মানুহে মানুহৰ বাবে
যদিহে অকনো নাভাবে
অকনো সহানুভূতিৰে
ভাবিব কোনেনো কোৱা সমনীয়া?
মানুহে মানুহৰ বাবে……
তাহানিতে লিখি থৈ যোৱা ভূপেন্দ্ৰ সঙ্গীতৰ মধুৰ ভাষাই আজিও সমাজক প্ৰশ্ন কৰে। বলিষ্ঠ, সুৰীয়া কণ্ঠৰ গীতসমূহে কেৱল অসমৰ সঙ্গীত জগততে নহয় আমাৰ অসমীয়া ভাষাক এক অনন্য মাত্ৰা প্ৰদান কৰি থৈ গৈছে।
স্নেহে আমাৰ শত শ্ৰাৱনৰ ধাৰাসাৰ বৃষ্টিৰ প্লাৱন আনে…….
শব্দৰ লালিত্যৰ মাজেৰে প্ৰকৃতিৰ মনোমোহা বৰ্ণনা প্ৰকাশ কৰা গীতসমূহ সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবে উপভোগ্য। ভূপেন্দ্ৰ সঙ্গীতত প্ৰেম, বিৰহ, ত্যাগকে ধৰি নৱ ৰসৰ লগতে সমাজৰ বিভিন্ন কৰ্ম কাণ্ডৰ প্ৰতি বা মানুহৰ ব্যক্তিতক লৈ এক প্ৰতিবাদো ফুটি উঠা দেখা যায়।
এনে সকলো অভিনৱ ভাষা ভূপেন হাজৰিকাদেৱৰ মৃত্যুৰ লগে লগেই যেন অসমৰ পৰা হেৰাই গ’ল। বৰ্তমান অসমত এনে সুন্দৰ ভাষাৰ গীতসমূহতকৈ মানুহৰ মাজত সস্তীয়া শব্দৰ গীতৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে।
নৱ প্ৰজন্মৰ শিল্পী সকলে কেৱল জনপ্ৰিয়তা বৃদ্ধিৰ বাবেই সস্তীয়া যৌন গন্ধী ভাষাৰ গীত ৰচনাত উদগণি জনাইছে। জনসাধাৰণৰ মাজতো যেন তেনে গীতসমূহৰ জনপ্ৰিয়তা বৃদ্ধি পাবলৈ ধৰিছে। ভূপেন্দ্ৰ সঙ্গীতৰ দৰে গাম্ভীৰ্য ভাষাৰ সংগীত কেৱল এক শ্ৰেণীৰ লোকৰ মাজতহে এতিয়া জীয়াই আছে যেন পৰিলক্ষিত হৈছে। আনকি অসমৰ বিখ্যাত গায়কসকলেও ভাষা চয়নৰ ক্ষেত্ৰত সজাগ হোৱা দেখা পোৱা নাযায়।
অসমীয়া জাতিৰ বাবে এই লক্ষণ বৰ শুভ নহয়। অনাগত সময়ত অসমীয়া জাতিয়ে অস্তিত্বৰ সংকটত ভুগিব লাগিব। ভূপেন হাজৰিকাদেৱৰ বিখ্যাত সঙ্গীতৰ দৰেই আমাৰ জাতিৰ শেষ পৰিণতি হ’বগৈ-
“আমি অসমীয়া নহও দুখীয়া
বুলি সান্তনা লভিলে নহ’ব
আজিৰ অসমীয়াই নিজক নিচিনিলে
অসম ৰসাতলে যাব।”