– মা, অ মা, মাআআআআ, এইক চোৱাচোন পঢ়িবলৈ এৰি ফুট গধূলিতে কি কৰি আছে ।
কাণে কপালে বৈ পৰাকৈ নাৰিকল তেল লগোৱা চুলিখিনিত মিহি কাকৈখনেৰে আকৌ এবাৰ গুৰিৰ পৰা তললৈ জোৰেৰে আঁচুৰি দিলে ৰীমাই । তিনিটা ডাঙৰ, চাৰিটা সৰু আহিছে এইবাৰ । ডাঙৰবোৰৰ সংখ্যা ফণিখনত কমি যোৱাৰ লগে লগে মূৰটো পাতল লাগি যায় ।সোঁহাতে টেবুল ক্লথখন সামান্য আঁতৰাই উকা পঢ়া মেজখনৰ চুকটো ক’লা আৰু তাইৰ সোঁহাতৰ বুঢ়া আঙুলিটো ক’লাৰ লগতে ৰঙা বৰণ ধৰিছে ।
তাইৰ সেইবোৰলৈ ভ্ৰুক্ষেপ নাই । মুঠতে এইসোপা যাব লাগে । এইখিনি অঁতাই এইমাহৰ টিংকলখন চাবলৈ আছে তাইৰ । ৰীমলুয়ে পঢ়ি আছে এতিয়া সেইখন । ঠিক পঢ়ি আছে বুলিলে ভুল হ’ব, ছৱিবোৰহে চাই আছে সি । ৰীমাই পঢ়ি গৈ থাকোতে তাক কাহিনীবোৰ কৈ যাব লাগিব । যুক্তাক্ষৰবোৰ এতিয়াও ভালদৰে পঢ়িব পৰা হোৱা নাই বাবেই সি এতিয়াও ৰীমাৰ ওপৰত নিৰ্ভৰশীল । কেতিয়াও ৰজা নোহোৱা তন্ত্ৰী, চিকাৰী শম্ভু, সুপন্দিক ইমান যে ভাল লাগে ! ডাঙৰ হ’লে সিও লিখিব সুপন্দিৰ সাধু, ৰীম দাদাৰ দৰে । বায়েকৰ দৰে তাৰো টিংকল, চান্দমামা, মৌচাক সঁফুৰাৰ সাধুবোৰ পঢ়ি শুনি, ছৱিবোৰ চাই শেষ নকৰালৈকে হাত ভৰিবোৰ জিনজিনাই থাকে ।
– অই বান্দৰী, বৃত্তি পৰীক্ষালৈ কিমান দিন আছে হিচাপ আছেনে তোৰ ? বাছনি পৰীক্ষাৰ ৰেংকিং পাহৰিলি যদি মনত পেলাই দিওঁ ৰহ, তলৰ ফালৰ পৰা তিনি নম্বৰত আছ’ তই । স্কুলতেই এই অৱস্থা, জিলাততো পুৰা জিলিকি থাকিবি । মা, অ মা, মাআআআ ।” ৰীমে চিঞৰে ৰীমাক ।
– মাআআআআআআআআ, মৰিলো ঔ”, আৰ্তনাদ কৰি উঠে ৰীম । ৰীমৰ মাতটো শুনিলেই খং উঠা ৰীমাই চুলিখিনি ধৰি ঘোঁটালি দিয়ে ৰীমৰ । অসহ্যকৰ প্ৰাণী এটা ।
চিঞৰ বাখৰ শুনি শান্তিৰে চাকিগছ জ্বলাব নোৱাৰা মাকে আহি ৰীমাক স্বচক্ষে ৰীমক মাৰি থকা দেখি এহাতেৰে ৰীমাক ধৰি আনখন হাতেৰে লগত লৈ অনা পাতল এচাৰিদালেৰে টিকাত চেটেপ চেটেপ কৰি ভালে কেইবাৰমান বেতায় । কুটিল হাঁহি এটা মাৰি আঁতৰি যায় ৰীম ।
