।
:চকুত মোৰো পৰা নাছিল কিন্তু আমাৰ কামেই ইনভেষ্টিগেট কৰা গতিকে এয়া হাতত পৰিল, বাকী তোমাক যে কেব ড্ৰাইভাৰ ৰিলেটেড যিমানবোৰ কম্পিলিকেটেড কেচ ৰেজিষ্টাৰ হৈছে তাৰ ইনফ’ কালেক্ট কৰিবলৈ কৈছিলোঁ কৰিলা ?
:য়েছ ছাৰ, যোৱা তিনিমাহৰ ৰিপৰ্ট হিচাপে প্ৰায় বাৰটা কেচ, লেডীজৰ সৈতে মিছ বিহেভৰ কেচ প্ৰায় আঠটা আৰু কিবা কিবি, প্ৰতিবাৰেই সুধ-পুচ কৰা হৈছিল কিন্তু ছাৰ আচৰিত কথা সেই সময়ত সেই কেইজন ড্ৰাইভাৰে আন মানুহৰ সৈতে থকাৰ প্ৰমাণ আছে, একো মীমাংসা নহ’ল ছাৰ । কিন্তু ছাৰ অধিকাংশ মহিলাই এজন বিশেষ চেহেৰাৰ ড্ৰাইভাৰৰ বৰ্ণনা দিছে কিন্তু প্ৰতিগৰাকী মহিলাই বেলেগ বেলেগ গাড়ী বুক কৰিছিল যাৰ ড্ৰাইভাৰো বেলেগ ।
:আচ্ছা, মহিলা কেইগৰাকীয়ে কেনে ধৰণৰ ড্ৰাই ভাৰৰ বৰ্ণনা দিছে বাৰু ?
:ছাৰ চুলি নথকা এজন ড্ৰাইভাৰ, চকুৰ কাষত গভীৰ কটা দাগ এটা আছে ।
: হ’ম, কথাটো জেং আছে দেখোন । বাৰু তুমি যোৱা কিবা খবৰ আৰু পোৱা নেকি চোৱা, মই আকৌ এবাৰ ভাবিব লাগিব কথাবোৰ
:হ’ব ছাৰ ।
স্মিতা যাবলৈ ওলাল ।
:ছাৰ!
কিবা কথা এটা মনত পৰা যেন লাগিল তাইৰ, যাবলৈ ওলায়ে থমকি ৰ’ল তাই ।
:কিবা আৰু আছিল ?
:ছাৰ যিমানবোৰ কম্পলেইন আহিছে তাৰে নাইনটি ফাইভ পাৰ্চেন্ত ‘হেপ্পী ৰাইড’ কেব চাৰ্ভিছৰ নামতেই আছে, এইটো ভাবিবলগীয়া কথা ।
তাই গুচি গ’ল, সৌৰভ গভীৰ চিন্তাত ডুব গ’ল, বহুত কথা, বহুত সূত্ৰ, এটা মাত্ৰ ক্লু লাগে এটা,,,সি বহু পৰলৈকে চিন্তাত ডুবি থাকিল ।
: ছাৰ, আহিব পাৰোঁনে ?
দুৱাৰৰ সিপাৰৰ মাতষাৰে, সৌৰভ আৰু বিকাশ দুয়োৰে তন্ময়তা ভাঙি দিলে । দুৱাৰৰ সিপাৰে ৰৈ আছে দুজন ভদ্ৰলোক, পিন্ধনত ফৰ্মেল পোছাক ।
সৌৰভৰ অনুমতি পায় দুয়ো সোমাই আহিল ।
:মই অশ্ৰুনীল বৰা, ই অভ্ৰনীল মোৰ ভাইটি, “হেপ্পী ৰাইড” চাৰ্ভিছৰ ৱ’নাৰ ।
দেখাত সামান্য ডাঙৰ যেন লগা ভদ্ৰলোকজনে নিজৰ পৰিচয় দাঙি ধৰিলে ।
:ছাৰ মই যাওঁনে ?
বিকাশে সুধিলে, সাধাৰণতে সি সৌৰভৰ সৈতে হোৱা এনে আলোচনাবোৰ প্ৰায়ে এৰাই চলে ।
:নালাগে, তুমিও ৰোৱা!
