পোহৰৰ উৎসৱ দেৱালীৰ শুভক্ষণত ইংলেণ্ডত মহাত্মা গান্ধীৰ জীৱন আৰু আদৰ্শক স্মৰণ কৰি ৫ পাউণ্ড মূল্যৰ এটা স্মাৰক মুদ্ৰা জাৰি কৰা হয় ৷সোণ আৰু ৰূপ আৰু অন্যান্য ধাতুৰে গঢ়া এই মুদ্ৰাটোৰ দিজাইন কৰিছে হীনা গ্ল’ভাৰে৷
মুদ্ৰাটোত ভাৰতীয় ৰাষ্ট্ৰীয় পুষ্প কমলৰ লগতে মহাত্মা গান্ধীৰ প্ৰখ্যাত উক্তি ‘মোৰ জীৱনেই মোৰ বাৰ্তা’ খোদিত কৰা আছে৷ প্ৰথমবাৰলৈ গ্ৰেট বৃটেইনৰ চৰকাৰে আনুষ্ঠানিকভাৱে মহাত্মা গান্ধীৰ স্মৃতিত এই মুদ্ৰা জাৰি কৰিছে৷মুদ্ৰাটো উন্মোচন কৰিছে বৃটেইনৰ বিত্ত মন্ত্ৰী ঋষি ছুনকে৷ অৱশ্যে তেওঁৱেই এই মুদ্ৰাৰ নক্সাও চূড়ান্ত কৰিছিল৷
দেৱালী উপলক্ষে ব্ৰিটেইনে এক গ্ৰাম আৰু পাঁচ গ্ৰাম সোণৰ বাৰো জাৰি কৰিছে৷ এই গ’ল্ড বাৰত হিন্দুৰ ঐশ্বৰ্যৰ দেৱী লক্ষ্মীৰ নক্সা অংকিত হৈ আছে৷