বহুদিন ভাবিছে মনীষে। মণিমাৰ ঠাইত হোৱাহেতেন কি কৰিলে হেতেন সি। নিজৰ সপোন বোৰ কবৰ দি হাঁহি হাঁহি আনৰ সপোন এটা নিজা কৰাৰ প্ৰক্ৰিয়াটোত কিমান সুখ আছে । নে পুৰুষৰ সমাজ খনত নাৰীয়েই ত্যাগ কৰে বুলি লিখিত অলিখিত মোহৰটোত মোহ গৈ নাৰীয়ে সেয়াই সঁচা বুলি ভাবিলে । নিজৰ অন্তৰতম কোণ জুমি নোচোৱাকৈ –ধূলিৰ চামনি গুচাই নোচোৱাকৈ পুৰুষে সমাজে কোৱা কথা খিনিকে সঁচা বুলি ভাবি ল’লে। কোনটো সত্য?সমাজে বন্ধা ৰীতি নে হৃদয়ৰ আৰ্তি।
আৰু মনিমাই নিজৰ হৃদয়ৰ কথা শুনিছে। নিজৰ সপোনটোত ডেউকা দুখন লগাইছে। সি মণিমাক বেয়া পাব পাৰেনে।
গোটেই সংসাৰে মনিমাক থু থু কৰাৰ পিছত, এবছৰীয়া কেঁচুৱাটোৰ মেলেক কৈ মৰা হাঁহিটো, কান্দি থকা মুখ খন দেখাৰ পিছত, অফিচ , ঘৰ কেঁচুৱাৰ আল মাৰি ভাগৰুৱা হৈ বিচনাত পৰি ভাগৰ নমৰোতে আকৌ অফিচলৈ দৌৰাৰ পৰত –কোনটো সময়ত সি মণিমাক বেয়া পাব –খং কৰিব।
বতাহত কলপাত কঁপাৰ দৰে কঁপি আছিল মনিমাৰ লাহী শৰীৰ। মনীষে সামৰি লৈছিল তাইৰ সমস্ত আবেগ –কান্দোন –আকুলতা। এই মাত্ৰ মনীষৰ কোৱাৰ্টাৰত প্ৰথম বাৰৰ বাবে দুই অনভিজ্ঞ যুৱক যুৱতীয়ে আবিষ্কাৰ কৰিলে জীৱনত প্ৰথম বাৰৰ বাবে কৌমাৰ্য হেৰুওৱাৰ মাদকতা।
তাৰ পিছত কেইবাবাৰো সিহঁতে লগ পালে। মনীষৰ কোৱাৰ্টাৰ, মনিমাৰ ভাৰা ঘৰ, ৱীকেণ্ডত কোনোবা ৰিজৰ্ট মুঠতে তালিকা খন অন্তহীন। মনিষে প্ৰস্তাৱ দিলে —
আমি যদি ইজনে সিজনৰ কম্পেনী ইমানেই উপভোগ কৰো তেনে দুয়োটা একেলগে থকাই ভাল।
ভুলতো কিন্তু বিয়াৰ কথা নাভাবিবা। মই এই চ’ ক’ল্ড বিয়া নামৰ ইনষ্টিটিউশ্যনটোত একদম বিশ্বাস নকৰো।
থ্ৰেডিং কৰা চেলাউৰী যোৰ নচুৱাই নচুৱাই মনিমাই ক’লে।
নাই নাই দেই –মোৰো চ’ক’ল্ড হাজবেণ্ড হৈ আলু পিয়াজৰ হিচাপ ৰাখিবলৈ নাই।
চ’—- ডান
দুয়োটাই হাত মিলালে। সেইদিনা গধুলিয়েই কোৱাৰ্টাৰ এৰি মনীষ মনিমাৰ ফ্লেটলৈ গুছি আহিল।
