পাঁচ সমষ্টিত অনুষ্ঠিত হ’বলগীয়া উপ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ কালি সামৰণি পৰিছে। ভোটগ্ৰহণৰ ৭২ ঘণ্টা পূৰ্বে কালি বিয়লি ৫ বজাত এই প্ৰচাৰ অভিযানৰ সামৰণি পৰে। ভোটগ্ৰহণৰ সময়লৈ কোনো ৰাজনৈতিক দলে বাইক ৰেলী, সভা,শোভাযাত্ৰা আদি অনুষ্ঠিত কৰিব নোৱাৰিব।তদুপৰি এই সময়ছোৱাত চলচ্চিত্ৰ, টেলিভিছনকে ধৰি গণ মাধ্যম সমূহতো প্ৰচাৰ কার্য বন্ধ ৰাখিব লাগিব।একেদৰে ভোটাৰক আকৰ্ষিত কৰিব পৰা মনোৰঞ্জনধৰ্মী অনুষ্ঠান অনুষ্ঠিত কৰাৰ পৰা বিৰত থাকিব লাগিব। উল্লেখযোগ্য যে ৰাজ্যৰ থাওৰা,গোসাঁইগাঁও,মৰিয়নী, তামুলপুৰ আৰু ভবানীপুৰ সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হ’ব। ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দলে সমষ্টিকেইটাত চলাইছে হাই প্ৰফাইল প্ৰচাৰ। মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি প্ৰতিটো ৰাজনৈতিক দলৰ শীৰ্ষ নেতাই সমষ্টিকেইটাত চলাইছে প্ৰচাৰ। একপ্ৰকাৰ ক’বলৈ গ’লে উপনিৰ্বাচনৰ সময়তো বিধানসভাৰ পূৰ্ণকালীন নিৰ্বাচনৰ দৰেই প্ৰচাৰ চলোৱা দেখা গৈছিল। স্বয়ং মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দৈনিক তিনি চাৰিখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছিল। সেইদৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, সাংসদ ৰিপুন বৰা, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিন জ্যোতি গগৈ, এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলসহ শীৰ্ষ পৰ্য্যায়ৰ নেতাসকলে নিজ নিজ দলৰ পার্থীৰ হৈ প্ৰচাৰ চলাইছে। সমষ্টিকেইটাত মুঠ ৩১ গৰাকী প্ৰাৰ্থীয়ে প্ৰাৰ্থীত্ব আগবঢ়াইছে। অহা ৩০ অক্টোবৰত ভোটাৰে এই প্ৰাৰ্থীসকলৰ ভাগ্য নিৰ্ণয় কৰিব।ইতিমধ্য নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া সমষ্টিকেইটাত অহা ৩০ অক্টোবৰত স্থানীয় বন্ধ ঘোষণা কৰা হৈছে। ২ নৱেম্বৰত কৰা হ’ব ভোটগণনা।