কালি আয়ুস বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই নতুন দিল্লীৰ এখন আলোচনাচক্ৰত ভাগ লৈ আয়ুসৰ বিভিন্ন লক্ষ্যৰ কথা উল্লেখ কৰে। আত্মনিৰ্ভৰ ভাৰত গঠনৰ ক্ষেত্ৰত আয়ুসৰ ভূমিকাৰ কথা উল্লেখ কৰে।
সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই আয়ুস বিভাগৰ যুগান্তকাৰী অভিযান আয়ুস আহাৰৰ কথা ঘোষণা কৰে। উল্লেখযোগ্য যে আয়ুস আহাৰ শীৰ্ষক অভিযানৰ মুকলি কৰা হৈছিল।
আয়ুস আহাৰৰ উদ্দেশ্য হৈছে নৱ প্ৰজন্মক জাংক ফুডৰ কৱলৰ পৰা উদ্ধাৰ কৰা। আয়ুৰ্বেদিক গুণ বিশিষ্ট নতুন খাদ্য সম্ভাৰৰ সৈতে নৱ প্ৰজন্মক চিনাকি কৰি দিয়া হৈছে এই আয়ুস আহাৰৰ অন্যতম উদ্দেশ্য।
বৰ্তমান নতুন প্ৰজন্ম জাংক ফুডৰ প্ৰতি অধিক আকৰ্ষিত হৈ আহিছে। ফলত কম বয়সতে ডায়েবেটিছ, উচ্চ ৰক্তচাপ, মেদবহুলতা আদি লাইফ ষ্টাইল ডিজিজৰ চিকাৰ হ’বলৈ ধৰিছে। সুষম আহাৰৰ সকলো গুণ সামৰি সোৱাদযুক্ত আয়ুস আহাৰে স্বাস্থ্যৰ প্ৰতি অহা এনে ভাবুকি প্ৰতিহত কৰিব।