দিন বোৰ ভালেৰেই পাৰ হৈ গ’ল। সিহঁত যেতিয়া হাজবেণ্ড ৱাইফ নহয়েই কোনোৰে কাৰো ওপৰত অধিকাৰ জটাবলৈ নাই। কোনেও ঘৰ খনৰ একো কাম কৰাৰ কিবা দায়িত্ব লোৱাৰ কোনো দৰকাৰ নাই। সৰা মোচা কৰিবলৈ বাই আহে। ৰান্ধিবলৈ পাপু ভাইয়া আহে। বজাৰ ঘৰতে দি যায় হি — । দুয়োটাই ভাগৰি যুগৰি অফিচৰ পৰা আহে। ফ্ৰেচ হৈ কফি খাই খাই কথা পাতে। আৰু বিয়া পাতি ‘শ্বহীদ’ হৈ যোৱা দম্পতী বোৰৰ বাবে শোক প্ৰকাশ কৰে।
এইকেইদিন মনিমাৰ গাটো বৰ বেয়া লাগি আছে। অনবৰতে দুৰ্বল দুৰ্বল ভাৱ। মনীষৰ মতে তাই অফিচৰ কামত বেছি ষ্ট্ৰেচ লৈছে। অনবৰতে এংজাইটি, মুড চুইং হৈছে তাইৰ।
সেইদিনা মনীষক বিচনাত তিতা টাৱেল পেলোৱা, ঘৰ খেলি মেলি কৰা বুলি বকিছে তাই। মনীষে কেৱল ক’লে —
য়ু আৰ জাষ্ট লাইক আ টিপিকেল ৱাইফ।
কৈয়েই সি বেলকনিলৈ ওলাই গ’ল।
মনিমাই খঙত নিজৰ চুলি নিজেই আজুৰিলে। হৈছে কি তাইৰ– তাই কেতিয়াৰ পৰা এই ফুলিশ্ব ৱাইফ বোৰৰ দৰে বিহেভ কৰিবলৈ শিকিলে!
নাই কালিলৈকে তাই ডাক্টৰৰ ওচৰলৈ যাব লাগিব। শ্বী নিড টু চি আ ডক্টৰ ইমেডিয়েটলি।
কংগ্ৰেচুলেশ্যনচ। য়ু আৰ গ’য়িং টু বি আ মাদাৰ।
হোৱাট?
দিল্লীৰ বিখ্যাত গাইন’ক’লজিষ্ট ডা° কে আবাবা ৰ চেম্বাৰত মুখ ঢাকি তাই বহি পৰিল। হাও কাম ! কেনেকৈ ! কেনেকৈ সম্ভৱ। সিহঁতে দেখোন সকলো প্ৰিক’শ্যন লৈছিল। বেবী এটাৰ বাৰ্ডেন ল’ব পৰাকৈ তাই মেণ্টেলী প্ৰিপেয়াৰ্ড নহয় এতিয়াও। মনীষ ! মনীষক এতিয়াই জনোৱাৰ দৰকাৰ। তাই খপ জপাই মনীষৰ নম্বৰটো উলিয়াই ডায়েল কৰিলে।
এবাৰ ! দুবাৰ ! তিনিবাৰ!
উস! তাৰ ফোন –নট ৰিচ্ছেব’ল।
চী ডক- আই হেভ টু এব’ৰ্ট দ্য বেবী। য়ু ন’ আই এম নট ৰেডী!
হোৱাই! দিজ ইজ দ্য ৰাইট টাইম টু হেভ ইট। এণ্ড ইটচ অলৰেডী ফ’ৰ্থ মান্থ। ইটচ আ ৰিস্ক।
ফৰ্থ মান্থ ! আস — স্পটিঙ কে তাই লাইট পিৰিয়ড বুলি ভুল কৰি আছিল। তাইৰ মূৰটো ঘুৰাবলৈ ধৰিলে। অহা মাহত ইউ কে ত চেমিনাৰ প্ৰেজেণ্টেশ্যনৰ কি হ’ব?