ঋষিকেশ হালৈ আৰু মন্দিৰা হালৈৰ সন্তান ৰীম, ৰীমা আৰু ৰীমলু । শ্ৰীযুত হালৈ পেছাত ডাক্টৰ । ঘৰৰ পৰা ৫০ কি:মি: আঁতৰৰ চৰকাৰী চিকিৎসালয়খনৰ চিকিৎসা বিষয়া । শনিবাৰে গধূলি ঘৰলৈ আহি সোমবাৰে পুৱাই ওভতে কৰ্মস্থলীলৈ । শ্ৰীমতী হালৈ, ৰীম, ৰীমা পঢ়া বিদ্যালয়খনৰ উচ্চতৰ মাধ্যমিক শাখাৰ ৰাজনীতি বিজ্ঞান বিভাগৰ বিষয় শিক্ষয়িত্ৰী । স্বভাৱতে অতিকৈ শান্ত শ্ৰীমতী হালৈ বৰ জনপ্ৰিয় শিক্ষয়িত্ৰী । নিজৰ বিষয়টো সম্পৰ্কে তেওঁ খৰচি মাৰি অধ্যয়ন কৰে বাবে তেওঁৰ ছাত্ৰ ছাত্ৰীয়ে চূড়ান্ত পৰীক্ষাত যথেষ্ট ভাল ফলাফল দেখুৱাই আহিছে ।
ৰীমে গোটেইকেইটা বিষয়ত লেটাৰ মাৰ্কসহ মেট্ৰিক পাছ কৰি বিজ্ঞান শাখাৰ একাদশ শ্ৰেণীত পঢ়ি আছে । পঢ়াৰ লগতে ৰীম ভাল লেখক আৰু আবৃত্তিকাৰ । চান্দমামা, টিংকল, মৌচাক, সঁফুৰা, আজৰিৰ জিলিঙনিত ভালেমান লেখা প্ৰকাশ পাইছে , বহু পুৰস্কাৰো বুটলিবলৈ সক্ষম হৈছে ।
ৰীমা ৰীমতকৈ চাৰিবছৰ দুমাহৰ সৰু । এতিয়া ক্লাছ চেভেনত পঢ়ি আছে । আপাত দৃষ্টিত শান্ত শিষ্ট ৰীমৰ বিপৰীতে ৰীমা দেখদেখকৈ উৎপতীয়া । বুদ্ধিত বৃহস্পতি । খংটো নাকৰ আগতে থাকে । এক কথাত নিজৰ ‘মৰ্জিৰ’ মালিক । পাঠ্যক্ৰমতকৈ বাহিৰা কিতাপৰ প্ৰতি আগ্ৰহী । প্ৰতিমাহৰ টিংকল, চান্দমামাৰে মন নভৰে । বাৰম্বাৰ মানা কৰা স্বত্বেও কোনো নাথাকিলে মনে মনে দেউতাকৰ কিতাপৰ আলমাৰিত হাত দিয়ে । উলিয়াই আনে ‘ নাপায়’ কিতাপবোৰ । আধা বুজে, আধা নুবুজে । আলফুলে থৈ দিয়ে কিতাপবোৰ । ডাঙৰ হ’লে পঢ়িব ।
ৰীমলু দ্বিতীয় শ্ৰেণীত । ৰীম আৰু ৰীমাৰ যুজঁ চাওঁতেই তাৰ সময় যায় । তাৰ লগত কাৰো একো অসুবিধা নাই । একেটাই ককায়েক, একেজনী বায়েকৰ একমাত্ৰ ভায়েক ৰীমলু । সি ৰীমৰ যিমান মৰমৰ, ৰীমাৰো সিমানেই আদৰৰ । কিন্তু একেটাই ককায়েক, একেজনী ভনীয়েক বোলা সূত্ৰটো ৰীম আৰু ৰীমাৰ লগত কোনোপধ্যেই নাখাটে ।
পঢ়াৰ মাজতে অলপ আমনি লাগে ৰীমৰ । ভাত খাবলৈও সাজু হোৱা নাই । ভাত খোৱা সময়লৈ ৰীমক বহুৱাই ৰাখিব লাগে । নহ’লে সি নোখোৱাকৈয়ে শুই যায় । তাক সাৰে ৰাখিবলৈ নিত্য নতুন আয়োজন কৰিব লগা হয় । কেতিয়াবা সিহঁতে চোৰ পুলিচ খেলে, কেতিয়াবা লুডো আৰু বেছিভাগ দিনতেই ৰীম আৰু ৰীমাই চুলিয়া চুলি কৰে । টোপনি পলাই ফাঁট মাৰে ৰীমলুৰ । ককায়েক বায়েকৰ কীৰ্তি চাওঁতেই সময় পাৰ হয় তাৰ । সপোনতো ৰীমলুয়ে ককায়েক বায়েককহে দেখা পায় বুলি মাকৰ বুকুৰ মাজত সোমাই মাকক কয় । পিছে আজি গধূলি মাৰ খোৱাৰ পৰা ৰীমাৰ ভীষণভাৱে মনটো বেয়া । আজি তাই ভাত খোৱাৰ সম্ভাৱনা অলপ কম । সেয়ে আজি আকৌ নতুনকৈ চুলিয়া চুলি কৰি লাভ নাই । ৰীমে ভাৱে ।