সৌৰভৰ কথাত সি তাতে ৰৈ গ’ল । সময় নষ্ট নকৰি সৌৰভেই আৰম্ভ কৰিলে ।
:চ মিষ্টাৰ অশ্ৰুনীল বৰা, আপোনাক কিয় মাতি পঠাইছোঁ সেয়া আপুনি নিশ্চয় গ’ম পাইছে, যোৱা তিনিমাহত আপোনালোকৰ ট্ৰেক ৰেকৰ্ড আৰু আপোনালোকৰ ড্ৰাইভাৰৰ বহুত বেয়া চাৰ্ভিছৰ কেইবাটাও কম্পলেইন আহিছে এই বিষয়ে কি কয় আপুনি ?
অশ্ৰুনীল আৰু অভ্ৰনীল দুয়ো ইজনে সিজনৰ ফালে চালে ।
:ছাৰ মানে, কথাবোৰ অলপ ক্লিয়েৰ কৰি দিব নে ? হয় ছাৰ এইটো আমিও গম পাওঁ আমাৰ চাৰ্ভিছৰ ওপৰত বহুবাৰ মিছা এলিগেশ্যন আহিছে, কিন্তু সেইবোৰ কোনে কিয় কৰিছে সেয়া আমি নাজানোঁ ছাৰ, বিজনেছ ৰাইভেলৰ কথাও আহে তাত!
অশ্ৰুনীলে প্ৰায় স্পষ্টভাৱেই ক’লে কথাখিনি ।
:আচ্ছা, বুজিলোঁ কিন্তু আপোনালোকৰ চাৰ্ভিছক স্পেচিয়েলী টাৰ্গেট কৰাৰ অৰ্থ কি ?
সৌৰভৰ প্ৰশ্নটো শুনি, অশ্ৰুনীলে ভায়েকৰ ফালে চালে ।
:চাওক মিষ্টাৰ বৰা, যদি কিবা জানে এতিয়াই কৈ দিয়ক, পিছত কিন্তু আপোনালোকৰে দিগদাৰ হ’ব ।
সৌৰভে পুনৰায় ক’লে ।
:মানে,,,ছাৰ, এইটো প্ৰব্লেম তিনিমাহ নহয়, লাষ্ট দুবছৰ ধৰি চলি আছে ।
অভ্ৰনীলে মাত লগালে ।
:দুবছৰ ? কিন্তু আপোনালোকৰ চাৰ্ভিছ আৰম্ভ হোৱা প্ৰায় চাৰিমাহ হৈছেহে!
:ন’ ছাৰ, ‘হেপ্পী ৰাইড’ আৰম্ভ হোৱাৰ আগতে দাদা আৰু তেওঁৰ বন্ধু এজনে মিলি ‘ৰয়েল কেব চাৰ্ভিছ’ নামৰ এটা এজেঞ্চি আৰম্ভ কৰিছিল, পিছলৈ ছাৰ তেওঁৰ লগৰজনে বিজনেছত খেলি-মেলি আৰম্ভ কৰিলে, এজেঞ্চিৰ পইচা ব্যক্তিগতভাৱে যধে-মধে খৰছ কৰাত দাদাই পাৰ্টনাৰশ্বিপ তাতেই শেষ কৰি এইটো বিজনেছ ষ্টাৰ্ট কৰিলে, কিন্তু তেতিয়াই তেওঁ ধমকি দিছিল তেওঁৰ ওপৰত মিছা এলিগেশ্যন লগোৱা হৈছে, তেওঁ আমাক বিশেষকৈ মোক চাই ল’ম বুলি তেতিয়াই ধমকি দিছিল । এতিয়া তেৱোঁ নিজাকৈ এটা চেণ্টাৰ চলাই ছাৰ, এইবোৰ তেওঁৰে কাম!
একে উশাহে কথাখিনি কৈ পেলালে অভ্ৰনীলে । সৌৰভ কিছু সময়ৰ বাবে তভক মাৰি ৰ’ল ।
:আপুনি কোৱা কথাষাৰৰ কিবা প্ৰমাণ আছেনে ডাঙৰীয়া ?
