কিছুদিন পূৰ্বে কামাখ্যা ষ্টেছনৰ পৰা দিল্লীলৈকে বৈদ্যুতিক ব্ৰক্ষ্মপুত্ৰ মেইল চলাচল আৰম্ভ হৈছিল। এইবাৰ গুৱাহাটী ষ্টেছনৰ পৰা দিল্লীলৈকে বৈদ্যুতিক ৰাজধানী এক্সপ্ৰেছ আৰু দ্ৰুতবেগী তেজস ৰাজধানী এক্সপ্ৰেছৰ চলাচল শীঘ্ৰেই আৰম্ভ হ’ব বুলি ৰেল কৰ্তৃপক্ষই প্ৰকাশ কৰিছে।
অতি সোনকালে কলিকতা, চেন্নাই, মুম্বাই আদি প্ৰধান চহৰসমূহৰ মাজত ৰেল লাইনৰ বৈদ্যুতিকৰণ আৰম্ভ হ’ব বুলিও ৰেল বিভাগে জানিবলৈ দিয়ে।
বৈদ্যুতিক মাধ্যমত চলাচল কৰিবলগীয়া ট্ৰেইনসমূহৰ গতিবেগ বৃদ্ধি পোৱাৰ ফলত যাতায়তৰ সময় ২ ঘণ্টালৈকে হ্ৰাস পাব। ইয়াৰ উপৰিও ৰেলৰ ভাড়াও কিছু হ্ৰাস হোৱাৰ সম্ভাৱনা আছে।
HSD তেল ক্ৰয় কৰিবলৈ বছৰি ব্যয় কৰা ৩০০ কোটি টকাও এতিয়াৰে পৰা ৰেল বিভাগৰ ৰাহি হ’ব। ডিজেল চালিত ইঞ্জিন বন্ধ হোৱাৰ ফলত কাৰ্বনমুক্ত হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব।
ইয়াৰ উপৰিও বৈদ্যুতিক চালিত ৰেলৰ গতি মসৃণ আৰু শব্দ প্ৰদূষণ হ্ৰাস পাব বুলিও ৰেল বিভাগে জানিবলৈ দিয়ে।