তাইৰ পি এইচ দি চাবমিশ্যনৰ ডেট আছে তাৰ পিছৰ মাহত। সেইয়া কৰি উঠি নতুন প্ৰজেক্ট এটাৰ কাম আৰম্ভ কৰাৰ কথা– উস !
কি কৰে এতিয়া তাই।
কোনোমতে তাই চেম্বাৰৰ পৰা ওলাই ঘৰ পালেগৈ।
অসহ্য খং উঠিছে মণিমাৰ। খঙতে তাই এফালৰ পৰা লিভিং ৰুমৰ চোফাৰ কুশ্যন বোৰকে আজুৰি আজুৰি মজিয়ালৈ পেলাই দিলে। দুখন চোফাৰ মাজৰ চুকটোত সজাই থোৱা -যোৱাবাৰ ইজিপ্তলৈ চেমিনাৰৰ বাবে যাওঁতে অনা মহামূল্যৱান চিৰামিকৰ পাত্ৰটো দলিয়াই দিলে বিপৰীত ফালৰ বেৰখনলৈ। বেৰত খুন্দা খাই পাত্ৰটো ভাঙি চুচুৰ্মৈ হ’ল। ঘন ঘন কৈ উশাহ লৈ তাই এইবাৰ পাকঘৰৰ ফালে পোনালে। কেইবা খনো প্লেট আৰু বাটি কেইটামান ভঙাৰ পিছত তাইৰ ভাগৰ লাগিল। তাই অকণমান শান্ত হ’ল। সেইবোৰ তেনেকৈয়ে এৰি তাই পানী এগিলাচ কোট কোট কৈ পি বিচনাতে ভাগৰুৱা দেহাটো পেলাই দিলে।
এটা কাম কৰো নহ’লে।ঘৰলৈকে যাওগৈ ব’লা। বেবীটো জন্ম হোৱালৈকে থাকিম। তাৰ পিছত আমি ফ্ৰী। দুয়োটা আকৌ গুছি আহিম। মায়ে কেঁচুৱা বৰ ভাল পায়। মাৰ হাতত কেচুৱাটো গতাব পাৰিলে চিন্তা নাই।
বহুদেৰী নিজৰ লগত যুঁজ বাগৰ কৰি কৰি শুকান মুখ, নিৰুত্তাপ মাতেৰে মনীষে প্ৰস্তাৱ দিলে।
জকজকাই উঠিব খুজিও মনিমা ৰৈ গ’ল। ক’বলৈ থাকিল কি! দোষ দিব কাক।
আৰু এই মুহূৰ্তত এইটোৱেই সকলোতকৈ নিৰাপদ প্ৰস্তাৱ।
শেৱালি কোমল শাৰদী পুৱা এটা। বাঢ়নীয়ে একা বেকাকৈ সাঁচ পেলাই থোৱা দীঘল পদূলিটোৱেদি মানুহ গৰাকী উধাতু খাই দৌৰ মাৰিলে। বতাহত তেওঁৰ উৰণীয়া চাদৰ ভৰিৰ পতাত ধুলি আৰু নিয়ৰত সেমেকা বন পাত!
