জোৰদাৰ গতিত প্ৰস্তুতি চলিছে টকিঅ’ অলিম্পিকৰ । বিশ্বৰ ২০৬ খন দেশৰ খেলুৱৈয়ে এইবাৰ ভাগ ল’ব টকিঅ‘ অলিম্পিকত । অলিম্পিকৰ বাবে সাজু হৈছে এই দেশসমূহৰ খেলুৱৈসকল। আনহাতে স্বাস্থ্যজনিত কাৰণত অলিম্পিকৰ পৰা নাম প্ৰত্যাহাৰ কৰিছে বিশ্বৰ বহু কেইগৰাকী আগশাৰীৰ খেলুৱৈয়ে । তথাপিতো কৰ’না ভাইৰাছৰ সংক্ৰমণৰ মাজতে টকিঅ’ত আয়োজন কৰিবলৈ লোৱা হৈছে এই বহু আকাংশিত অলিম্পিক ।
উল্লেখযোগ্য যে কৰ‘না সংক্ৰমণৰ বাবেই টকিঅ’ত ইতিমধ্যে জৰুৰী অৱস্থাৰ ঘোষণা কৰা হৈছে । ক’ভিডৰ বাবে ল’বলগীয়া সাৱধানতাসমূহ মানি এই অলিম্পিক আয়োজন কৰিবলৈ লোৱা হৈছে যদিও কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ক্ষেত্ৰত জাপানৰ জনসাধাৰণ চিন্তামুক্ত হ’ব পৰা নাই । কাৰণ জাপানৰ অধিকাংশ জনসাধাৰণে শংকা প্ৰকাশ কৰিছে যে, খেলপথাৰত দৰ্শক প্ৰৱেশৰ অনুমতি নিদিলেও অলিম্পিকে কৰ’নাৰ সংক্ৰমণ বৃদ্ধি কৰিব পাৰে ।
ক’ভিডৰ বাবে ল’বলগীয়া সাৱধানতাৰ বাবেই এইবাৰ টকিঅ’ অলিম্পিকত কিছুমান বিশেষ নিয়ম বান্ধি দিয়া হৈছে । আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিৰ সভাপতি থমাছ বাকে প্ৰকাশ কৰিছে যে এইবাৰ অলিম্পিকত বিজয়ী খেলুৱৈসকলে নিজেই ডিঙিত পিন্ধিব লাগিব পদক ।
সাধাৰণতে বিজয়ী খেলুৱৈসকলক পদক প্ৰদান কৰিবলৈ অহা প্ৰতিনিধিৰ সৈতে কৰমৰ্দন কৰা আৰু প্ৰতিনিধিয়ে তেঁওলোকৰ ডিঙিত পদক পিন্ধাই দিয়া দেখা পোৱা যায় । কিন্তু এইবাৰ পূৰ্বৰ অলিম্পিকৰ তুলনাত কিছু পৃথক হ’ব টকিঅ’ অলিম্পিকৰ পদক প্ৰদান অনুষ্ঠান ।
মঞ্চত খেলুৱৈৰ সন্মুখত তিনিটা পদক ৰখা হ’ব আৰু দৰ্শকবিহীন গেলাৰীৰ সন্মুখত নিজেই নিজৰ ডিঙিত পদক পিন্ধি ল‘ব লাগিব বিজয়ী খেলুৱৈসকলে । পদক দিওঁতা আৰু এথলীট দুয়োজনেই মাস্ক পিন্ধিব লাগিব । কোনো খেলুৱৈয়ে এজনে আনজনক সাৱটিব নোৱাৰিব আৰু কোনো কৰমৰ্দন নথাকিব অলিম্পিকৰ এই পদক প্ৰদান অনুষ্ঠানত । উল্লেখ্য যে ট্ৰেত পদক লৈ যোৱা লোকজনে গ্লোভছ পিন্ধি থাকিব লাগিব ।
ক’ভিড সংক্ৰমণৰ ভয়াৱহতাৰ মাজতেই আয়োজন কৰিবলৈ লোৱা অলিম্পিকত এইদৰে বিশেষ সতৰ্কতা অৱলম্বন কৰা হৈছে ।