সৌৰভৰ প্ৰশ্নৰ উত্তৰত অভ্ৰনীলে তেওঁৰ মোবাইলৰ গেলেৰীটো খুলি সৌৰভৰ ফালে আগবঢ়াই দিলে । অশ্ৰুনীলৰ একালৰ বিজনেছ পাৰ্টনাৰ “গৌৰাংগ দাস”ৰ মেছেজৰ কেতবোৰ স্ক্ৰীনশ্বট, তেওঁৰ ওপৰত মিছা অভিযোগ দিয়াৰ খং মেছেজতে বাহিৰ কৰিছে । সৌৰভে মোবাইলটো উভতাই দিলে ।
:বাৰু আপোনালোক যাওক এতিয়া, কিবা দৰকাৰ হ’লে আপোনালোকক আমনি দিম আৰু ।
হাঁহি এটা মাৰি সৌৰভে ক’লে । দুয়ো গুচি গ’ল ।
:ছাৰ গৌৰাংগক ধৰিব পাৰি নেকি ? তাক ধৰিলেই সকলো কথা ওলাই পৰিব ।
ইমান পৰে মনে মনে থকা বিকাশে মাত দিলে ।
:ৰবা, তেওঁক ধৰি এতিয়াই লাভ নাই, প্ৰমাণ লাগে সদ্যহতে, আগতে সেইবোৰৰ ওপৰত অলপ কাম কৰোঁ, তাতে ৰেপ কেছটোৰ ওপৰত মিডিয়া এনেও এলাৰ্ট হৈ আছে, বেছি কথা ওলাই গ’লে অপৰাধী সাৰি যাব ।
সামান্য চিন্তিত হ’ল সৌৰভ । কথাবোৰ ভবাতকৈ বহু বেছি জটিল হৈ পৰিছে, এয়া এক চক্ৰবেহু, এই চক্ৰবেহুত প্ৰৱেশ কৰিবলৈ তাক এজন অভিমন্যুৰ প্ৰয়োজন কিন্তু কোনে কৰিব এই কাম, কোনে ? কিবা এটা কথা মনত পৰি জঁপিয়াই উঠিল সৌৰভ, মোবাইলৰ কললিষ্টখন চেক কৰিলে সি । ৰাজ,,,ৰাহুল,,,আৰ ফ’ৰ এৰা এইটো নাম্বাৰ, সি লগালগ ডায়েল কৰিলে নম্বৰটো, সিফালৰ পৰা উত্তৰ অহাৰ আশাৰে ফোনৰ স্ক্ৰীনখনলৈ একেথিৰে চাই ৰ’ল সি ।
:ছাৰ আপুনি যে মাতিছিল ল’ৰাজন, আহি ৰৈ আছে পঠিয়াই দিওঁ নে ?
হাতত ফাইল এটা লৈ লহকৰ সোমাই আহিছিল ।
:সি আহিল নেকি ? ঠিক আছে তাক পঠাই দিয়ক, আৰু বিকাশক তুমি স্মিতাৰ সৈতে মিলি অশ্ৰুনীল আৰু গৌৰাংগৰ বিজনেছৰ আগৰ চিটুৱেশ্যন আৰু এতিয়াৰ তেওঁলোকৰ মাজত যিবোৰ প্ৰব্লেম চলি আছেঅলপ বিচাৰ-খোচাৰ কৰিবলৈ কওক ।
সৌৰভে চিন্তাৰ মাজতো অলপ আশাৰ ৰেঙনি দেখা পালে । লহকৰ ওলাই যোৱাৰ সমান্তৰালভাৱেই ল’ৰাজন সোমাই আহিল ।
: সৌৰভ দা, মোক মনত পেলালে যে, সকলো ঠিকে আছে নে ?
আন সময়ত সৌৰভেও তাৰ ধেমালিৰ প্ৰত্যুত্তৰ ধেমেলীয়াকৈয়ে দিয়ে, কিন্তু আজি নোৱাৰিলে ।
:বহুত কথাই খেলি-মেলি হৈ আছে ঋষি, তুমি দিল্লীৰ পৰা কেতিয়া আহিলা ?
:কালি দুপৰীয়াৰ ফ্লাইটত গৌৰৱ দা,আপোনাৰ ফোন পায়ে আহি গ’লো, বাই দ্য ৱে আপুনি ফোনত যিটো কেচ মোক কৈছিল সেইটোৰ ডিটেইলচ এয়া, এইটো চাওক ।
ঋষিয়ে পোৰ্টফলিও এটা সৌৰভলৈ আগবঢ়াই দিলে । সৌৰভে একপ্ৰকাৰ থপিয়াই নিয়াদি নিলে ফাইলটো, কাগজকেইখিলাৰ কলীয়া আখৰকেইটাৰ মাজত লুকাই আছিল অপৰিসীম ৰহস্যৰ সম্ভেদ ।
:তাৰ মানে ঋষি,,
:য়েছ সৌৰভ দা, আপোনাৰ অনুমানেই শুদ্ধ, ‘হেপ্পী ৰাই'”ৰ ছাইট হেক কৰা হৈছে, “হেপ্পী ৰাইড”ৰ নামত আন কোনো এজেঞ্চিৰ গাড়ী চলি আছে, গাড়ীৰ নাম্বাৰ পৰ্য্যন্ত একে ।
:কিন্তু এনেকৈ হ’লে খেলি – মেলি নহ’বনে ঋষি, “হেপ্পী ৰাইড” অনলাইন বুকিঙত চলে, তাত এইটো চক্ৰ সোমাল কেনেকৈ ?
