নাম সলনি কৰিছে জনপ্ৰিয় ছ’চিয়েল মিডিয়া এপ্লিকেচন ফে’চবুকে৷ৰিব্ৰেণ্ডিঙৰ অধীনত ফে’চবুক প্ৰতিষ্ঠানটো এতিয়াৰ পৰা ‘মেটা’ নামেৰ পৰিচিত হ’ব বুলি ইতিমধ্যে ঘোষণা কৰা হৈছে যদিও পূৰ্বৰ দৰে সুকীয়া এপ্লিকেচন হিচাপে সেৱা বাহাল থাকিব ফে’চবুক,ইনষ্টাগ্ৰাম আৰু হোৱাটচএপৰ৷ফে’চবুকৰ অধীনত পূৰ্বৰ পৰা পৰিচালিত হৈ থকা এই তিনিওটা এপ্লিকেচন এতিয়াৰ পৰা পৰিচালিত হ’ব নতুন নাম ‘মেটা’ৰ অধীনতবৃহস্পতিবাৰে অনুষ্ঠিত ‘ফে’চবুক কনেক্ট অগমেণ্টেদ এণ্ড ভাৰ্চুৱেল ৰিয়েলিটি’সন্মিলনত প্ৰতিষ্ঠানটোৱে নাম সলনি কৰাৰ কথা ঘোষণা কৰে৷কল্প বিজ্ঞানৰ শব্দ ‘মেটা’ভাৰ্চৰ ভিত্তিতে এই ‘মেটা’ নাম ৰখা হৈছে ‘ফেচবুকৰ’৷বাস্তৱিক আৰু ডিজিটেল জগতৰ মাজত ব্যৱধান দূৰ কৰি পৰৱৰ্তী সময়ত ‘মেটা’ভাৰ্ছৰ মাধ্যমত ব্যৱহাৰকাৰী সকলক নতুন সেৱাৰ মাদকতা আগবঢ়াব এই প্ৰতিষ্ঠান টোৱে৷