হঠাৎ অসুস্থ হৈ পৰিছে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ। কালি গুৱাহাটীৰ এটা ষ্টুডিঅ’ত কাম কৰি থকা সময়তে হঠাৎ অসুস্থ হৈ পৰে অসমৰ বিশেষকৈ নতুন প্ৰজন্মৰ হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গ। উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হোৱাৰ বাবেই তেওঁ অসুস্থ অনুভৱ কৰে। পৰৱৰ্ত্তী সময়ত তেওঁক নিশা ১০ বাজি ৪৫ মিনিটত মহানগৰীৰ আয়ুৰসুন্দ্ৰ হাস্পতালত ভৰ্তি কৰে পৰিয়ালৰ লোকে। লগে লগে হাস্পতালখনৰ বিশেষজ্ঞ চিকিৎসকৰ এটা দলে তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰে। ই চি জিকে ধৰি বিভিন্ন পৰীক্ষা সম্পন্ন কৰে জুবিনৰ। পৰীক্ষাৰ অন্তত জুবিন বিপদমুক্ত বুলি চিকিৎসকে প্ৰকাশ কৰে। ইপিনে আজি এক ভিডিঅ’ বাৰ্তাযোগে জুবিন নিজেও সুস্থ হৈ উঠিছে বুলি প্রকাশ কৰিছে। অৱশ্যে আজিৰ দিনটো তেওঁ চিকিৎসকৰ নিৰীক্ষণত থাকিব। কাইলৈ তেওঁক হাস্পতালৰ পৰা ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰাৰ সম্ভাৱনা আছে। জুবিনৰ দ্ৰুত আশু আৰোগ্য কামনা কৰিছে জুবিনৰ অনুৰাগীসকলে।