অহা ৩১ মাৰ্চৰ ভিতৰত অসমত নতুনকৈ ৫৭ টা বেংক গঠনৰ সিদ্ধান্ত লোৱা হৈছে। জনসংখ্যা অনুপাতে বেংকৰ সংখ্যা কম হোৱাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি বিত্তমন্ত্ৰী অজন্তা নেওগে জানিবলৈ দিয়ে।
খানাপাৰাস্থিতি অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা সংবাদ মেলত ভাগ লৈ কেন্দ্ৰীয় বিত্ত ৰাজ্য মন্ত্ৰী ড৹ ভগৎ কিষাণ ৰাও কাৰাডে জনাই যে বেংকত জমা ধনৰ পৰিমাণ ৫৫% ৰ পৰা ৬০% লৈ বৃদ্ধি কৰিবলৈ নতুন বেংক স্থাপনৰ কথা চিন্তা কৰিছে।
নতুন বেংকৰ জৰিয়তে গ্ৰামাঞ্চলৰ লোকসকল অধিক উপকৃত হ’ব বুলি জানিবলৈ দিয়ে। ইয়াৰ উপৰিও নতুন বেংক স্থাপনে কম সূতত গ্ৰাহকক ঋণ প্ৰদান কৰিব পাৰিব বুলিও উল্লেখ কৰে।
ইয়াৰ উপৰিও অসমৰ প্ৰতিখন জিলাতে গ্ৰাহকৰ সুবিধাৰ্থে ভ্ৰাম্যমাণ এ টি এমৰ সুবিধা প্ৰদানৰ ব্যৱস্থা গ্ৰহণৰ কথাও কেন্দ্ৰীয় মন্ত্ৰীজনে উল্লেখ কৰে।
বিত্তমন্ত্ৰী অজন্তা নেওগে ব্যক্তিগত প্ৰতিষ্ঠানৰ বেংকক শাখা প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আগভাগ ল’বলৈ অনুৰোধ জনায়।