আফগানিস্তানত আফগান সেনা আৰু তালিবানৰ মাজত হোৱা সংঘর্ষৰ সময়ত প্রাণ হেৰুৱায় পুলিৎজাৰ বঁটা বিজয়ী ভাৰতীয় ফটো সাংবাদিক ডানিছ ছিদ্দিকীয়ে৷ মুম্বাইস্থিত সাংবাদিক গৰাকীয়ে বিগত এক দশকতকৈও অধিক কাল আন্তর্জাতিক নিউজ সংস্থা ৰয়টাৰৰ ফটো সাংবাদিক হিচাপে কাম কৰি আছিল।
সাংবাদিকগৰাকী আফগানিস্তানলৈ মাৰ্কিন-নাটো বাহিনীৰ সেনাৰ অপসাৰণৰ বাতৰি তথা আলোকচিত্ৰ সংগ্ৰহৰ বাবে গৈছিল। সেনাৰ কনভয় এটাৰ সৈতে গৈ থকা অৱস্থাতে তালিবানৰ আক্ৰমণত সাংবাদিক গৰাকী নিহত হয়৷
উল্লেখনীয় যে ২০০১ চনৰ ১১ ছেপ্তেম্বৰত আমেৰিকাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিচৰে পৰা তালিবান তথা অন্য সন্ত্ৰাসবাদীৰ বিৰুদ্ধে নাটো তথা আমেৰিকান সৈনিকে অভিযান চলাই আহিছে। অহা ১১ ছেপ্তেম্বৰৰ ভিতৰত নাটো তথা আমেৰিকান সৈনিকক সম্পূৰ্ণৰূপে অপসাৰণ কৰা হ’ব বুলি ৰাষ্ট্ৰপতি জ’ বাইডেনে সময়সীমা বান্ধি দিছে।
২০১৮ চনত পুলিৎজাৰ বঁটাৰে সন্মানিত সাংবাদিকগৰাকীয়ে বিভিন্ন সময়ত গভীৰ তথা সংবেদনশীল ফটোৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। দিল্লীৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ হিংসা, ক’ভিডৰ বাবে প্ৰভাৱিত জনজীৱন, প্ৰবাসী শ্ৰমিকৰ ঘৰমুৱা যাত্ৰাৰ নিদাৰুণ দৃশ্য, নদীৰ পাৰত ক’ভিডত নিহতৰ মৃতদেহ পুতি ৰখাৰ ফটোৰে শেহতীয়াকৈ ব্যাপক চৰ্চা লাভ কৰিছিল।