অসমবাসীৰ বাবে সুখবৰ। আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পুনৰ জিলিকিছে অসমৰ কথাছবি। যোৱা ৯ তাৰিখৰ পৰা ১৪ নবেম্বৰ তাৰিখলৈকে ভাৰতত অনুষ্ঠিত হোৱা ১৫ সংখ্যক আন্ত:ৰাষ্ট্ৰীয় চিনহ ইণ্ডিয়া শিশু চলচ্চিত্ৰ মহোৎসৱত অসমৰ ” তুমি মালালা” নামৰ শিশু বোলছবিখনে বিশেষভাৱে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
ছবিখনত অভিনয় কৰা দুই শিশু অশ্ৰুতা কাশ্যপ আৰু হৰ্ষিতা ভট্টাচাৰ্যই শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়।
এন আৰ চি প্ৰচলনৰ বাবে অসমত উদ্ভৱ হোৱা
পৰিস্থিতি আৰু নাৰী শিক্ষাৰ ওপৰত নিৰ্মাণ কৰা ছবিখন প্ৰযোজনা কৰিছে ড৹ সঞ্জীৱ নাৰায়ণে আৰু পৰিচালনা কৰিছে ৰূপক গগৈয়ে।
উল্লেখযোগ্য যে চলিত বৰ্ষত আয়োজিত ৭ খনকৈ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ৫ খনতে সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। ড্ৰাক আন্তঃৰাষ্ট্ৰীয় মহোৎসৱত বিশেষ পাৰদৰ্শিতাৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ উপৰিও গেংটক আন্ত:ৰাষ্ট্ৰীয় মহোৎসৱত “তুমি মালালা”ই শ্ৰেষ্ঠ প্ৰযোজকৰ বঁটাও লাভ কৰিছে।