বেংগালুৰুৰ চুইমিং পুলত উজ্বলিল অসমৰ কেইবাগৰাকীও প্ৰতিশ্ৰুতি সম্পন্ন সাঁতুৰবিদ৷অসমলৈ আহিল সৰ্বমুঠ ৩১টাকৈ পদক৷শিৱসাগৰৰ আস্থা চৌধুৰীয়ে অভিলেখ স্থাপন কৰি স্বৰ্ণ পদক লাভ কৰাৰ পিছত শিৱাংগী শৰ্মাই ১০০মিটাৰ আৰু ৪০০মিটাৰ ফ্ৰীষ্টাইলত দুটাকৈ স্বৰ্ণপদক বুটলিবলৈ সক্ষম হয়৷আনহাতে শিৱাংগীয়ে পুনৰ ২৭.৩৮ ছেকেণ্ডত মহিলাৰ ৫০ মিটাৰ ফ্ৰী ষ্টাইলত ব্ৰঞ্জৰ পদক লাভ কৰিছে৷
উল্লাখ্য যে আস্থাই নতুন ৰাষ্ট্ৰীয় অভিলেখেৰে স্বৰ্ণ পদক অৰ্জন কৰাৰ লগতে অসমৰ আন এগৰাকী প্ৰতিশ্ৰুতি সম্পন্ন জীয়ৰী জাহ্নৱী কাশ্যপে ব্ৰঞ্জৰ পদক লাভ কৰে৷ল’ৰাৰ তিনি নম্বত গ্ৰুপত আয়ুস বৰাই দুটা ৰূপৰ পদক লাভ কৰাৰ লগতে ল’ৰাৰ চাৰি নম্বৰ গ্ৰুপত সূৰ্য্য চাংমায়ে ব্ৰঞ্জৰ পদক লাভ কৰিছে বুলি জানিব পৰা গৈছে৷এই গ্ৰুপৰ ছোৱালীৰ অনংশা শৰ্মাই ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰে আৰু ছোৱালীৰ চাৰি নম্বৰ গ্ৰুপত অন্বেষা খনিকৰে দুটা স্বৰ্ণ আৰু এটা ব্ৰঞ্জৰ পদক বুটলিবলৈ সক্ষম হয়৷ল’ৰাৰ দুই নম্বৰ গ্ৰুপত জনজয়জ্যোতি হাজৰিকাই ৫০মিটাৰ বাটাৰফ্লাইত স্বৰ্ণপদক লাভ কৰে৷এক নম্বৰ গ্ৰুপত ল’ৰাৰ শাখাত ভাৰ্গৱ ফুকনে ব্ৰঞ্জৰ পদক অৰ্জন কৰে অনহাতে বিক্ৰম চাংমায়ে এটা স্বৰ্ণ দুটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়৷ ছোৱালীৰ জুনিয়ৰ শাখাৰ আদ্ৰিজাৰাণী চেতিয়াই অভিলেখকাৰী প্ৰদৰ্শনেৰে ৩টা স্বৰ্ণ আৰু তিনিটা ৰূপৰ পদক লাভ কৰি গৌৰৱ কঢ়িয়াই আনে৷
অসমৰ সাঁতুৰবিদ সকলৰ এই প্ৰদৰ্শন দেখি গৌৱৰান্বিত অসমৰ প্ৰতিগৰাকী সাঁতোৰ প্ৰেমী আৰু অসম সাঁতোৰ সংস্থা৷