তালিবানৰ অত্যাচাৰত অতিষ্ঠ দুৰ্দশাময় জীৱন কটোৱা ১৫ বছৰীয়া পাকিস্তানৰ মালালা ইউছুফ জায়ে শান্তিৰ নোবেল বঁটা লাভ কৰিছিল। মহিলাৰ সৰ্বাঙ্গীন উন্নয়ন তথা সৱলীকৰণৰ সপক্ষে কাম কৰা মালালা ইউছুফ জাই বৰ্তমান ২৪ বছৰীয়া।
অলপতে মালালা বিবাহ পাশত আবদ্ধ হোৱাৰ খবৰ আহে। বৰ্তমান ব্ৰিটেইনৰ নিৱাসী মালালাই টুইটাৰত তেওঁৰ জীৱন সংগীৰ সৈতে থকা এখন ফটো প্ৰকাশ কৰে। হঠাৎ মালালাৰ বিবাহৰ ছবি দেখি সামাজিক মাধ্যমত চাঞ্চল্যৰ সৃষ্টি হয়।
মালালাৰ জীৱন সংগীৰ বিষয়ে এতিয়ালৈকে বিশেষ একো জানিব পৰা নাই। কেৱল তেওঁৰ নাম আশেৰ বুলি মালালাই উল্লেখ কৰিছে।
কিছু দিন পূৰ্বে আমেৰিকাৰ ভগ আলোচনীৰ এটা সাক্ষাৎকাৰত মালালাই তেওঁ বিবাহ প্ৰক্ৰিয়াত বিশ্বাস নাই আৰু এহাল মনৰ মিল থকা ব্যক্তি একেলগে থাকিবলৈ বিবাহৰ দৰে বান্ধোনৰ কোনো প্ৰয়োজন নাই বুলিও উল্লেখ কৰিছিল। এই কথাই পাকিস্তানত বিতৰ্কৰ সৃষ্টি কৰিছিল।
বিবাহ প্ৰথাত বিশ্বাস নথকা মালালা ইউছুফ জাইৰ বিবাহৰ খবৰে সকলোকে আচৰিত কৰি তুলিছে।