কলিকতাৰ পৰা বিকাশ বেৰিয়া আৰু নীতিন বেৰিয়া নামৰ দুই ভাতৃয়ে আই পি এলৰ পিছতে টি টুৱেণ্টিতো চলাইছে জুৱা৷ডুবাইত চলি থকা টি টুৱেণ্টি বিশ্বকাপতো জুৱাৰ পয়োভৰ ঘটিছে৷অসমৰ ডিব্ৰুগড়,গুৱাহাটীকে আদি কৰি অসম আৰক্ষীয়ে চলোৱা এক অভিযানত এই কথা পোহৰলৈ আহিছে৷ আই পি এল আৰু টি টুৱেণ্টিৰ ভেন্যু একে ঠাইতে অৰ্থাৎ ডুবাইতে হোৱা বাবেই জুৱাৰি চক্ৰই এই কাম সহজে কৰিব পাৰিছে বুলি জানিব পৰা গৈছে৷ৰাজ্যৰ কেইবাজনো প্ৰতিভাশালী ক্ৰিকেট জুৱাৰীয়ে সময়ে সময়ে কোটি টকাৰ জুৱা অনুষ্ঠিত কৰি আহিছে৷কলিকতাত বা ৰাজ্যৰ বাহিৰত লুকাই থাকি অনলাইণন জুৱা অনুষ্ঠিত কৰা সকলৰ ভিতৰত বিজেপিৰ ছত্ৰছায়াত থকা আশীষ বেৰিয়া আৰু নীতিন বেৰিয়া অন্যতম বুলি আৰক্ষী সূত্ৰৰ যোগে জানিব পৰা গৈছে৷ তিনিচুকীয়াৰ দুই বেৰিয়া ভাতৃৰ বিৰুদ্ধে আই পি এল আৰম্ভ হোৱাৰ আগতেই আৰক্ষীয়ে অভিযান চলাইছিল কিন্তু ৰহস্যজনক ভাৱে দুই ভাতৃয়ে আজিও মুকলি আকাশৰ তলত থাকি কলিকতাৰ পৰাই চলাই আছে টি টুৱেণ্টি বিশ্বকাপৰ জুৱা৷ কিছুদিন পূৰ্বে অসম আৰক্ষী ক্ৰাইম ব্ৰাঞ্চে উৎখাত কৰা ক্ৰিকেট চক্ৰটোৰ লগত বেৰিয়া ভাতৃদ্বয়ৰ যোগসূত্ৰ থকা বুলি সন্দেহ কৰা হৈছে৷ অৱশ্যে আৰক্ষীৰ অভিযানৰ উমান পায়েই কলিকতাত আত্মগোপন কৰিছিল দুই ভাতৃয়ে আৰু অনলাইন যোগে অসমত চলাই গৈছিল ক্ৰিকেটৰ জুৱা৷
শাসকীয় গোষ্ঠীৰ কেইবাগৰাকীও মন্ত্ৰী বিধায়কৰ স’তে ঘণিষ্ঠ হোৱা বাবেই কূখ্যাত ক্ৰিকেট জুৱাৰী বেৰিয়া ভাতৃদ্বয় সাৰি যাব নেকি প্ৰশাসনৰ হাতৰ পৰা ?নে নতুন প্ৰজন্মক সহজে ধন ঘটিব পৰা পথ দেখুৱাই তেওঁলোকৰ ভৱিষ্যত অন্ধকাৰ কৰিব খোজা দুই ভাতৃক নাকী লগাব পাৰিব প্ৰশাসনে সেয়া পৰৱৰ্তী সময়ত বিচাৰ্য্য হ’ব৷