উপ নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত নিৰ্বাচনী বিধি ভংগ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে। বিশেষকৈ প্রচাৰ সভাত দিয়া ভাষণত বিভিন্ন চৰকাৰী আঁচনি ঘোষণা কৰি ভোটাৰৰ মন প্ৰলোভিত কৰিবলৈ চেষ্টা কৰি নিৰ্বাচনী বিধি ভংগ কৰা বুলি প্ৰদেশ কংগ্ৰেছে অভিযোগ কৰিছে।
আজি প্ৰদেশ কংগ্রেছৰ এটা সজাতি দলে মুখ্য নিৰ্বাচনী বিষয়াক এখন স্মাৰকপত্ৰ প্ৰদান কৰি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰাৰ লগতে বিহিত ব্যৱস্থা গ্ৰহণ কৰি নিৰ্বাচনী প্ৰচাৰত নিষেধাজ্ঞা আৰোপ কৰিবলৈ আহ্বান জনাইছে। স্মাৰকপত্ৰখনত কংগ্ৰেছে এইদৰে কয়,”ভাৰতীয় জনতা পাৰ্টীৰ ষ্টাৰ কেম্পেইনাৰ হিচাপে নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী বিধি উলংঘা কৰা কাৰ্য্য আমি আপোনাৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছো।
দেশৰ সংবিধান সুৰক্ষা আৰু সংবিধানৰ নিৰ্দেশনা অনুসৰি নিজৰ দায়িত্ব পালন কৰাৰ বাবে যি গৰাকী মুখ্যমন্ত্ৰীয়ে শপত লৈছিল, সেই গৰাকী মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰ সভাত ন ন আঁচনি ঘোষণা কৰি নিৰ্বাচনী বিধি উলংঘা কৰিছে। ডঃ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী বিধি উলংঘা কৰি মৰিয়নি সমষ্টিৰ এখন নিৰ্বাচনী প্ৰচাৰ সভাত সমষ্টিটোৰ অন্তৰ্গত ৪০ খন চাহ বাগিচাৰ বাবে কেতবোৰ ঘোষণা কৰিছে। ৪০ খন বাগিচাৰ প্ৰতিখন বাগিচাৰ বাবে ১ কোটি টকাৰ পেকেজেৰে সৰ্বমুঠ ৪০ কোটি টকা আবন্টনেৰে চাহ বাগিচা সমূহৰ পথ উন্নয়নৰ ঘোষণা কৰিছে। তেও এইটোও প্ৰতিশ্ৰুতি দিছে যে উক্ত চাহ বাগিচা সমূহ জল জীৱন মিছনৰ অধীনত আনি পানী যোগানৰ ব্যৱস্থা কৰি দিব।
ডঃ শৰ্মাই ঘোষণা কৰিছে যে চাহ বাগিচাত ১০ খন নতুন উচ্চ বিদ্যালয় নিৰ্মাণ কৰিব। ডঃ শৰ্মাই লগতে প্ৰতিশ্ৰুতি দিছে যে চাহ বাগিচাৰ আত্ম সহায়ক গোট আৰু চাহ বাগিচাৰ মহিলা শ্ৰমিক সকলক আৰ্থিক সাহাৰ্য্য আগবঢ়াব। লগতে তেওঁ এইটোও ঘোষণা কৰিছে যে অসংগঠিত চাহ শ্ৰমিক সকলক MGNREGA আঁচনিৰ অন্তৰ্ভুক্ত কৰি MGNREGA ৰ কাৰ্ড দিয়া হ’ব। চিকিৎসা মহাবিদ্যালয় সমূহত ৰোগী পৰিচাৰক সকলৰ থকা ব্যৱস্থাৰ বাবদ গেষ্ট হাউচ নিৰ্মান কৰা হ’ব ।
তদুপৰি ভৱানীপুৰ সমষ্টিৰ এখন নিৰ্বাচনী সভাত এগৰাকী ব্যক্তিলৈ আঙুলিয়াই তেওঁক PMAY আঁচনিৰ গৃহ দিয়া হব বুলি ঘোষণা কৰে । আমি সকলোৱে জানো যে সামাজিক-অৰ্থনৈতিক দিশৰ ওপৰত ভিত্তি কৰি পঞ্চায়তৰ অধীনৰ গাঁও সভাৰ অনুমোদন অনুসৰি প্ৰাপ্য সকলো ব্যক্তিকে PMAY আঁচনিৰ গৃহ নিৰ্মাণ কৰি দিয়াটো চৰকাৰ খনৰ নিয়ম। মুখ্যমন্ত্ৰী গৰাকীয়ে এনেয়ে যিকোনো ব্যক্তিক গৃহ দিয়াৰ বাবে অনুমোদন দিব নোৱাৰে। এনেকুৱা ক্ষেত্ৰত মুখ্যমন্ত্ৰী গৰাকীয়ে চৰকাৰী নিয়ম উলংঘা কৰিব নোৱাৰে।
তেখেতে মানুহৰ বিশ্বাস আদায় কৰাৰ স্বাৰ্থত নিৰ্বাচনী বিধি উলংঘা কৰি যাকে তাকে ঘৰ দিম বুলি কৈ নিজৰ এক বিশেষ ভাৱমূৰ্তি তৈয়াৰ কৰিব বিচাৰিছে।
থাওৰা সমষ্টিৰ ৫ খন নিৰ্বাচনী সভাত ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চিকিৎসা মহাবিদ্যালয় এখন নিৰ্মান কৰাৰ ঘোষণা কৰিছে আৰু দুখন নদীৰ ওপৰত দুখন দলং নিৰ্মাণৰ ঘোষণা কৰি নিৰ্বাচনী বিধি উলংঘা কৰিছে।”
মুখ্যমন্ত্ৰী গৰাকীয়ে নিৰ্বাচনী সভা সমূহত কৰা এনে কেতবোৰ আন ঘোষণাৰ কথাও কংগ্ৰেছে উল্লেখ কৰিছে।