নিজৰ থিয়ৰীত সৌৰভ নিজেই বিবুদ্ধিত পৰিল ।
:আচলতে সৌৰভ দা, ‘হেপ্পী ৰাইড’ ত যেতিয়া কোনো জনশূন্য অঞ্চলত গাড়ীৰ বুকিং হয়, তেতিয়াই এইটো ছাইটৰ কোনো মানুহে আহি পিক আপ কৰে, আৰু কাষ্টমাৰক অফলাইন চাৰ্ভিছ দিয়াৰ নামত হয়তো ৰাইড কেঞ্চেল কৰিবলৈ কোৱা হয়, বহুতে প্ৰলোভনত পৰি কৰিও দিয়ে, কিন্তু এটা ইছ্যু এতিয়াও আছে বছ! বহুবাৰ এওঁলোকৰে মানে এই চিক্ৰেট চাৰ্ভিছৰ গাড়ী কিছুমান ঠাইত মজুত আছে কিন্তু কোনো পেচেঞ্জাৰ উঠোৱা নাই, আৰু আপুনি ফোনত কোৱা কথাবোৰৰ মতেই মই অলপ ৰিচাৰ্ছ কৰিলোঁ, লেডীজৰ হাৰাচমেণ্ট কৰা মেক্সিমাম কেছত এখন এলট’ ভি এক্স আই গাড়ীৰ কথাই কোৱা হৈছে, দুই একে ফেচবুকত পোষ্ট পৰ্য্যন্ত কৰিছে, কেছটো জেং আছে দাদা ।
ঋষিৰ শেষৰ কথাখিনিয়ে সৌৰভৰ চিন্তাৰ ধাৰাটোকে সলাই পেলালে । এয়া কোনো বিজনেছ বা ঘৰুৱা শত্ৰুতাৰ কেচ হ’বই নোৱাৰে, গভীৰ অৰ্থ লুকাই আছে ইয়াত ।
:দাদা, কি ভাবিছে ?
ঋষিৰ মাতষাৰত সৌৰভৰ চমক ভাগিল ।
:হা, নাই বিশেষ নাই, তুমি এটা কাম কৰিব পাৰিবানে ?
:কি কাম দাদা?
:এই ফেক নেটৱৰ্ক ক’ৰ পৰা অপাৰেট হয় উলিয়াব পাৰিবা ?
:দাদা সিহঁতে লোকেশ্যন ফ্লাকচুৱেট কৰাই থাকে, ইমান সহজ নহ’ব সিহঁতৰ লগত ভাল হেকাৰ আছে ।
:তোমাতকৈও ভালনে ?
সৌৰভৰ প্ৰশ্নটো শুনি ঋষিয়ে হাঁহি পেলালে, তাৰ হেকিং কৰাৰ অপূৰ্ব দক্ষতাৰ কথা সৌৰভকৈ ভালকৈ কোনে জানিব ।
:দাদা টিম ৰেদি ৰাখক, মই এতিয়াৰ পৰা ষ্টাৰ্ট কৰিলে গধূলিলৈকে ল’কেশ্যন পাই যাব ।
:বঢ়িয়া, কিন্তু গধূলি কিয় ?
:দাদা সিহঁতৰ নেটৱৰ্ক তেতিয়াহে এক্টিভ হয় ।
:অকে বঢ়িয়া!