-ৰীমা, ৰীইইইমাআআআআ, ৰীমে লেনিয়াই মাতে ।
-কাম ক’ হালৈনীৰ কুলনন্দন ।
ৰীমাৰ খহটা উত্তৰ । মাক দেউতাক আশে পাশে নাথাকিলে ইটোৱে আনটোক হালৈৰ জীয়েক আৰু হালৈনীৰ পুতেক বুলি মাতে । এই শব্দকেইটা সিহঁত তিনিটাৰ মাজতেই সীমাবদ্ধ বাবে আজিলৈ কোনেও ঔকিল খোৱা নাই ।
-মানে তই জাননে ৰীমলু, মোৰ আৰু তোৰ নামটো মাহ’তে কিমান আদৰত, কিমান চিন্তা কৰি মা দেউতাৰ নামৰ আদ্যাক্ষৰ দি ৰাখিছিল । ৰীমাৰ কাৰণেতো একো মাথাই নামাৰিলে ।ৰীমৰ ভনীয়েক গতিকে ৰীমাই থৈ দিলে । আধা চেকেণ্ডো লগা নাছিল ভাবোতে । আৰু এটা কথা কি জান’? তাই ভাদমহীয়া যে সেয়ে মায়ে তাইৰ নামটো ভদৰী ৰাখিব ওলাইছিল । ৰীইইমাআআআ, তই চাবি কোষ্ঠীত তোৰ সেয়াই নাম আছে ।
-ৰীমাৰ নাম দেখোন ধ্বনি তৰংগিনী, ৰীম ।” আচৰিত হৈ সোধে ৰীমলুয়ে ।
– উম, সেইটো নাম দেউতাই দিয়া । কিন্তু হ’লে কি হ’ব, সবেই দেখোন তাইক সেই পেটেলা ধনীৰাম মহাজনৰ নিচিনা ‘ধনী’ বুলিহে মাতে । কোনোবাই তাইক ‘ধ্বনি’ বুলি মতা শুনিছ’ নেকি?
ৰীমলুয়ে বৰ ফুৰ্তি পায় । হাঁহিত ফাটি পৰিব খোজে । ৰীমাৰ খং উঠে । তাই কান্দিবলৈ ধৰে । মাক সোমাই আহি ৰীমক কৃত্ৰিম খং দেখুৱায় । ৰীমাৰ মুখত সুখৰ হাঁহি এটা বাগৰি যায় । চাৰিও ভাত খাবলৈ বহে । পিটন খালে এটাই ভাল যে মাকে তাইৰ পছন্দৰ কিবা এবিধ ৰান্ধি খুৱায় । ৰীমাই মনতে ভাৱে ।
ঘৰুৱা সহায়কাৰী নথকা ঘৰখনত ৰীম মাকৰ ছায়া হৈ চলে । পুৱাই মাকৰ লগতে উঠি সি ঘৰ সাৰি মাকৰ লগত পাকঘৰ চম্ভালে । ৰীমাই ৰীমলুক গা ধুৱাই স্কুললৈ সাজু কৰে । নাকে কাণে এমুঠি গুজি চাৰিও ওলাই যায় । আবেলি উভতি আহি ৰীমাই খিৰিকীবোৰ খোলে, ঘৰ সাৰে কাপোৰ সামৰে, ৰীমলুয়ে পিছদিনাৰ বাবে সিহঁতৰ জোতাবোৰ পলিচ কৰে । ৰীমে সিহঁতৰ টিফিন কেইটা উলিয়াই ৰাতিপুৱাৰ বাচনবোৰৰ লগত ধোৱে মানে মাকে সিহঁতৰ স্কুলৰ কাপোৰবোৰ ধুই গা ধোৱে । সিহঁত হাত ভৰি বা গা ধুই আহে মানে তেওঁ খোৱাৰ যোগাৰ কৰে । ভাত খাই উঠিয়েই ৰীম টিউচনলৈ ওলাই যায় । গোটেই সপ্তাহ টিউচন থাকে তাৰ । ৰসায়নবিজ্ঞান আৰু অংকৰ । পদাৰ্থবিজ্ঞানত ভাল ৰীম । অযথা টিউচন লোৱাৰ একেবাৰে পক্ষপাতী নহয় সি । জানে সি মাক দেউতাকৰ কষ্টৰ কথা । ৰীমাৰ পঢ়া গোটেইখিনি সিয়েই চায় যাতে মাকেও পঢ়াশুনা কৰিবলৈ সময় পায় । ৰীমলুক বৰ জোৰ দিয়া নহয় পঢ়িবলৈ । সি নিজৰ হিচাপত ৰীমাৰ লগত গধূলি পঢ়ে ।