পুতেক আহিছে অত বছৰৰ মূৰত। বোৱাৰীও আনিছে। খঙেই কৰে নে দুখেই কৰে নে আনন্দই কৰে! মানুহজনীৰ ভূ হেৰাল।
আয়ৌ দেহী কেনে মৰম লগা ছোৱালীজনী–মুহুৰ্ততে সকলো পাহৰি তেওঁ মণিমাক সাবটি ধৰিলে।
মনীষে আৰ চকুৰে মণিমালৈ চালে। মেখেলা চাদৰ আৰু একপাল সেন্দূৰেৰে তাইক সচাঁসচি বোৱাৰী যেনেই লাগিছে।
ঘৰখনত তেনেই শান্ত! সাদৰী মানুহজনী তাতে উথপ থপ কৰি ঘূৰি ফুৰে। গা ভাৰী বোৱাৰীক কি খুৱাব–কি যাচিব! আক তাক কৈ তাইলৈ তেওঁ জীয়া মাছ অকণৰ যোগাৰ কৰে–ভেদাই লতা নৰসিংহৰ জোল অকণ ৰান্ধে। মণিমাই সৰু মাছ খাই ভাল পাই বুলি জুপি জুপি মোৱা মাছ বাছে। গধুলি চাহৰ খোলাত বহি দুয়ো ৰগৰ কৰে। বেছি ভাগ কথা মাকেই কৈ থাকে। মনীষৰ সৰু কালৰ কথা বোৰ শুনিশুনি মণিমাৰো হাঁহি হাঁহি চকু পানী ওলাই যাইগৈ।
মাজে মাজে মণিমাৰ খাবলৈ মন নোযোৱা হয়। মানুহগৰাকীৰ উচপিচনি বাঢ়ে। গাঁৱৰ সিটো মূৰত থকা কলিয়নী আইৰ পৰা পানী অকণ জাৰি আনি খুৱাইহি। নামঘৰৰ আতৈ, কালী থানৰ বাবা আৰু শান্তিজানৰ আইৰ পৰা আনি অঁৰা ডোল ফহঁতিৰে মণিমাৰ বাহু ককাল ভৰি পৰিছেহি। প্ৰতিটো বস্তু নিসংকোচে আৰু আস্থাৰে হাত পাতি লোৱা মণিমাক চাই চাই মনীষ আচৰিত হয়। হঠাৎ তাৰ এই গোটেই ব্যৱস্থাটোৱেই ভাল লাগিবলৈ ধৰে। এনেকৈয়ে থাকিবলৈ দেখোন ভালেই লাগিছে । যুক্তি তৰ্ক, অধিকাৰ অনাধিকাৰ, প্ৰতিযোগিতা ,গতি এইবোৰৰ জটিলতাৰ পৰা আতৰৰ সহজ জীৱন। সোনকালেই সিহঁত দুটা মাক দেউতাক হ’ব। মণিমা আৰু মাকে মিলি ঘৰ খন চাব। সি দিনান্তৰ কষ্টত উমাল ঘৰ এখনলৈ ঘুৰি আহিব। অকণমানি পোণাটিৰ মুখলৈ চাই পাহৰি যাব দিনটোৰ সমগ্ৰ অৱসাদ।
পিছ মুহূৰ্ততে মণীষ সচকিত হয়। এইটো যিকোনো এখন পুৰুষ তান্ত্ৰিক সমাজৰ সপোন। এইটো তাৰ সপোন কেনেকৈ হ’ব পাৰিলে। তাৰ মানে মনৰ গোপন কোণত সিও সংগোপনে সাঁচি ৰাখিছে নেকি পুৰুষতন্ত্ৰৰ বীজ।
মূৰ জোকাৰি সি থিয় হয়। আৰু দুমাহ! দুমাহৰ পিছতে সিহঁতে অকণমানিটো মাকক গটাই গুছি যাব আকৌ আগৰ জীৱনলৈ। মণিমাই চেমিনাৰ বোৰ এটেণ্ড কৰিব, ৰিচাৰ্চ পেপাৰ লিখিব আৰু সি আকৌ আধৰুৱা হৈ থকা ডকুমেন্টেৰীত মন দিব। আকৌ নিজস্ব ছন্দত চলিব জীৱন।