:ছাৰ সেইফালে চাওক ।
বিকাশে ফুচ ফুচাই ক’লে ।
সন্তৰ্পনে আগবাঢ়িছে সৌৰভৰ আৰক্ষী বাহিনী,
বিকাশ, স্মিতা, দুজন কনিষ্টবল ।ঋষিৰ ৰিপৰ্ট মতে সেই দুই এজনৰ বাহিৰে সেই অঞ্চলত আন নেটৱৰ্ক এক্টিভ নাই, এয়াই সুযোগ, এটাক কৰায়ত্ত কৰিব পাৰিলেও বাকী কেইজন নিজে নিজে জালত পৰিব ।
বিকাশৰ ইঙ্গিত অনুসৰণ কৰি সৌৰভে চাই পঠিয়ালে । গুদামৰ বাহিৰত পাৰ্কিং কৰা গাড়ী দুখনৰ এখন এলট’ ভি এক্স আই, একে নম্বৰ একে ৰং ।
:ছাৰ এই খনেই সেইখন গাড়ী নেকি ?
স্মিতাই ফুচ-ফুচাই সুধিলে । সৌৰভে তাইক মনে মনে থকাৰ ইঙ্গিত দি সৰু মাতেৰে কৈ উঠিল
:লোকেশ্যনৰ পৰা এতিয়াও কোনোবা এক্তিভ থকাৰ চিগনেল আহিছে, ভিতৰত মানুহ কিমান আছে কোনো আইদিয়া নাই । মই চিগনেল নিদিয়ালৈকে কোনো মুভমেণ্ট নকৰিবা ।
মেইন দুৱাৰখন এৰি সৰু দুৱাৰএখন আছে গুদামৰ পিছফালে, হাতত সাৰে ভৰিত সাৰে হাতত ৰিভলভাৰ লৈ সৌৰভ অকলেই আগুৱাই গ’ল, বাকী কেইজনে অলপ আঁতৰে আঁতৰে পজিশ্যন ল’লে যাতে কোনো ওলাই সাৰি যাব নোৱাৰে ।
সৰু দুৱাৰখন হেঁচুকী চালে সি, দুৱাৰখন খোলা, নিঃশব্দে মেকুৰীৰ দৰে সোমাই গ’ল সি ।
গুদামটোত কেৱল কণ্টেইনাৰ, বিভিন্ন আকাৰৰ, প্ৰকাৰৰ । একোণত এটা সৰু কেবিন । কণ্টেইনাৰ এটাৰ আঁৰ লৈ জুমি চালে সি, কোনোবা এজনে লেপটপ আৰু ইলেক্ট্ৰনিক সা-সৰঞ্জাম লৈ কাম কৰাত ব্যস্ত । সি ধীৰে ধীৰে আগুৱাই গ’ল, কেবিনত থকাজনে তেতিয়াও একো গ’ম পোৱা নাই ।
:ছাৰ,,,
হঠাতে বিকাশে পাছফালৰ পৰা জপতিয়াই ধৰি বগৰাই দিলে তাক ।
“গুৰুম”
সিহঁত বাগৰি পৰাৰ লগে লগেই, এটা গুলী সিহঁতৰ মূৰৰ ওপৰেৰে পাৰ হৈ কাষৰ কণ্টেইনাৰত লাগিল । সৌৰভৰ হাতৰ পৰা ৰিভলভাৰ চিটিকি পৰিছিল, কিন্তু বিকাশ সাজু হৈয়ে আছিল, মাটিত পৰাৰ পৰাই বিকাশে উভতি গুলীয়াই দিলে । অব্যৰ্থ লক্ষ্য, প্ৰচণ্ড চিৎকাৰ কৰি মানুহটো বাগৰি পৰিল তাতে ।
আৰু এক মুহূৰ্তৰ দেৰি হোৱা হ’লেও কোনোবা এজন বা সিহঁত দুয়োজনৰ মৃত্যু নিশ্চিত আছিল ।
: হেণ্ডছ আপ!
