VOICE 24x7
Sunday, December 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

জানিব লগীয়া কথা

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
October 31, 2021
in সমাজ
জানিব লগীয়া কথা
0
SHARES
44
VIEWS
Share on FacebookShare on Twitter

অসমৰ ৰাজ্যিক জন্তু

অসমৰ ৰাজ্যিক জন্তু হ’ল—এটা খড়্গৰ গঁড়। অসম আৰু পশ্চিমবংগত এনে গঁড় পোৱা যায়। গঁড়ৰ বয়স প্ৰায় ৩০/৪০ বছৰ। সমগ্ৰ বিশ্বতে দুস্প্ৰাপ্য অসমৰ এশিঙীয়া গঁড়। এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত অসম। কাজিৰঙা , পবিতৰা আৰু মানস অভয়াৰণ্যত এটা খড়্গৰ গঁড় আছে । এশিঙীয়া গঁড়ৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বিশ্ব বিখ্যাত আৰু দেশ-বিদেশৰ পৰ্যটকৰ আকৰ্ষণীয় পৰ্যাটনস্থলী । ২০০৩ চনৰ ৪ এপ্ৰিলত অসম চৰকাৰে গঁড়ক অসমৰ ৰাজ্যিক পশু হিচাপে ঘোষণা কৰে।

অসমৰ ৰাজ্যিক ফুল

অসমৰ ৰাজ্যিক ফুল হ’ল —–কপৌ ফুল। ভাৰতীয় অৰ্কিডৰ এক সাধাৰণ প্ৰজাতি হ’ল কপৌ। কপৌফুলৰ গছ আন গছত গজে। ইয়াৰ চুটি কাণ্ডৰ দুয়োফালে ছয়ৰ পৰা আঠ যোৰ ফুল থাকে। এই ফুল এপ্ৰিল মে’ত ফুলে । কপৌ ফুলক অসমৰ সংস্কৃতিৰ প্ৰতীক হিচাপে ধৰা হয়। অসমীয়াৰ জাতীয় উৎসৱ বিহুত নাচনীয়ে খোপাত কপৌ ফুল গুজাৰ পৰম্পৰা চলি আহিছে । ২০০৩ চনৰ ৪ এপ্ৰিলত অসম চৰকাৰে কপৌ ফুলক ৰাজ্যিক ফুলৰ স্বীকৃতি দিয়ে।

অসমৰ ৰাজ্যিক বৃক্ষ

অসমৰ ৰাজ্যিক বৃক্ষ হ’ল ——–হোলোং গছ। দক্ষিণ -পূব এছিয়াৰ প্ৰায় সকলো দেশতে হোলোং গছ পোৱা যায়। এই গছ অসমৰ আটাইতকৈ ওখ গছ। অসমৰ প্ৰায়বোৰ অৰণ্যতে হোলোং গছ দেখিবলৈ পোৱা যায়।হোলোং গছ কাঠ, প্লাইউড , কাগজৰ মণ্ড আৰু এঙাৰ তৈয়াৰ কৰাত ব্যৱহাৰ হয়। হোলোং গছৰ পৰা পোৱা তেল জাতীয় পদাৰ্থ কাঠৰ আচবাব , দুৱাৰ আদি বাৰ্নিছ কৰাত ব্যৱহাৰ কৰা হয়। অসম চৰকাৰে ২০০৩ চনত হোলোং গছক ৰাজ্যিক বৃক্ষ হিচাপে স্বীকৃতি দিছে।

অসমৰ ৰাজ্যিক জলজ জীৱ

অসমৰ ৰাজ্যিক জলজ জীৱ হ’ল ——-শিহু। শিহুক ৰিভাৰ ডলফিন নামেৰেও জনা যায়। শিহুৰ গাৰ বৰণ মুগা। চকুত লেন্স নাথাকে বাবে শিহুক অন্ধ বুলি কব পাৰি। শিহু স্তন্যপায়ী প্ৰাণী হোৱা বাবে পানীৰ তলত উশাহ ল’ব নোৱাৰে। উশাহ ল’বৰ বাবে মাজে মাজে ওপৰলৈ উঠি আহিব লাগে। শিহুৱে মাছ , মিছামাছ ,কেটফিছ আদি খায়। অসম চৰকাৰে ২০০৮ চনৰ ৫ এপ্ৰিলত শিহুক ৰাজ্যিক জলজ পশু হিচাপে স্বীকৃতি প্ৰদান কৰে।

অসমৰ ৰাজ্যিক পক্ষী

অসমৰ ৰাজ্যিক পক্ষী হ’ল—–দেওহাঁহ। বগা ডেউকাযুক্ত দেও হাঁহ হ’ল হাঁহৰ আটাইতকৈ ডাঙৰ প্ৰজাতিবোৰৰ ভিতৰত এটা । ইয়াৰ গা টো ক’লা , ঠোঁটটো বগা আৰু তাত ক’লা ফোট থাকে। দেওহাঁহৰ মাতটো বৰ ভয় লগা ধৰণৰ হয়। বহুতে দেও ভূতৰ মাত বুলি ভয় কৰে। সেইবাবে ইয়াক দেওহাঁহ নামেৰে জনা যায়। দেওহাঁহে শস্যৰ গুটি , পাচলি , মাছ , পানীত থকা পতঙ্গ , কুমজেলেকুৱা , মকৰা আদি খায়। অসমৰ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান , দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্য আৰু নামেৰী ৰাষ্ট্ৰীয় উদ্যানত দেওহাঁহ পোৱা যায়। ২০০৩ চনৰ ৪ এপ্ৰিলত অসম চৰকাৰে দেওহাঁহক ৰাজ্যিক পক্ষী হিচাপে ঘোষণা কৰে।

