যোৱা ৩০ অক্টোবৰ তাৰিখে অসম আৰক্ষী প্ৰধান ভাস্কৰ জ্যোতি মহন্ত দেৱৰ বিশেষ তত্ত্বাৱধানত গুলীবিদ্ধ বা বোমা, গ্ৰেনেড বিস্ফোৰণত আঘাত প্ৰাপ্ত দুঃসাহসিক আৰক্ষীসকলৰ প্ৰতি বিশেষ পদক্ষেপ গ্ৰহণ কৰা হয়।
অসম পুলিচৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা সভাখনত অসমৰ জনসাধাৰণৰ সুৰক্ষাৰ বাবে আততায়ীৰ গুলীত বা বোমা আক্ৰমণত শৰীৰৰ অংশ হেৰুৱাবলগীয়া হোৱা দুঃসাহসিক আৰক্ষীসকলে তেওঁলোকৰ অভিজ্ঞতাসমূহ অৱগত কৰে।
ডি জি পি ভাস্কৰ জ্যোতি মহন্তদেৱে তেওঁলোকৰ কৰ্তব্য নিষ্ঠা আৰু দুঃসাহসিকতাৰ প্ৰতি সন্মান জনাই এলানি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ঘোষণা কৰে-
১. কৰ্তব্য পালনত আঘাত প্ৰাপ্ত আৰক্ষী বিষয়াসকলৰ পদোন্নতিৰ ব্যৱস্থা কৰিব। ইয়াৰ বাবে কোনো পৰীক্ষা, প্ৰশিক্ষণৰ প্ৰয়োজন নহ’ব।
২. গুলীবিদ্ধ বা বোমা আক্ৰমণত আঘাত প্ৰাপ্ত আৰক্ষীসকলক পৰাক্ৰম বঁটাৰ সন্মানেৰে বিভূষিত কৰা হ’ব।
৩. আঘাত প্ৰাপ্ত আৰক্ষীসকলে নিজৰ সুবিধা অনুযায়ী ইচ্ছা মতে ঠাই নিৰ্বাচন কৰি সাধাৰণ আগবঢ়াব পাৰিব।
৪. আঘাত প্ৰাপ্ত আৰক্ষীসকলৰ চিকিৎসাত ব্যয় হোৱা সকলো ধন ঘূৰাই দিবলৈ অসম পুলিছ বিভাগৰ ফালৰ পৰা অসম চৰকাৰক অনুৰোধ জনাব।
অসম পুলিছ বিভাগৰ এই পদক্ষেপ শলাগ ল’বলগীয়া। কৰ্তব্য নিষ্ঠা আৰু ত্যাগক সন্মান জনোৱা এই বিশেষ পদক্ষেপে আৰক্ষী বিভাগত কৰ্মৰত লোকসকলৰ মনত উদ্যম বৃদ্ধিৰ লগতে নতুন প্ৰজন্ম আৰক্ষী সেৱাত যোগদানৰ প্ৰতিও আগ্ৰহ বাঢ়িব।