ৰাতি ভাত খোৱাৰ পিছত পিছ বাৰান্দাত ৰীম আৰু মাকে চকী পাৰি বহে কিছুসময় । এইখিনি মাক পুতেকৰ একান্ত ব্যক্তিগত সময় । ৰীমে চকলেট এটা চোবায় টোপনি নধৰিবলৈ । দুয়ো কথা পাতে দেউতাকৰ কষ্টবোৰৰ, ৰীমা ৰীমলুৰ দুষ্টামিবোৰৰ । ৰীমে মন কৰে এইখিনি সময় যেন মাকৰ বৰ হেঁপাহৰ । বহুত কথা থুপ খাই থাকে তেওঁৰ ক’বলৈ । কেতিয়াবা মাকক ৰীমাৰ দৰেই এজনী সৰু ছোৱালী যেন ভাৱ হয় ৰীমৰ । শুনি যায় সি মাকৰ কথাবোৰ একান্তমনে যিবোৰ হয়তো দেউতাকে শুনাৰ কথা আছিল ।
আইতাকৰ গা বেয়া হয় । মাক গাঁৱলৈ যাবলৈ সাজু হয় । লগত ৰীমলু যাব । আধাখিনি বাছত গৈ বাকীখিনি দেউতাকৰ লগত যাব । দেউতাকেও ছূটী লৈছে দুদিনৰ । মাকে যোৱাৰ আগতে দঢ়াই দঢ়াই ৰীমাক কাজিয়া মাৰপিট নকৰিবলৈ, গেছ চিলিণ্ডাৰ নুচুবলৈ সঁকিয়াই থৈ গৈছে । ৰীমেও এই দুদিন টিউচন নাযায় । ঘৰতে পঢ়িব । গধূলিতে আগফাল পিছফালৰ গ্ৰীলত তলা লগাবলৈ মাকে ভালদৰে দিহা দি গৈছে ।
-এইটো হালৈনীৰ কলিজাৰ এফাল ৰীমেই নে !
আচৰিত হৈ গৈছে ৰীমা । তাইক পাছলি কাটিবলৈ দিয়া নাই, বাহিৰা কিতাপ দেখদেখকৈ পঢ়ি থাকিলেও টানকৈ একো কোৱা নাই, বাচন ধুবলৈও কোৱা নাই, কাপোৰখিনিও সি নিজেই সামৰি আনি জাপি থৈছে আনকি তাইৰ গা ধোৱা পানীখিনিও বাথৰুমত যতনাই থৈছে । তাইৰ ঘনাই ভোক লাগে বাবে সি গাখীৰ বিস্কুট, অমলেট বিধে বিধে খোৱাবস্তু যোগাৰ দি আছে তাইক । শ্ৰম আৰু শ্ৰমিকৰ অংক, ৰেলগাড়ীৰ বেগ আৰু দূৰত্বৰ অংককেইটাও বৰ পানীকৈ বুজাই দিছে তাইক ৰীমে, এবাৰো খং কৰা নাই, টানকৈ কোৱা নাই । উফ, ইমান সুখ সহ্য কৰিব পৰা নাই ৰীমাই ।
তাই স্কুললৈ পিন্ধি যোৱা নীলা স্কাৰ্টটোৰ তলফালে এছোৱা ঠাইৰ চিলাই খুলি পিছফালে ওলমি আছিল । তাই তেনেকৈয়ে স্কুল গ’ল । একো নক’লে ৰীমে । ৰাতি সি মাকৰ বেজী সূতা উলিয়াই আনি কাম চলাই নিব পৰাকৈ স্কাৰ্টটো চিলাই দিয়ে । ৰীমাৰ খুব মন গৈছিল ৰীমক সাৱটি ধৰি তাৰ ডিঙিত ওলমিবলৈ । কিন্তু তাই তেনে একো নকৰিলে । আসৈ পাব হালৈনীৰ পুতেকে !
