বিলগ্ৰেডত অনুস্থিত হোৱা বিশ্ব বক্সিং চেম্পিয়নশ্বিপ ২০২১ ৰ ভাৰতলৈ প্ৰথমটো পদক কঢ়িয়াই আনিছে ২১ বছৰীয়া ভাৰতীয় বক্সাৰ আকাশ কুমাৰে। ৫৪ শাখাৰ ছেমি ফাইনেলত কাজাখাস্তানৰ মেখমুড চাব্ৰিখানৰ হাতত ০-৫ ত পৰাস্ত হৈ ভাৰতীয় বক্সাৰজনে ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়।
আনহাতে কাইলৈ অসমৰ বক্সাৰ শিৱ থাপাই কোৱাৰ্টাৰ ফাইনেলৰ বাবে খেলিব। ৬৩.৫ কেজি শাখাৰ কাইলৈৰ খেলখনত জয় লাভ কৰিব পাৰিলেই অসমলৈ এটা পদক নিশ্চিত কৰিব ২৭ বছৰীয়া বক্সাৰ শিৱ থাপাই।