স্মিতাৰ মাতষাৰত দুয়ো ঘূৰি চালে । কেবিনত থকা ল’ৰাটো এইকন সময়তে চকুত ধূলি দি সাৰি যোৱাত প্ৰায় সফলেই হৈছিল । স্মিতাৰ তৎপৰতাত সেইটো সুযোগ বেচেৰাই হেৰুৱালে ।
সৌৰভে চিটিকি যোৱা ৰিভলভাৰটো বুটলি লৈ বিকাশৰ ফালে চালে
:ছৰী ছাৰ, কিন্তু আপুনি ভিতৰলৈ সোমাই অহাৰ লগে লগে কোনোবা এজনে আপোনাৰ পিছ লোৱা যেন দেখিছিল স্মিতা মেদামে, গতিকে আমি সোমাই আহিলোঁ ।
:ছাৰ মোৰ পজিশ্যনৰ পৰা গুদামৰ দুৱাৰখন ধুনীয়াকৈ চকুত পৰে সেইখন যিহেতু খোলাই আছিল,,
বিকাশৰ কথাখিনি সমৰ্থন কৰিলে স্মিতাই, সৌৰভে একো নক’লে, গুলী লগা মানুহটোৰ ফালে আগুৱাই গ’ল সি । তেজেৰে ৰাঙলী হৈ পৰিছে ঠাইখন, মানুহটো উবুৰি খাই পৰি গৈছিল, সৌৰভে লুটিয়াই দিলে তাক, মানুহটোৰ চুলি নাই, চকুৰ কাষত এটা কটা দাগ,নাকত হাত দি চালে সি, উশাহ নিশাহ নাই ।
ছেঃ, ই এই মানুহটোকে তাৰ প্ৰয়োজন আছিল, বহুত কথা জানিছিল ই । হয়তো ৰেপ কেচটোৰ মেইন কালপ্ৰীত ইয়ে আছিল । সি মানুহটোৰ পকেট কেইটা খুচৰি চালে । পাৰ্চটোত তাৰ মোবাইলটো আৰু ভোটাৰ আই দি এখন আছিল ‘ৰঘুৰাম যাদৱ’, সিটো মৰিলেই তাৰ পৰা পাব পৰা সকলো তথ্য তাতেই শেষ ।
এইবাৰ ইটো মানুহৰ ফালে সি লাহে লাহে আগুৱাই গ’ল
:কৈ যা!
চাৰ্ভিছ ৰিভলভাৰটো তাৰ মূৰত হেঁচি ধৰিলে সৌৰভে । পলোৱাৰ কোনো ৰাস্তা নাই, আনফালে স্মিতা, বিকাশ, আৰু দুজন কনিষ্টবল ৰৈ আছে ।
:ভালে ভালে কবিনে ?
সৌৰভৰ প্ৰচণ্ড চৰ এটা তাৰ গালত পৰিল ।
:ছাৰ মই সব কম মোক আৰু নামাৰিব ছাৰ,প্লিজ ছাৰ প্লিজ ।
সৌৰভৰ চৰটো ভালকৈয়ে পৰিছিল গালত, চকু চলচলীয়া হৈ পৰিল তাৰ ।
:ক তেন্তে
ৰিভলভাৰটো মূৰৰ পৰা নমালে সৌৰভে ।
:ছাৰ মোৰ কাম মাত্ৰ ‘হেপ্পী ৰাইড’ৰ চাইবাৰ হেক কৰাহে, বাকী কাম ৰঘুৱে চাই, কাষ্টমাৰ
উঠোৱা, কাক ক’ত ড্ৰপ কৰিব লাগে, মাল ক’ত উঠাব লাগে সেইবোৰ ৰঘুৱে মেনেজ কৰে ।মোৰ কোনো দোষ নাই ছাৰ ।
কথাখিনি ভয়ে ভয়ে ক’লে সি ।
:তোক সেইবোৰ সোধা নাই, ভালে ভালে তহঁতৰ মালিকৰ নামটো ক, নহ’লে গোটেইকেইটা গুলী তোৰ মূৰত ভৰাই দিম ।
খঙত গৰজি উঠিল সি ।
:সেই ছোৱালীজনীক ৰেপ কোনে কৰিছিল তই ? নে তোৰ মালিকে ক নহ’লে ?
খঙত চকু ৰঙা পৰি গৈছে সৌৰভৰ বাৰে বাৰে নিৰীহ ছোৱালীজনীৰ মুখখন ভাঁহি আহিছে তাৰ চকুত ।
:ছাৰ, তাইকো ৰঘুৱেই উঠাইছিল, বাটত কৈ হৈছিল নাজানোঁ, তাইক বেহুচ কৰি ইয়ালৈ আনিছিল, ৰেপ কৰি মাৰি পেলাইছিল ছাৰ ।
:নিৰীহ ছোৱালী এজনীক মাৰি পেলালি কুক্কুৰ!
প্ৰচণ্ড চৰ এটা পুনৰ তাৰ গালত পৰিল ।
:ছাৰ, তাই পুলিচক মতাৰ ধমকি দিছিল পুলিচ মাতিলে আমাৰ সকলো ধাণ্ডাৰ কথা সকলোৱে গম পালেহেঁতেন সেয়েহে তাইক মাৰি পেলাবলৈ মালিকে অৰ্ডাৰ দিছিল ছাৰ ।
:তাই পুলিচক কিয় মাতিম বুলি কৈছিল ?
