কেন্দ্ৰীয় শিশু আৰু মহিলা কল্যান বিভাগৰ মন্ত্ৰী স্মৃতি ইৰানীয়ে দেৱালী উপলক্ষে এক নতুন অভিযান মুকলি কৰে। মহিলা সৱলীকৰণৰ প্ৰতি লক্ষ্য ৰাখি ” নাৰী সে খড়িদাৰী” শীৰ্ষক এটি শ্লোগান মুকলি কৰে।
ফেচবুকৰ সৌজন্যত প্ৰকাশিত এটি ভিডিঅ’ৰ জৰিয়তে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে উৎসৱৰ বতৰত মহিলাসকলৰ পৰা সামগ্ৰী কিনি উৎসাহিত কৰিবলৈ দেশ বাসীক আহ্বান জনায়। মহিলাসকল খাদ্য সামগ্ৰী নিৰ্মাণৰ লগতে নিজ হাতেৰে তৈয়াৰী মাটিৰ চাকি, মমবাতি, গহনাকে ধৰি বিবিধ সামগ্ৰী উৎপাদন কৰি স্বনিৰ্ভৰশীলতাৰ পথ বাছি লৈছে।
” ভকেল ফৰ লোকেল” লক্ষ্য আগত ৰাখি দেশবাসীক চুবুৰীয়া মহিলা সকলৰ পৰা বস্তু ক্ৰয় কৰি তেওঁলোকক আগবাঢ়ি অহাত সহায় কৰিবলৈ অনুৰোধ জনাইছে।
কেন্দ্ৰীয় মন্ত্ৰালয়ৰ এই পদক্ষেপ প্ৰশংসনীয়। বৰ্তমান মহিলাসকলে নিজাববীয়াকৈ অৰ্থ উপাৰ্জন কৰিবলৈ আগবাঢ়ি আহিছে। ঘৰতে নিৰ্মাণ কৰা সামগ্ৰীসমূহ বিক্ৰী কৰিবলৈ এখন বজাৰৰ অভাৱ। একেখিনি উৎপাদিত সামগ্ৰী বজাৰৰ পৰা ক্ৰয় কৰাতকৈ কাষৰীয়া মহিলাসকলৰ পৰা ক্ৰয় কৰিলে তেওঁলোকক উৎসাহিত কৰাৰ লগতে দেশৰ অৰ্থনীতিত সহায়ক হ’ব।
বৰ্তমান অসমতো মহিলাসকলে কেক বনোৱা, পুতলা নিৰ্মাণ, গহনা, চাবোন আদি নিৰ্মাণৰ জৰিয়তে আত্মনিৰ্ভৰশীল হ’বলৈ আগবাঢ়িছে। বহুতো মহিলাই কাপোৰৰ ব্যৱসায় আৰম্ভ কৰিছে। এওঁলোকক দেখি নতুনকৈ মহিলাসকল ওলাই আহিবলৈ প্ৰেৰণা পাইছে। থলুৱা মহিলাসকলৰ পৰা বস্তু ক্ৰয় কৰি উৎসাহিত কৰাটো স্থানীয় ৰাইজৰ কৰ্তব্য। কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপে মহিলাৰ উত্তৰণত নিশ্চয় সহায় কৰিব।