দিপাৱলীৰ পাছতে ৰাজ্যত অনুষ্ঠিত হব ষট্ পূজা। কভিড বিধি মানি ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটীত ষট্ পূজা উদযাপন কৰিবলৈ আহ্বান জনাইছে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে।কালি উপায়ুক্তৰ কাৰ্যালয়ত পূজা কমিটি সমূহৰ সৈতে এখন অনুষ্ঠিত বৈঠকত পেগুৱে এই আহ্বান জনাইছে।
উজানবজাৰ ঘাট,পাণ্ডু,মলিগাঁও ৰেলৱে ষ্টেডিয়াম, বিৰুবাৰীৰ মীন ভৱন, বশিষ্ঠ, চূণচালি,লালমাটি,আজাৰা,
নুনমাটি,জ্যোতিকুচি আদি অঞ্চলত অনুষ্ঠিত হবলগীয়া ষট্ পূজা কমিটিসমূহৰ সৈতে মিলিত হয়। কভিড বিধি আৰু শান্তি শৃংখলা বজাই ৰাখি যাতে পূজা অনুষ্ঠিত কৰিব পৰা যায় তাৰ বাবে অধিক স্বেচ্ছাসেৱক আৰু আৰক্ষী নিয়োগ কৰিবলৈ ক্ৰমে পূজা কমিটি আৰু অসম আৰক্ষীক তেওঁ আহ্বান জনায়। তদুপৰি 10 নবেম্বৰৰ পৰা 11 নবেম্বৰ লৈ মহানগৰীত যান বাহন চলাচলৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা লবলৈ আহ্বান জনাইছে পেগুৱে। সেইদৰে ব্ৰহ্মপুত্ৰ নদীৰ পানীৰ গভীৰতা সূচক ৰঙা পতাকা লগাবলৈ আভ্যন্তৰীণ জল পৰিবহণ বিভাগক দায়িত্ব অৰ্পণ কৰে উপায়ুক্তই। ভক্তসকলৰ বাবে খোৱা পানী আৰু বায়’টয়লেট স্থাপন কৰিবলৈ পৌৰ নিগমক তেওঁ আহ্বান জনাইছে।