প্ৰতি বছৰেই ৮ নৱেম্বৰৰ দিনটো বিশ্বৰ পিতৃ-মাতৃহীন অনাথ শিশু সকলৰ নামত পালন কৰি অহা হৈছে৷ আমেৰিকাত বিশেষ ভাৱে এই দিনটোক গুৰুত্ব আৰোপ কৰা হয় আৰু আমেৰিকা বাসীয়ে একেলগে পিতৃ মাতৃহীন সকলৰ লগত এই দিনটো আনন্দেৰে অতিবাহিত কৰি তেওঁলোকৰ প্ৰতি মৰম তথা সন্মান প্ৰদৰ্শন কৰে৷
বিশ্বত লাখ লাখ শিশুৱে প্ৰতিদিনে নিজৰ পিতৃ মাতৃক হেৰুৱাই দিশহাৰা হৈ পৰিছে লগতে বহুতো অনাথ শিশু প্ৰতিদিনে বিভিন্ন সমস্যাৰো সন্মূখীন হৈছে ৷ পিতৃ মাতৃহীন সকলৰ থকা,খোৱা,শিক্ষাকে আদি কৰি সামাজিক সুৰক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত পৃথিৱীৰ প্ৰতিজন মানুহেই দায়িত্বশীল হ’ব লাগে বুলি অনুভৱ কৰি বিশেষকৈ আমেৰিকান সকলে প্ৰয়োজনৰ সময়ত অনাথ সকলৰ ওচৰত থিয় হ’ব বুলি আশ্বাস প্ৰদান কৰি আহিছে ৷
১৯৯০চনত ইংলেণ্ডত অনাথ সকল ভয়ংকৰ সংকটময় পৰিস্থিতিৰ সন্মূখীন হৈছিল ৷প্ৰয়োজনীয় আহাৰ আৰু চিকিৎসাৰ অভাৱত বহুতেই প্ৰাণ হেৰুৱাইছিল৷ সেয়েহে পশ্চিমীয়া দেশসমূহে সেইসময়ৰ পৰাই আইনী প্ৰক্ৰিয়াৰে সন্তান তুলি লোৱাৰ পোষকতা কৰিবলৈ ধৰিলে৷
২০০৬চনত ষ্টাৰ ফাউণ্ডেচন নামৰ এক অনুষ্ঠানে পূঁজি সংগ্ৰহ কৰি অনাথ শিশু সকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ কথা চিন্তা কৰি আৰু সৰ্বসাধাৰণ ৰাইজক এই ক্ষেত্ৰত সজাগ কৰাৰ উদ্দ্যেশ্যেৰে পোন প্ৰথম বাৰৰ বাবে এই দিনটো উদযাপন কৰে৷