VOICE 24x7
Wednesday, May 25, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

সুধাকণ্ঠ ড° ভূপেন হাজৰিকা

নীতা চক্রবর্ত্তী by নীতা চক্রবর্ত্তী
November 5, 2021
in মুখ্য সংবাদ, অভিমত, সমাজ, সংস্কৃতি
সুধাকণ্ঠ ড° ভূপেন হাজৰিকা
0
SHARES
1
VIEWS
Share on FacebookShare on Twitter

ড° ভূপেন হাজৰিকা এটি নামেই নহয় , এক অনুষ্ঠান। এই গৰাকী বিশ্ববিশ্ৰুত  শিল্পীৰ গীত আৰু কথাত আছে অসমৰ জাতীয় জীৱনৰ স্পন্দন। 

বিশ্ববিশ্ৰুত শিল্পী অসম ৰত্ন ড° ভূপেন হাজৰিকা অকল অসমৰেই নহয় , সমগ্ৰ ভাৰতবৰ্ষৰ কলা – সংস্কৃতিৰ জগতত বহুমুখী সৃষ্টি -প্ৰতিভাৰে উদ্ভাসিত এক উজ্বল ৰত্ন। 

ড° ভূপেন হাজৰিকাদেৱে তেখেতৰ কালজয়ী গীত  গদ্য , সুৰ আৰু কণ্ঠেৰে যি অবিস্মৰণীয় অৱদান আগবঢ়াইছে , সেয়া আমাৰ চিৰযুগমীয়া এক জাতীয় সম্পদ। সেয়েহে কলা-সংস্কৃতিৰ জগতত গৌৰৱোজ্জ্বল ইতিহাস সৃষ্টি কৰা সুধাকণ্ঠ ড° ভূপেন হাজৰিকাক আমি অসমী আইৰ সুযোগ্য সন্তান বুলি কব পাৰো ।

১৯২৬ চনৰ ৮ ছেপ্তেম্বৰত শদিয়াত ড° ভূপেন হাজৰিকাৰ জন্ম হৈছিল। কণ্ঠত সুৰ লৈ জন্ম গ্ৰহন কৰা হাজৰিকাই নিজৰ ঘৰখনতেই সঙ্গীত সাধনাৰ শুভাৰম্ভ কৰিছিল। কৈশোৰ কালতে জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ নিবিড় সান্নিধ্যত তেখেতে লাভ কৰিছিল এক নতুন দিগন্ত ।

তেজপুৰ চৰকাৰী হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত পঢ়া-শুনা কৰা ভূপেন হাজৰিকাই বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। আমেৰিকাৰ কলম্বিয়া বিশ্ববিদ্যালয়লত তেখেতে  গণ-সংযোগ বিষয়ত গৱেষণা কৰিছিল। গৱেষক ছাত্ৰ ৰূপে থাকোঁতেই বিশ্ববিদ্যালয়ৰ এক সাংস্কৃতিক অনুষ্ঠানত লোক সংগীত পৰিৱেশন কৰি এলিনা ৰুজভেল্টৰ পৰা সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল।

স্বদেশলৈ উভতি আহি ড° ভূপেন হাজৰিকা ওতঃপ্ৰোত ভাবে জড়িত হৈ পৰিছিল অসমৰ সাংস্কৃতিক জগত খনৰ লগত। থলুৱা কলা-সংস্কৃতিৰ আদৰ্শৰ আধাৰত ৰচনা কৰিছিল বহুতো কালজয়ী গীত। 

গুৱাহাটীৰ বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ  চাকৰি এৰি  ড° ভূপেন হাজৰিকাই সংঙ্গীতকে আকোঁৱালি লৈছিল জীৱন আৰু জীৱিকাৰ এক সেন্দুৰীয়া আলি ৰূপে।  তেখেতে ১৯৪৮ চনত প্ৰথম বাৰৰ বাবে বোলছবিৰ সঙ্গীত পৰিচালক ৰূপে আত্মপ্ৰকাশ কৰিছিল। ১৯৫৬ চনত ড° ভূপেন হাজৰিকাই সঙ্গীতৰ সাধনা আৰু বোলছবিৰ সঙ্গীত পৰিচালনাৰ এখন বহল পথাৰৰ সন্ধানত কলিকতা মহানগৰীলৈ গুচি গৈছিল। 

অসমীয়া বোলছবি “শকুন্তলা” , ‘প্ৰতিধ্বনি ‘ আৰু ‘লটিঘটি’ ৰ বাবে ড° ভূপেন হাজৰিকাদেৱে ৰাষ্ট্ৰপতি পদক লাভ কৰিছিল। ‘চামেলি মেমচাব’ ৰ শ্ৰেষ্ঠ সংগীত পৰিচালক ৰূপে ৰাষ্ট্ৰপতিৰ পৰা লাভ কৰিছিল ৰাষ্ট্ৰীয় ‘ৰজত কমল বঁটা’।

