অসম লেখিকা সংস্থাৰ অন্তৰ্গত বৃহত্তৰ হাতীগাওঁ শাখা লেখিকা সংস্থাই আজি অৰ্থাৎ ২০২১ বৰ্ষৰ ৬নৱেম্বৰ তাৰিখে শাখাটোৱে তিনিটা বৰ্ষ সফলতাৰে অতিক্ৰম কৰাৰ আনন্দত তৃত্বীয় বৰ্ষপূৰ্তি অনুষ্ঠান অনুষ্ঠিত কৰে।।সভানেত্ৰী কস্তুৰীনিভা গগৈয়ে সকলো সন্মানীয় লেখিকাৰ উপস্থিতিত কেক কটাৰ লগতে সকলোৱে এই বিশেষ দিনটো আনন্দ উল্লাসেৰে উদযাপন কৰি হাতীগাওঁ শাখা লেখিকা সংস্থাৰ দীৰ্ঘায়ু কামনা কৰে।
এই বিশেষ দিনটোত গীত মাত কবিতাৰে সভাগৃহ উদুলি মুদুলি হৈ পৰে।সম্পাদিকা দীপা বৰা দত্তই শাখাৰ গঠনৰ সময়ৰ পৰা এতিয়ালৈকে সন্মানীয় লেখিকা সকলৰ সহায় সহযোগিতা ৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে।শেষত অসম সংগীতেৰে সভা সমাপ্তি হয় ।