:ছাৰ ৰঘুৱে তাইক মলেষ্ট কৰিবলৈ চেষ্টা কৰিছিল, সি মহিলা দেখিলেই পাগল হৈ যায় ছাৰ, আগতেও বহুবাৰ মালিকে তাক এইটো কথাৰ কাৰণে গালি পৰিছে, কিন্তু সি কামৰ মানুহ আছিল ছাৰ, মালিকৰ ৰাইট হেণ্ড,,
সি ভয়ে ভয়ে কৈ যোৱা কথাবোৰ শুনি হতবাক হৈ পৰিল সকলো । বিস্ময়কৰ ষড়যন্ত্ৰ এটা, এটা বৃহৎ ৰেকেত চলি আছে সিহঁতৰ অগোচৰে, সকলোৰে চকুত ধূলি দি, সংগোপনে ।
:হেল্ল মিষ্টাৰ বৰা, ব্যস্ত নেকি ?
অকস্মাতে দুৱাৰখন ঠেলি সোমাই অহা সৌৰভ আৰু বিকাশক দেখি অশ্ৰুনীল আৰু অভ্ৰনীল দুয়ো আচৰিত হ’ল ।
:ছাৰ এই সময়ত তাকো খবৰ নিদিয়াকৈ,,,সকলো ঠিকে আছেনে ?
:সকলো ঠিকে থাকিলে জানো আমি ৰাতিখন আপোনাক আমনি দিবলৈ আহিম, বাৰু মেইন কথালৈ আহোঁ, আপুনি জানি নিশ্চয় ভাল নাপাব আপোনাৰ ‘হেপ্পী ৰাইড’ বৰ্তমান ‘পাপী ৰাইড’ চাৰ্ভিছলৈ কনভাৰ্ট হৈছে, ‘হেপ্পী ৰাইড’ৰ হেকিং কৰি তাৰ নামত কোনোবাই ড্ৰাগছৰ স্মাগলিং ৰেকেট সুন্দৰকৈ চলাই আছে ।
:কিইইই ?
অশ্ৰুনীল বৰা উচপ খাই উঠিল ।
:ছাৰ মই কৈছিলোঁ নহয়, এইবোৰ গৌৰাংৰ কাম ছাৰ, আপুনি এতিয়াই এতিয়াই তাক এৰেষ্ট কৰক ছাৰ ।
অভ্ৰনীল উত্তেজিত হৈ উঠিল ।
:কাম ডাউন জুনিয়ৰ বৰা, ক্ৰিমিনেলক এৰেষ্ট কৰাই আমাৰ কাম । বাই দ্য ৱে এইখন চাওকচোন বৰুৱা, এওঁক দেখিছে নে ক’ৰবাত ?
সৌৰভে “ৰঘু যাদৱ”ৰ আই ডিখন আগবঢ়াই দিলে, অভ্ৰনীলে হাত পাতি ল’লে । কিছু সময় ঘূৰাই-পকাই চাই কৈ উঠিল ।
:ওহোঁ, দেখা যেন নালাগে কোন বাৰু এওঁ ?
:মিষ্টাৰ বৰা, তেৱেঁই আছিল সেই স্মাগলিং বিজনেছৰ মেনেজাৰ, বাৰু জুনিয়ৰ বৰা আপুনি চিনি পায় নেকি এওঁক ?
:নাই নাই, মই কেনেকৈ চিনি পাম, কি কথা কয় আপুনি ?
অভ্ৰনীল জাঙুৰ খাই উঠিল গৌৰৱৰ কথাত ।
সৌৰভে এবাৰ অভ্ৰনীলৰ ফালে চালে ।
:আচৰিত ন বৰুৱা, যিজন মানুহক আপুনি চিনিয়ে নাপাই, সেইজন মানুহৰ লগত আপুনি দিনে নিশাই কনটেক্টত থাকে ।
সৌৰভৰ কথা শুনি অভ্ৰনীলৰ মুখৰ বৰণ সলনি হৈ পৰিল
:কি ফালটু বকিছে এইবোৰ, মোক ফচাবলৈ কিমান টকা দিছে আপোনাক গৌৰাংগ দাসে ?
