শীঘ্ৰে মুম্বাই এৰি লণ্ডনৰ বাসিন্দা হ’ব দেশৰ সৰ্বোচ্চ ধনী ব্যক্তি মুকেশ আম্বানী আৰু তেওঁৰ পৰিয়াল। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি আম্বানীৰ পৰিয়ালে লণ্ডনৰ বাকিংহামছায়াৰৰ এটা বিলাসী অট্টালিকাত বসবাস কৰিব। ষ্টক পার্কৰ বাকিংহামছায়াৰৰ ৩০০ একৰজুৰি থকা এই সুবিশাল অট্টালিকাটো আম্বানী পৰিয়াল বসবাস কৰিব পৰাকৈ সাজু কৰি তোলা হৈছে। এই বিশাল ভৱনটোত আছে ৪৯টা কোঠা।
তদুপৰি এই ভৱনত আছে এটা অত্যাধুনিক মিনি চিকিৎসালয়। আছে আটকধুনীয়া উপাসনাস্থলী। যোৱা আগষ্ট মাহৰ পৰাই এই অট্টালিকতো আম্বানী পৰিয়ালৰ বাবে সাজু কৰাৰ কাম আৰম্ভ কৰা হৈছিল। উল্লেখযোগ্য যে প্ৰতিবছৰে আম্বানী পৰিয়ালে মুম্বাইৰ বিলাসী এন্টিলিয়াত দিপাৱালীৰ পাৰ্টি অনুষ্ঠিত কৰি আহিছে। যত বলিউডৰ তাৰকাৰ পৰা আৰম্ভ কৰি উদ্যোগপতিলৈকে অংশগ্ৰহণ কৰে।
কিন্তু এইবাৰ আম্বানী পৰিয়ালে দিপাৱলীৰ পাৰ্টি অনুষ্ঠিত কৰে লণ্ডনৰ বাকিংহামছায়াৰৰ নতুন বাসগৃহত। প্ৰকাশিত তথ্য অনুসৰি কিছুদিন পাছত লণ্ডনৰ পৰা পুনৰ মুম্বাইলৈ উভতি আহিব আম্বানী পৰিয়াল। অহা বৰ্ষৰ এপ্ৰিল মাহত স্থায়ীভাৱে লণ্ডনলৈ ৰাওনা হ’ব আম্বানী পৰিয়াল। ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশ পোৱা অনুসৰি যদিও মুম্বাইত থকা বাসগৃহটো অত্যধুনিক সকলো সুবিধা আছে ,তথাপিও মুম্বাইৰ অন্যতম ব্যস্ত অঞ্চলত নিৰ্মান কৰাৰ বাবে বাসগৃহটোত নাই যথেষ্ট মুকলি ঠাই।
সেয়েহে বিলাসী এন্টিলিয়াতকৈয়ো আহল বহল আৰু মুকলি ঠাই থকা এটা বাসগৃহৰ সন্ধান কৰিছিল আম্বানী পৰিয়ালে। যাৰ বাবে বিগত বর্ষৰ প্ৰথমভাগত আম্বানীয়ে লণ্ডনৰ ৩০০ একৰজুৰি থকা বাসগৃহটো ৫২৪ কোটি টকাত ক্ৰয় কৰিছিল। ১৯০৮ চনত নিৰ্মাণ কৰা এই ভৱনতো প্ৰথমে ব্যক্তিগত বাসগৃহ হিচাপে ব্যৱহাৰ কৰা হৈছিল। পৰৱৰ্তী সময়ত এইটো এটা ক্লাৱলৈ ৰূপান্তৰিত কৰা হৈছিল। জেমছ বণ্ডৰ ছবিও এই অট্টালিকা টোত দৃশ্যগ্ৰহণ কৰা হৈছিল। অৱশ্যে লণ্ডনলৈ স্থানান্তৰ হোৱা সন্দৰ্ভত এতিয়াও আনুষ্ঠানিকভাবে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই আম্বানী পৰিয়ালে।