ৰুবুৱে কান্দিছে। মণীষে তাক আলফুলে ডাঙি পেৰাম্বুলেটৰ খনত বহুৱাই দিলে।লগে লগে তাৰ কান্দোন বন্ধ হ’ল। মণীষে চব জানে। কোনটো কান্দোন ভোকৰ,কোনটো খঙৰ ,কোনটো ফুৰিবলৈ যোৱাৰ –চব –ৰুবুৱে মুখ মেলিলেই মণীষে বুজি পায়। এতিয়া ৰুবু পাৰ্কলৈ যাব। মণীষে প্ৰেম খন ঠেলি ঠেলি বাহিৰলৈ ওলাই গ’ল। বাহিৰ খন দেখি ৰুবুৰ কি ফুৰ্তি! এদঁতীয়া মুখ খন মেলি সি কিৰিলি পাৰি হাঁহিবলৈ ধৰিলে।
এইটো হাঁহি! এইটো হাঁহিৰ বাবে মণীষে সকলো এৰিবলৈ প্ৰস্তুত। ৰুবুৰ এমহীয়া শুদ্ধিত মণিমাই ঘোষণা কৰিছিল তাইৰ দিল্লীৰ নতুন প্ৰজেক্টৰ কথা। এনেকুৱাই মণিমা। চাৰপ্ৰাইজ দি ভাল পোৱা। মাকৰ মেল খাই যোৱা মুখ আৰু বহল চকু দুটালৈ চাই হাঁহি হাঁহি মণিমাই কৈ পেলাইছিল ৰুবুক আইতাকে চাব। হৰি কাই আছেই। বছৰত এবাৰ মান পাৰিলে সিহঁত আহিব।
সেই ৰাতি মাকে বুজাইছিল। ছমাহ মান ৰৈ অলপ টনকিয়াল হ’লে তাইক ৰুবুকো লৈ যাবলৈ কৈছিল। সন্তান এটা ডাঙৰ কৰোতে মাক দেউতাক দুয়োজনে কৰিব লগা ত্যাগৰ কথা কৈছিল। নিজৰ কেৰিয়াৰতকৈ সন্তানৰ স্বাৰ্থ যে ডাঙৰ বুলি ভাবিব লাগে সেই কথা শুনিবলৈ পাই মণিমাৰ সেই পুৰণি ভয়ানক খঙটোৱে উক দিছিল। থৰ লাগি চাই থকা মাকক তাই কৈ পেলাইছিল সকলোবোৰ কথা। তাইৰ সপোন বোৰ –ভুলতে অহা ৰুবু, সিহঁতৰ পৰিকল্পনা সকলোবোৰ।
পিছদিনাই মণিমা দিল্লীলৈ বুলি ওলাইছিল। মণিমাৰ পিছে পিছে নিশব্দে তলমুৱা হৈ মণীষো ওলাইছিল। মাকৰ হাজাৰ কাকুতিয়েও সিহঁতৰ সিদ্ধান্ত সলাব পৰা নাছিল। মাকৰ কোলাত থকা ৰুবুলৈ মণিমাই ঘূৰিও চোৱা নাছিল। মণীষে তাক একোলা লৈ যাব খোজোতেই সি তাৰ কণ কণ আঙুলিৰে মণীষৰ আঙুলি এটা খামোছ মাৰি ধৰিছিল। মণীষৰ আৰু যোৱা নহ’ল। সপোন বুটলিবলৈ মণিমা গুছি গ’ল। তাৰ পিছত ঘটনাবোৰে নাটকীয় ৰূপ ল’লে। কেইমাহ মানৰ পিছতে হঠাৎ ষ্ট্ৰ’ক মণীষৰ মাক ঢুকাল। চাকৰি এটা যোগাৰ কৰি মণীষ গুৱাহাটীলৈ গুছি আহিল। ৰুবু, ৰুবুৰ চোৱাচিতা কৰিবলৈ অহা শান্তি বাই আৰু মণীষ–আউল নলগাকৈ সৰু সংসাৰ খন ধুনীয়াকৈ চলি থাকে।
ৰুবুৱে প্ৰেম খনৰ পৰা হাত মেলি মণীষক মাতিলে মাম মা — । ৰুবুক কোলাত তুলি সাবতি ধৰি মণীষে চুমা এটা খালে। আকৌ এবাৰ সি অনুভৱ কৰিলে মাক হ’বলৈ নাৰীৰ শৰীৰ এটা নহ’লেও হয়। পুৰুষ এজনো মাক হ’ব পাৰে। সি ৰুবুৰ মাক হ’ল।