কেন্দ্ৰীয় চৰকাৰে এই বছৰৰ পৰা প্ৰতি বছৰৰ ১৫ নৱেম্বৰ দিনটো জনজাতীয় গৌৰৱ দিৱস হিচাপে পালন কৰিবলৈ সিদ্ধান্ত লৈছে। বিৰছা মণ্ডাৰ প্ৰতি সন্মান জনাই প্ৰতি বছৰে তেওঁৰ ওপজা দিনটো জনজাতীয় গৌৰৱ দিৱস হিচাপে উদযাপন কৰিব।
স্বাধীনতা লাভ কৰা ৭৫ সম্পূৰ্ণ হোৱাৰ বাবে এই বছৰটো আজাদী কা অমৃত মহোৎসৱ হিচাপে পালন কৰা হৈছে। স্বাধীনতা সংগ্ৰামত ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিয়া সংগ্ৰামী আদিবাসী লোকসকলক দেশৰ জনসাধাৰণৰ মাজত চিনাকি কৰাই দিবলৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে।
জনজাতীয় গৌৰৱ দিৱসৰ জৰিয়তে বিৰছা মুণ্ডাৰ দৰে আদিবাসী সংগ্ৰামী সত্বাক সন্মান জনাবলৈ বিচাৰিছে। ইতিমধ্যে ভাৰত চৰকাৰে ১০ টাকৈ জনজাতীয় যাদুঘৰ প্ৰতিষ্ঠা কৰিছে।
জনজাতিৰ উন্নয়নত বিশেষ গুৰুত্ব আৰোপ কৰা ভাৰত চৰকাৰৰ এই পদক্ষেপ শলাগ ল’বলগীয়া।