এখন অসমীয়া চলচ্চিত্ৰই বিশ্বৰ সৰ্ব্বোচ্চ সন্মান ‘অস্কাৰ’ৰ মনোনয়নৰ প্ৰাথমিক দৌৰত অংশগ্রহণ কৰাৰ সুযোগ লাভ কৰিছে এইয়া অসমীয়া চলচ্চিত্ৰ জগতলৈ সঁচাকৈয়ে বৰ ভাল খবৰ।মনোনীত ১২খন ভাৰতীয় ছবিৰ তালিকাত থকা ‘ব্ৰীজ’ নামৰ এই ছবিখনৰ কাহিনী, চিত্ৰনাট্য আৰু সংলাপ পৰিচালক কৃপাল কলিতা।
তালিকাৰ আন ১১খন ভাৰতীয় ছবি হ’ল ক্ৰমে-হিন্দী ছবি শ্বেৰচাহ, শ্বেৰণী, কাগজ, লাইলা ঔৰ সাত গীত, চৰ্দাৰ উধম, তুফান, তামিল ছবি মেণ্ডেলা, কুজাংগল, মাৰাঠী ছবি আট্টা ভেলজালি, মালায়ালম ছবি নায়াট্টু আৰু গুজৰাটী ছবি শ্বেলো শ্ব’। ইতিমধ্যে ১৮ অক্টোবৰৰ পৰা ফিল্ম ফেডাৰেশ্যন অফ জুৰি ব’ৰ্ডে ক’লকাতাত ১২খন ছবিৰ স্ক্ৰিনীং আৰম্ভ কৰা বুলি জানিব পৰা গৈছে। অতি কম সময়ৰ ভিতৰতে ভাৰতীয় কোনখন ছবি ‘অস্কাৰ’লৈ মনোনীত হ’ব সেয়া পোহৰলৈ আহিব।
ৰমা কুমাৰ দাস আৰু সবিতা দেৱী প্ৰযোজিত ‘ব্ৰীজ’এ ইতিমধ্যে দেশ বিদেশৰ কেইবাখনো আন্তঃৰাষ্ট্ৰীয় মহোৎসৱত প্ৰদৰ্শিত হৈ অসমীয়া চলচ্চিত্ৰ জগতলৈ সুনাম কঢ়িয়াই আনিছে। ছবিখনত সুৰেন মহন্ত, ৰীণা বৰা,শিৱাৰাণী কলিতা, অনিন্দিতা দাস, গোপমণি গগৈ, প্ৰাৰ্থপ্ৰতিম বৰা, স্বপ্নীল নাথ, ভূপেন শৰ্মা, ৰোহিনী কুমাৰ ডেকা, ধনজিত শৰ্মা, শচীন্দ্র ভূঞা, বিশ্বনাথ বিশ্বাস, ৰাজু ভৰালীকে আদি কৰি আন কেইবাগৰাকীও অভিনেতা অভিনেত্রীয়ে অভিনয় কৰিছে।