ঠাঁচ ঠাঁচকৈ চৰকেইটা মাৰি খঙতে ফোঁফাইছিল মন্দিৰা হালৈয়ে । ৰীমলু ভয়তে কন্দাত লাগিল । শান্ত শিষ্ট মাকজনীৰ এইটো ৰূপ সি কাহানিও দেখা নাছিল । ৰীমে তাক কোলাত উঠাই বাহিৰলৈ লৈ গ’ল । গাল ফৰফৰাই যোৱাকৈ চৰকেইটা খাই ঠাইতে থৰ লাগিল ৰীমা । ধৰিবই নোৱাৰিলে তাই ক’ত কি জগৰ লাগিল ।
-সাহ চাওক জীয়েৰৰ, তাই পঢ়া স্কুলখনতে যে মাকেও চাকৰি কৰে পাহৰিলে চাগৈ তাই । যেতিয়াই সোধো, তেতিয়াই কয় ৰাভা ছাৰে অংকৰ বহী দিয়া নাই । সৱ বিষয়ৰ বহী দিয়ে, অংকৰখন হে নিদিয়ে । তাইৰ কথা বিশ্বাস কৰো বাবে ৰাভাক সোধা নাছিলোঁ । এই প্ৰতিদান দিছে জীয়েকে । ১০০ ৰ ভিতৰত ৪৩ পাইছে, বহীও দিছে ১২ দিন আগতে । ৰীমে নোকোৱা হ’লে গমেই নাপালো হয় এইৰ কুকীৰ্তি বোৰ । ইমান দিনে সৰু হৈ আছে বুলি দুষ্টামিবোৰ বোৰ আওকাণ কৰি আছিলো, এতিয়া তাই মিছাও ক’বলৈ শিকিলে । কি কৰা নাই ইহঁতৰ বাবে ।”
শেষলৈ মাকৰ মাতটো কান্দোনলৈ সলনি হৈছিল ।
মাক উভতিছিল ঘৰলৈ দেউতাকৰ লগত । লগত আনিছিল আইতাকে পঠোৱা মৰমৰ মেটমৰা টোপোলা আৰু এটা বিশেষ খবৰ । খবৰটো বিশেষতকৈও বিশেষ আছিল, যিহেতু তাৰ লগত জড়িত হৈ আছে সিহঁতৰ বহুত সপোন, আকাংক্ষা আৰু হেঁপাহ ।
দেউতাকৰ বদলিৰ নিৰ্দেশ ওলাইছে । ঘৰৰ পৰা ৯ কি:মি: আঁতৰৰ চিকিৎসালয়খনলৈ বদলি হৈ আহিব দেউতাক । ঘৰৰ পৰাই অহা যোৱা কৰিব পাৰিব । সুখী হৈছিল তিনিওটা ল’ৰা ছোৱালী । সকাহ পাইছিল মাকে, প্ৰথমবাৰলৈ ইমান ওচৰলৈ আহিছে তেওঁ । উঠি অহা তিনিটা ল’ৰা ছোৱালীক অকলে ডাঙৰ দীঘল কৰিবলৈ যাওঁতে সঁচাকৈয়ে বৰ কষ্ট পাইছে শ্ৰীমতী হালৈয়ে । দেউতাক লগত থকাটোৱে এটা ডাঙৰ সাহ,এক নিৰাপত্তাৰ কৱচ ।
সুখী মন এটা লৈয়ে আইতাকৰ ঘৰৰপৰা অহা মৰমৰ টোপোলাবোৰ আলফুলে খুলিছিল ৰীমাই । বিধে বিধে কিমান কি যে বস্তু ! তাই ভালপোৱা ৰঙালাওৰ আগ, ২০টা মান ৰঙালাওৰ ফুল, ঢেকীয়া শাক, কলমৌ শাক, কুমলীয়া ভাতকেৰেলা, ভেণ্ডি, হাঁহৰ কণী, থেকেৰা টেঙা, কুমলীয়া ঔটেঙা, মাটিকঁঠাল, পুখুৰীৰ মাছ, পঠাৰ মাংস, কণবিলাহী, কচুথোৰ আৰু কিমান যে কি ! মাকলৈ বুলি মাছ বাছিবলৈ আৰু কেৰাহীৰ তলিবোৰ নিমজকৈ ঘঁহিবলৈ ফুঁটছাই আৰু গধূলি ধূনাৰ মলাত দিবলৈ মিহিকৈ কটা শুকান নাৰিকলৰ চোকোৰাও আথে বেথে টোপোলা কৰি পঠিয়াইছে খুড়ীয়েকে । বস্তুবোৰ সামৰি থাকোতেই মাকে দিলে লপা থপা তাইক ।
হয়, ভালমান দিন আগতেই দিছিল অংকৰ বহীখন । কিন্তু মাকৰ খং উঠিব বুলি জানিয়েই তাই বহীখন তৃতীয় শ্ৰেণীত পঢ়ি থাকোতে দেউতাকক কুটুৰি কুটুৰি কিনা টিনৰ সৰু পুৰণি
বাকছটোৰ ভিতৰত চাৰিজাপমান কৰি লুকুৱাই থৈছিল । ভাবিছিল দেউতাক আহিলেহে দেখুৱাব । দেউতাক আহিলে মাকৰ মনটো ভালে থাকে । ৰীমৰো দাদাগিৰি নিয়ন্ত্ৰণত থাকে । দেউতাকে যে বুজে তাইৰ মনটো । গালি নাপাৰে । ভালদৰে পঢ়িবলৈ কয় । কিন্তু এই হালৈনীৰ পুতেক, কুলনন্দনে ক’ত তাইক সুখৰ ভাত এমুঠি খাবলৈ দিব ! দেউতাকে যে তাইক মৰম কৰে সেইটোত তাৰ কলিজা বৃক্ক সৱ জ্বলে । নিজকে মাকৰ আগত মহান দেখুৱাব পৰা সুযোগ যশোলংকাৰ সুপ্ৰতীকে এৰি দিব ?
