অসমত প্ৰথমবাৰৰ বাবে শিক্ষা বিভাগে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত ঘোষণা কৰিছে। এতিয়াৰে হায়াৰ ছেকেণ্ডাৰীৰ প্ৰথম বৰ্ষৰ ছাত্ৰ ছাত্ৰীয়ে নিজৰ ইচ্ছা অনুসৰি শাখা সলনি কৰিব পাৰিব। অৰ্থাৎ কলা শাখাৰ পাঠ্যক্ৰম গ্ৰহণ কৰা ছাত্ৰই বিজ্ঞান শাখালৈ সলনি কৰিব পাৰিব। বা বিজ্ঞান শাখাত নামভৰ্তি কৰা ছাত্ৰই কলা বা বাণিজ্য শাখালৈ সলনি কৰিব পাৰিব।
শিক্ষা বিভাগৰ এই যুগান্তকাৰী পদক্ষেপে বহুতো ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত সুৰক্ষিত কৰিব। আমাৰ সমাজৰ সৰহ সংখ্যক ছাত্ৰ ছাত্ৰীৰে মেট্ৰিক পৰীক্ষাৰ পিছত কি বিষয়ত অধ্যয়ন কৰিব এই সম্পৰ্কে বিশেষ ধাৰণা নাথাকে। বহুতো ছাত্ৰই গণিত বা বিজ্ঞানত সৰহ সংখ্যক নম্বৰ পালেই বিজ্ঞান শাখাত নামভৰ্তি কৰে। আনহাতে বহুতে বিজ্ঞান বা বাণিজ্য শাখা কঠিন বুলি আনৰ প্ৰৰোচনাত কলা শাখাত নামভৰ্তি কৰে।
আকৌ বহুতো ছাত্ৰই অভিভাৱকৰ হেঁচাৰ ফলত অনিচ্ছাস্বত্বেও বা একো নজনাকৈ উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰমত নামভৰ্ত্তি কৰে।
কিন্তু শ্ৰেণীসমূহ আৰম্ভ হোৱাৰ লগে লগে বহুতো ছাত্ৰ সমস্যাৰ সন্মুখীন হয়। সালসলনিৰো কোনো ব্যৱস্থা নাথাকে । অপ্ৰিয় বিষয় এটাও বাধ্যত পৰি পঢ়ি ডিগ্ৰী গ্ৰহণ কৰে।
এনেদৰে বাধ্যত পৰি গ্ৰহণ কৰা শিক্ষাৰ কোনো মূল্য নাথাকে। ছাত্ৰজনৰ জীৱনটো বিৰূপ প্ৰভাব পেলায়। শেহতীয়াকৈ শিক্ষা বিভাগৰ এই পদক্ষেপে বহুতো ছাত্ৰ ছাত্ৰীৰ জীৱনলৈ নতুন সম্ভাৱনা কঢ়িয়াই আনিব। হেঁচাৰ কবলৰ পৰা মুক্ত হৈ অসমৰ ছাত্ৰ ছাত্ৰীয়ে এতিয়াৰে পৰা নিজৰ পচন্দৰ বিষয় এটা নিৰ্বাচন কৰি আগবাঢ়ি যাব পাৰিব।