অসমৰ ৰাজ্যিক পানীয়

অসমৰ ৰাজ্যিক পানীয় হ’ল—চাহ। ভাৰতৰ ভিতৰত সকলোতকৈ অধিক চাহ অসমত উৎপাদন হয় । অসমৰ অন্যতম প্ৰধান উদ্যোগ হিচাপে পৰিগণিত চাহ উদ্যোগ ৰাজ্যখনৰ বাবে গৌৰৱস্বৰূপ । পৃথিৱীৰ ভিতৰত উৎকৃষ্টতম চাহ উৎপাদনৰ অঞ্চল হিচাপে ব্ৰহ্মপুত্ৰ উপত্যকা বিখ্যাত ।চাহ উদ্যোগে অসমৰ অৰ্থনীতি আৰু সমাজত গুৰুত্বপূৰ্ণ প্ৰভাব পেলাইছে। ২০১১ চনত অসম চৰকাৰে চাহক ৰাজ্যিক পানীয় হিচাপে স্বীকৃতি প্ৰদান কৰিছে।

Previous Post

শণিবৰীয়া কুইজ

Next Post

অসম আৰক্ষীৰ ঐতিহাসিক পদক্ষেপ, গুলীবিদ্ধ বা বোমা বিস্ফোৰণত গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত জোৱানলৈ বিশেষ সন্মান

Related Posts

দিল্লীৰ তিন মূৰ্তি মাৰ্গত ৩০৬ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মিত প্ৰধানমন্ত্ৰী সংগ্ৰহালয়
সমাজ

দিল্লীৰ তিন মূৰ্তি মাৰ্গত ৩০৬ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মিত প্ৰধানমন্ত্ৰী সংগ্ৰহালয়

August 21, 2023
ছত্তীশগড়ৰ শক্তি জিলাৰ কাইঠা গাঁৱত অৱস্থিত বিৰাটীয়া বাবা মন্দিৰ
সমাজ

ছত্তীশগড়ৰ শক্তি জিলাৰ কাইঠা গাঁৱত অৱস্থিত বিৰাটীয়া বাবা মন্দিৰ

August 21, 2023
৩০ বছৰতকৈও অধিক সময় ৰাজ পৰিয়ালৰ বাসস্থান আছিল এই ৰাজপ্ৰসাদ
সমাজ

৩০ বছৰতকৈও অধিক সময় ৰাজ পৰিয়ালৰ বাসস্থান আছিল এই ৰাজপ্ৰসাদ

August 19, 2023
সামাজিক মাধ্যমত চৰ্চিত নিৰ্বোধ প্ৰাণীক অত্যাচাৰ কৰি ভাইৰেল হ’ব খোজা এজন যুৱকৰ ভিডিঅ’
সমাজ

সামাজিক মাধ্যমত চৰ্চিত নিৰ্বোধ প্ৰাণীক অত্যাচাৰ কৰি ভাইৰেল হ’ব খোজা এজন যুৱকৰ ভিডিঅ’

August 19, 2023
পাঁচ বছৰীয়া শিশুক লিভাৰ দান তিনি বছৰীয়া শিশুৰ! এহাল পিতৃ-মাতৃৰ সাহসী সিদ্ধান্তই জীৱন দিলে আন এটি শিশুক
সমাজ

পাঁচ বছৰীয়া শিশুক লিভাৰ দান তিনি বছৰীয়া শিশুৰ! এহাল পিতৃ-মাতৃৰ সাহসী সিদ্ধান্তই জীৱন দিলে আন এটি শিশুক

July 20, 2023
৭৪ বছৰীয়া কর্মজীৱনত এদিনৰ বাবেও কৰা নাই ছুটীৰ বাবে অৱেদন , শেহতীয়াকৈ অৱসৰ লোৱা কোন এইগৰাকী মহিলা কর্মচাৰী !
সমাজ

৭৪ বছৰীয়া কর্মজীৱনত এদিনৰ বাবেও কৰা নাই ছুটীৰ বাবে অৱেদন , শেহতীয়াকৈ অৱসৰ লোৱা কোন এইগৰাকী মহিলা কর্মচাৰী !

July 12, 2023
Next Post
অসম আৰক্ষীৰ ঐতিহাসিক পদক্ষেপ, গুলীবিদ্ধ বা বোমা বিস্ফোৰণত গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত জোৱানলৈ বিশেষ সন্মান

অসম আৰক্ষীৰ ঐতিহাসিক পদক্ষেপ, গুলীবিদ্ধ বা বোমা বিস্ফোৰণত গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত জোৱানলৈ বিশেষ সন্মান

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি গুৱাহাটীত যুৱকৰ যুৱকৰ কৰুণ মৃত্যু

    0 shares
    Share 0 Tweet 0
  • দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • শিক্ষাসেতু এপত নাই উপস্থিতি , কোন জিলাৰ শিক্ষকৰ বিৰুদ্ধে শিক্ষামন্ত্ৰীয়ে দিলে তদন্তৰ নির্দেশ !

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

December 10, 2023
🙏 দৈনিক ৰাশিফল 🙏

🙏 দৈনিক ৰাশিফল 🙏

December 10, 2023
প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

December 9, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7