নিদিয়ে ।
কেতিয়াও নিদিয়ে । নহ’লে নমাহিলী পৰীক্ষাৰ সমাজ অধ্যয়নত ৰীমলুয়ে ১২ নম্বৰ পোৱা বহীখন স্কুলৰ বাহিৰৰ নলাত পেলাই তাৰ ওপৰত পেছাৱ কৰি ঘৰলৈ ওভতিছিল, তেতিয়াতো তাক ৰীমে গৰুপিটন দিয়া নাছিল । ওলোটা তাক মৰমেৰে দুনাই তেনে নকৰিবলৈ বুজাইছিল । আগৰবাৰ দেউতাক ঘৰলৈ আহোতে অনা কালাকান্দৰ আধাতকৈও বেছিখিনি যে ৰীমলুয়ে ছূৰীৰে চাৰিওফালে সমানকৈ কাটি কাটি সৰু কৰিছিল আৰু নকটাখিনি নিজলৈ ৰাখিছিল তেতিয়া ৰীম ক’ত আছিল ? তেতিয়া সৱে বাৎসল্য ৰসত মজি আছিল । বুজি নাপায় ৰীমাই ৰীমে কিয় অনবৰতে তাইৰ ওপৰত চোকা দৃষ্টি ৰাখে?
তাইতো তাৰ প্ৰতি ইমান হিংসা ভাব নাৰাখে ।ৰীমে ইমান ভাল ৰিজাল্ট কৰিও একমাত্ৰ সুমনা বাক দেখা নাপাব বুলিয়েই যে মাক দেউতাকে বাৰে বাৰে জোৰ কৰা স্বত্বেও যে কলেজলৈ পঢ়িবলৈ নগ’ল সেয়া কি ৰীমাই নাজানে ? সেই কথা তাই জানো দেউতাকক কৈছে ? কিন্তু সিতো মহান দেখুৱাই মাক দেউতাকৰ আগত শ্ৰৱন কুমাৰ হৈ বহি আছে ।
তাইহে একমাত্ৰ তাড়কা ৰাক্ষসী তাৰ দুচকুত ।
নুবুজে, সঁচাকৈয়ে নুবুজে তাই । কিয় ৰীম ইমান নিৰ্দয়ী তাইৰ প্ৰতি ।
মাকৰ পিটন খোৱাটো তাইৰ বাবে নতুন কথা নহয় । তাই জানে মাকে তাইৰ উৎপাত, উপদ্ৰৱ দুষ্টামিবোৰৰ বাবেহে তাইক পিটে । তাইৰ বাবে তেওঁ বিশেষভাৱে চেকনি কাটি ৰাখিছে । ৰীমে ডাঙৰ বুলি আৰু ৰীমলু সৰু বুলি সাৰি যায় । তাইৰ পিঠিতহে ডবা কোবায় । কিন্তু সেইবুলি দেউতাকৰ আগত কিয় মাৰিব? যদিওবা মাকে চৰিয়াইছে তাইক কিন্তু ইয়াৰ পিছফালে আঁচনি ৰীমৰ । ৰীমে গৰমে গৰমে মাকক কথাষাৰ নোকোৱাকৈও থাকিব পাৰিলেহেঁতেন । অলপ ধীৰে সুস্থিৰে কোৱা হ’লে হয়তো মাকৰ ইমান খং নুঠিল হয় , ইমানখিনি দুখ নাপালেহেঁতেন ।
বহুত সহ্য কৰিলে ৰীমক তাই । এতিয়া প্ৰতিশোধ ল’ব তাই । ভয়ংকৰ প্ৰতিশোধ ।
-সাজু হ ৰীম, কৰ্মফল ভোগ কৰিবলৈ ।
