১৮৮৮ চনৰ আজিৰ দিনটোতে মক্কাত আবুল কালাম আজাদৰ জন্ম হৈছিল। স্বাধীনতা আন্দোলনত এইজনা ব্যক্তিৰ বৰঙণি অসীম।
১৯০৭ চনত তুৰ্কী ভ্ৰমণলৈ যাওতে তুৰ্কী আন্দোলনৰ গুৰি ধৰোঁতা কমল মোস্তাফা পাছাৰ সংস্পৰ্শলৈ আহে। তেতিয়াই তেওঁৰ মনত প্ৰতিবাদী সত্বা জাগ্ৰত হয়।
গান্ধীজী ভাৰতলৈ ঘূৰি অহাৰ পিছত গান্ধীজীৰ আদৰ্শৰ প্ৰতি আকৰ্ষিত হয়। তুৰ্কী শাসনৰ প্ৰতি সমৰ্থন জনাই গান্ধীজীৰ অহিংস নীতিৰে খিলাফত আন্দোলনত ব্ৰিটিছৰ বিৰুদ্ধে নেতৃত্ব দিয়ে।
আবুল কালাম আজাদে মহম্মদ আলি জিন্নাৰ পৃথক ৰাষ্ট্ৰৰ নীতিৰ তীব্ৰ বিৰোধিতা কৰিছিল। মহাত্মা গান্ধীৰ আদৰ্শ অনুসৰণ কৰি দেশ বিভক্ত নকৰিবলৈ শেষ মুহূৰ্তলৈকে যুঁজ দিছিল। স্বাধীনতাৰ পিছত দেশত ধৰ্মীয় হিংসাসমূহ ৰোধ কৰি শান্তি প্ৰতিষ্ঠাৰ বাবে চেষ্টা চলাইছিল।
স্বাধীনতাৰ পিছত জৱাহৰলাল নেহৰুৰ মন্ত্ৰী সভাৰ সদস্য হয়। স্বাধীন ভাৰতৰ প্ৰথমজন শিক্ষামন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। শিক্ষাৰ ক্ষেত্ৰত এইজনা মহান ব্যক্তিৰ অবদান যথেষ্ট আছে।
জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিছিল। শিক্ষামন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছতে দিল্লী বিশ্ববিদ্যালয়ৰ উন্নয়নত অৰিহণা যোগাইছিল। ১৯৫১ চনত আই আই টি প্ৰতিষ্ঠা কৰিছিল। ১৯৫৩ চনত বিশ্ববিদ্যালয় অনুদান আয়োগ গঠন কৰিছিল। বাংগালোৰত ইণ্ডিয়ান ইনষ্টিটিউট অব চায়েঞ্চ প্ৰতিষ্ঠা কৰাত উদগণি জনাইছিল।