স্বদেশ আৰু বিদেশতো চৰকাৰী আৰু বে-চৰকাৰী ভাবে ড° ভূপেন হাজৰিকা দেৱলৈ আগবঢ়োৱা বঁটা আৰু সন্মান জনক উপাধি সমূহ হল- “দাদা চাহেব ফাল্কে বঁটা” , ” সংঙ্গীত নাটক একাদমী বঁটা” ,  শ্ৰী মন্ত শংকৰ দেৱ বঁটা , “লতা মঙ্গেশকাৰ বঁটা “, “শ্ৰেষ্ঠ সংঙ্গীত শিল্পী বঁটা ” , “ৰাষ্ট্ৰীয় একতা বঁটা”, “দেশৰত্ন বঁটা” , “জীৱনজোৰা সাধনা বঁটা” , “মাদাৰ টেৰেছা মিলেনিয়াম বঁটা” , “ইন্দিৰা গান্ধী স্মৃতি পুৰস্কাৰ” “,কলা শিৰোমণি বঁটা ”  ইত্যাদি বঁটা সমূহে ড° ভূপেন হাজৰিকা দেৱৰ সৃষ্টিশীল প্ৰতিভাৰ পৰিচয় দাঙি ধৰে।

এই বঁটা সমূহৰ উপৰিও ড° ভূপেন হাজৰিকাক ভাৰত বৰ্ষৰ সমাজ আৰু সংস্কৃতিলৈ আগবঢ়োৱা উল্যেখযোগ্য অৱদানৰ বাবে ১৯৭৮ চনত “পদ্মশ্ৰী” সন্মান , ২০০১ চনত “পদ্মভূষণ” সন্মান আৰু ২০০৯ চনত ” অসম ৰত্ন” সন্মানেৰে বিভূষিত কৰিছে।

বিশ্ববিশ্ৰুত শিল্পী সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱে তেখেতৰ জীৱনজোৰা সাধনাৰ স্বাক্ষৰ বহন কৰি থকা গীত আৰু গদ্য , সুৰ আৰু কণ্ঠেৰে সমাজ আৰু সাহিত্য সংস্কৃতিৰ জগত খনলৈ  অপৰিসীম অৱদান আগবঢ়াইছে । সেই অবিস্মৰণীয়  অৱদানেৰে তেখেতে  অসম  মাতৃৰ মুখ সমগ্ৰ বিশ্ববাসীৰ সন্মুখত  জিলিকাই তুলিবলৈ সক্ষম হৈছিল।

আজি সুধাকণ্ঠ  ড° ভূপেন হাজৰিকাৰ মৃত্যু দিৱসত তেখেতক সন্মান জনাই ড° মামনি ৰয়চম গোস্বামীৰ কবিতা এফাকিৰে একাজলী শ্ৰদ্ধাঞ্জলী যাঁচিছোঁ –

‘তোমাৰ কণ্ঠ বাদ দি মই 

মোৰ জন্মভূমিৰ নক্সা আঁকিব নোৱাৰো।

তোমাৰ কণ্ঠ বিয়পি আছে

মোৰ আইৰ আকাশত , বতাহত

বুঢ়া লুইতৰ উত্তাল বুকুত

ধনশিৰিৰ ৰেষ্মাবালিত

বুঢ়ি দিহিঙৰ ধৱল ঘাটত।

দিঘৌৰ তাম বৰণীয়া ধলত

লখীমপূৰৰ ৰঙানদীৰ ৰিহাৰ আচলত

জগলীয়াৰ সোনালী পানীত

ভূপেন দা

তোমাৰ কণ্ঠ বাদ দি মই 

মোৰ জন্মভূমিৰ নক্সা আঁকিব নোঁৱাৰো 

ভূপেন দা।”

 

Previous Post

দেৱালীৰ দিনাই ইংলেণ্ডত জাৰি  কৰা হৈছে মহাত্মা  গান্ধীৰ স্মাৰক মুদ্ৰা

Next Post

ভূপেন্দ্ৰ সঙ্গীত বনাম আজিৰ সংগীতৰ ভাষা

Related Posts

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান
মুখ্য সংবাদ

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

May 25, 2022
ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ
মুখ্য সংবাদ

ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

May 25, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 25, 2022
গ্ৰাহকৰ ১ কোটি টকা জুৱাত লগাই আৰক্ষীৰ জালত পোষ্ট মাষ্টৰ, ক’ত ঘটিল এই ঘটনা
মুখ্য সংবাদ

গ্ৰাহকৰ ১ কোটি টকা জুৱাত লগাই আৰক্ষীৰ জালত পোষ্ট মাষ্টৰ, ক’ত ঘটিল এই ঘটনা

May 25, 2022
বিজনীৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ ঐতিহাসিক ৰায়
মুখ্য সংবাদ

বিজনীৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ ঐতিহাসিক ৰায়

May 25, 2022
মধ্য প্ৰদেশৰ খাণ্ডৱাত এজন সাধুক প্ৰহাৰ কৰাৰ ভিডিঅ’ ভাইৰেল
মুখ্য সংবাদ

মধ্য প্ৰদেশৰ খাণ্ডৱাত এজন সাধুক প্ৰহাৰ কৰাৰ ভিডিঅ’ ভাইৰেল

May 25, 2022
Next Post
সুধাকণ্ঠ ড° ভূপেন হাজৰিকা

ভূপেন্দ্ৰ সঙ্গীত বনাম আজিৰ সংগীতৰ ভাষা

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

বিবাহপাশত আৱদ্ধ হ’ল চলচ্চিত্ৰ নিৰ্মাতা হংসল মেহতা আৰু সুফেনা হুছেইন

বিবাহপাশত আৱদ্ধ হ’ল চলচ্চিত্ৰ নিৰ্মাতা হংসল মেহতা আৰু সুফেনা হুছেইন

May 25, 2022
কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

May 25, 2022
ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

May 25, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7