ক্ৰিকেট খেলি ঘৰ সোমাই মানে গধূলি নামিছিল । আজি তাই সাতটা চাৰি আৰু তিনিটা ছয় কোবাইছে । পিংকিবায়ে কৈছে তাইৰ ভৱিষ্যত ভাল । পলিথিন জাপি জাপি বনোৱা বলটো ফাটি পলিথিনবোৰ বতাহত উৰি নুফুৰা হ’লে আৰু দুটামান চাৰি কোবাব পাৰিলেহেঁতেন ৰীমাই । কালি গোটেইকেইটাই লগ হৈ পইচা উঠাই টেনিছ বল এটা কিনাৰ কথা ভাবিছে । আজি পইচা দিবলৈ অমান্তি হোৱা ৰূপমক ক্ৰিকেট বেটখনেৰেই দুকোব লগাই থৈ আহিছে ৰীমাই ।
বেটিং কৰিবলৈ আহে ৰূপম, ফিল্ডিং কৰিব দিলেই মাকে মাতি লৈ যায় । পঢ়িব আছে হেনো । বৃত্তি পৰীক্ষালৈ বেছিদিন নাই । অলপ পিছত ৰূপমৰ মাক আহিবই চাগৈ সিহঁতৰ ঘৰলৈ তাইৰ গুণানুকীৰ্তন কৰিবলৈ ।
-কিমান দিন কৈছোঁ তোক, তাইৰ বিচনাত নুঠিবি, নুশুবি, শুনিলেহে তই মোৰ কথা । পালি এতিয়া মজাটো, আজিৰপৰা মোৰ বিচনাত তয়ো নুঠিবি ।
মাকৰ শোৱা কোঠাৰ মজিয়াত লেপেটা কাঢ়ি বহি মূৰটো পাতি দিয়া ৰীমক চাপৰ টুল এখনত বহি মিহি ফণী এখনৰে মূৰটো জোৰে জোৰে আঁচুৰি মাকে কৈ গৈছে ।
-মূৰটো খজুৱাই খজুৱাই পাগল হৈ গৈছো মা, টিউচনতো একো মন দিব নোৱাৰিলোঁ কালি । ৰীমে লেনিয়াই ।
সন্তোষৰ হাঁহি এটা বাগৰি যায় ৰীমাৰ মুখত । প্ৰতিশোধ পূৰণ হ’ল তাইৰ । ৰীমৰ অৱস্থাটো দেখি খুব ফুৰ্তি লাগিছে তাইৰ । তাইৰ লগত শত্ৰুতা শালিছিল হালৈনীৰ পুতেকে ! কিন্তু সি পাহৰি গ’ল ৰীমাই ধাৰ নাখায়, সূতে মূল ওভতাই দিয়ে ।
সাত বজাত টিউচনৰ পৰা আহি এঘণ্টামান সময় লেবেজান হৈ শুই পৰে ৰীম । এইখিনি সময়ত ভূতে আহি দাঙি লৈ গ’লেও বা ভূমিকম্প আহিলেও গম নাপায় সি । পৰাপক্ষত তাই আৰু ৰীমলুয়েও আমনি নিদিয়ে সেইখিনি সময়ত ।বুজে সিহঁতে, ভাগৰি পৰে সি । পৰহিও শুইছিল সি আনদিনাৰ দৰে । মাক পাকঘৰত ব্যস্ত, ৰীমলুয়ে ছৱি আঁকি আছিল ।
তাই সোমাই গ’ল ৰীমৰ কোঠালৈ । হাতত মিহি ফণিখন । মুখখন মেলি ওপৰমূৱাকৈ শুই আছিল ৰীম । ৰীমাই নিজৰ মূৰটো এবাৰ আঁচুৰি আনিলে, ক’লা হৈ আহিল ফণিখন । লাহেকৈ ফণীখন জোকাৰি দিলে ৰীমৰ মূৰৰ ওপৰত । প্ৰক্ৰিয়াটো মুঠ দুবাৰ কৰিলে । কিবা এটা ভাবি এবাৰত ফণিখন তাৰ বিছনাখনতো জোকাৰি কোঠাটোৰ পৰা ওলাই আহিল তাই । নিজৰ বুদ্ধিদীপ্ততাক নিজেই শলাগিলে তাই ।