খঙত ফাটি পৰিল অভ্ৰনীল ।
:বহুত হ’ল বৰা, বাকী যি ক’ব লগা আছে পুলিচ ষ্টেশ্যনত গৈ ক’বগৈ, আপোনাৰ ৰাইট হেণ্ড ৰঘু যাদৱ অলপ আগতে পুলিচৰ গুলীত সিপুৰী পালেগৈ, তাৰ ফোনত আপোনাৰ সকলো ডিটেইলচ পোৱা গৈছে, আৰু বাকী থাকিল আপোনাৰ হেকাৰ আৰু বাকী কেইজন গেং মেম্বাৰ, তেওঁলোকো এতিয়া পুলিচ কাষ্টডিত,
ভালে ভালে আপুনি আমাৰ সৈতে আহক ।
বিকাশ এৰেষ্ট হিম!
সৌৰভৰ খঙটো উজাই আহিল । বিকাশৰ হাতত হেণ্ডকাফডাল দেখি। অভ্ৰনীল এখোজ দুখোজকৈ পিছুৱাই গৈ থাকিল ।
হঠাৎ সৌৰভ উৰি অহাৰ দৰে আহি অভ্ৰনীলৰ হাতখন থপিয়াই ধৰি আনখন হাতেৰে তেওঁৰ মুখত প্ৰচণ্ড ঘোচা বহুৱাই দিলে । সেই প্ৰচণ্ড ঘোচাৰ কোব সহিব নোৱাৰি অভ্ৰনীল কোঠাৰ একোণত চিটিকি পৰিল ।
:ছাৰ ?
বিকাশে একো তত ধৰিব নোৱাৰি গৌৰৱৰ মুখলৈ চাই ৰ’ল, সৌৰভে তাৰ উত্তৰত অভ্ৰনীলে খুলিবলৈ উদ্যত হোৱা দ্ৰয়াৰটো খুলি তাৰ পৰা নাইন এম এমৰ এটা ৰিভলভাৰ উলিয়াই আনিলে । বিকাশ সামান্য অন্যমনস্ক হোৱাৰ সুযোগ অভ্ৰনীলে পুৰা মাত্ৰাই গ্ৰহণ কৰিছিল কিন্তু শেষ ৰক্ষা নহ’ল ।
:মিষ্টাৰ বৰা, আপোনাৰ কিবা ক’ব লগা আছেনে ?
অভ্ৰনীলক গাড়ীত বহুৱাই সৌৰভে অশ্ৰুনীললৈ চায় প্ৰশ্ন কৰিলে ।
অশ্ৰুনীলে উদাস দৃষ্টিৰে গৌৰৱৰ ফালে চালে
: নাই ছাৰ, ই মোৰ ভাইটিৰ নামত কলংক, বেলেগ একো নকওঁ ছাৰ, আপুনি মোৰ ফুল চাপৰ্ট পাব । মাত্ৰ এজন মানুহ আছে, যাক মই কুলাংগাৰৰ বাবে হেৰুৱালোঁ, এজনী ছোৱালীৰ প্ৰাণ গ’ল, মোৰ নাকৰ তলতে এইবোৰ চলি থাকিল মই গ’মেই নাপালোঁ ছাৰ ।
হতাশাত ভাগি পৰিল অশ্ৰুনীল বৰা ।
:আপুনি এবাৰ গৌৰাংগক লগ কৰা উচিত মিষ্টাৰ বৰা, বাকী আমাক আপোনাৰ দৰকাৰ হৈয়ে থাকিব, কিছু ক্ষেত্ৰত দাসৰো দৰকাৰ হ’ব পাৰে, তেওঁ আপোনাৰ ভায়েকৰ এই কাম বোৰৰ বিষয়ে বহু আগতেই জানিছিল, আপোনাক ক’বও বিচাৰিছিল হয়তো,কিন্তু আপুনি বিশ্বাস নকৰিলে বৰা ।
:এৰা,,,মই তেওঁক এবাৰ লগ কৰা উচিত, ঠেংক্স ছাৰ, ঠেংক্স এ লট!
:ছাৰ যায়নে ?
বিকাশে মাত দিলে সৌৰভক।
:হম, ব’লা ।
পুলিচৰ জীপখনে মুহূৰ্ততে গতি ল’লে, থানাৰ অভিমুখে আগুৱাই গৈ থাকিল জীপখন, এটা দীৰ্ঘদিনীয়া দুঃস্বপ্নৰ সমাপ্তি এয়া, সৌৰভে চকু দুটা মুদি দিলে, তাক দুদিনমানৰ জিৰণিৰ খুবেই প্ৰয়োজন ।