চাৰ্বিয়াৰ বিলগ্ৰেডত চলি থকা বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে অসমৰ বক্সাৰ শিৱ থাপাই।
৬৩.৫ কেজি শাখাৰ খেলত অংশগ্ৰহণ কৰা খেলুৱৈজনে ফ্ৰান্সৰ ল’নেছ হামৰিয়াক ৪-১ ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। পৰৱৰ্তী খেলখন তুৰস্কৰ কেৰেম অ’জমেনৰ বিৰুদ্ধে খেলিব।
২০১৫ চনৰ বিশ্ব চেম্পিয়নশ্বিপত অসমৰ শিৱ থাপাই ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। ইতিমধ্যে ৫ টাকৈ এছিয়ান গেমছৰ পদকধাৰী শিৱ থাপাই এইবাৰ যদি সফলতা লাভ কৰে তেন্তে দুটাকৈ পদক অৰ্জনকাৰী প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হ’ব।