-ইমান লেতেৰা মানুহ থাকেনে? টাকলি হৈ যা তই, তেহে যদি এইসোপাই লগ এৰে তোৰ । ৰীমৰ চকুত, কথাত তাইৰ প্ৰতি অৱজ্ঞাৰ সুৰ । কিন্তু মন কৰিছে ৰীমাই, ভাগি পৰিছে সি, অস্থিৰ হৈ পৰিছে আৰু নিজকে সি সেই পৰিস্থিতিত পৰি সহ্য কৰিব পৰা নাই ।
– মা কিমান দিন লাগিব এইবোৰ যাবলৈ” ,অসহায় হৈ পৰিছে ৰীম ।
সুখী, বহুত সুখী ৰীমা ।
– অহিংসা পৰম ধৰ্ম । মনতে আওৰালে এবাৰ, দুবাৰ, কেইবাবাৰো ।
– বাবুদা, নখেৰে আঁচুৰিলে চেপ্টিক হয় নেকি?” কণমানিজনীয়ে সোধে ।
-উম, হয় আক’, তাইৰ আঙুলিত ধৰি থকাটোৱে চমুকৈ কয় ।
-ছৰী, বাবুদা,মই তোমাক আঁচুৰিলো, নেক্সট টাইম কেতিয়াও নকৰো, বাৰ্বি প্ৰমিজ । কণমানিজনীয়ে দোষী দোষী ভাৱেৰে ককায়েকৰ মুখলৈ চায় ।
বিলিং কাউণ্টাৰৰ শাৰীত থিয় হৈ মন্ত্ৰমুগ্ধৰ দৰে ককায়েক ভনীয়েককলৈ চাই ৰয় ৰীমা । সিহঁতৰ জীৱনৰ এই সময়, এই ক্ষণ দীঘলীয়া হওঁক । মনতে ভাবে । নিজৰ বিলখিনি পৰিশোধ কৰি বৃহৎ টোপোলাটো লৈ শ্বপিং মলটোৰ পৰা ওলাই আহে তাই । টোপোলাটো পাৰ্ছেল কৰাৰ আগতে এবাৰ আলফুলে চুই চায় । ৰীমে চাকৰি কৰা সৰু ঠাইডোখৰৰ চিকিৎসালয়খনৰ আশে পাশে অনলাইন ডেলিভাৰী নহয় বাবে এই আয়োজন ৰীমাৰ । পাৰ্চেলৰ ভিতৰত চিঠিখন ভৰোৱাৰ আগতে আকৌ এবাৰ চকু ফুৰালে তাই চিঠিখনত ।
“মৰমৰ ৰীম,
তই আছিলি বাবেই মোৰ এটা বৰ ধুনীয়া ৰাতিপুৱাৰ কোমল ৰ’দ সদৃশ শৈশৱ আছিল । কোমল ৰ’দৰ নিচিনা ল’ৰালি যিয়ে ভিটামিন D ৰ যোগান ধৰে, স্মৃতিৰ সঁফুৰা টনকিয়াল কৰে । তোক কেন্দ্ৰ কৰিয়েই সেই শৈশৱত কৈ শেষ কৰিব নোৱাৰা অলেখ অযুত কাহিনীৰ অফুৰন্ত ভাণ্ডাৰ আছে যিবোৰ কাহিনীক আমৃত্যু লালন পালন কৰি যাম, নিজৰ অজানিতেই যদিওবা হাজাৰ কাকূতি মিনতি, প্ৰাৰ্থনায়েও ঘূৰাই দিব নোৱাৰে, সেই দিন, সেই সময় সেই ক্ষণ ।
কৃতজ্ঞ হৈ ৰ’ম তোৰ প্ৰতি, নেদেখা জনৰ প্ৰতি জীৱনৰ শেষ সময়লৈ, আমাৰ শৈশৱক বিশেষভাৱে বিশেষ কৰি তোলাৰ বাবে ।
ওপজা দিনৰ বহুত শুভকামনা থাকিল, কুশলে থাকিবি মোৰ শৈশৱৰ সবাতোকৈ প্ৰিয় চানেকিটো ।
প্ৰান্তত
হালৈৰ জীয়েক
পাৰ হৈ যোৱা সোণোৱালী বছৰবোৰৰ প্ৰতিটো দিন, প্ৰতিটো ক্ষণে বৰ আবেগেৰে, মৰমেৰে ৰীমাক সাৱটি ল’বলৈ ব্যগ্ৰ হৈ ৰৈ আছিল ।